২৪ ঘণ্টাত গাজাত দুই শতাধিক মৃত্যু

অব্যাহত আছে ইজৰাইলৰ ধাৰাবাহিক আক্রমণ

যোৱা দুটা মাহ ধৰি অব্যাহত থকা যুদ্ধৰ মাজতেই ইজৰাইলী সেনাই গাজাস্থিত হামাছৰ ঠিকনাত নেৰানেপেৰা আক্ৰমণ অব্যাহত ৰাখিছে।

ফলত গাজাৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে। যোৱা ২৪ ঘণ্টাত গাজাত প্রায় দুই শতাধিক লোকৰ মৃত্যু হৈছে।

গাজাপট্টিৰ খান ইউ নিছত ইজৰাইলী টেংকেৰে গোলাবর্ষণ আৰু আকাশী মাৰ্গেৰেও আক্ৰমণ চলাই আছে।

ফলত খান ইউনিছত যুদ্ধৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইজৰাইলী সেনাই মধ্য গাজাপট্টিৰ নুছিৰত শিবিৰতো আকাশ মাৰ্গেৰে আক্ৰমণ অব্যাহত ৰাখিছে।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইজৰাইলী সেনাৰ আক্ৰমণত যোৱা ২৪ ঘণ্টাত ১৮৭জন পেলেষ্টাইনীৰ মৃত্যু ঘটিছে।

যাৰ ফলত ইজৰাইলৰ আক্ৰমণত গাজাত মৃত্যু হোৱা লোকৰ সংখ্যা ২১,৫০৭জনলৈ বৃদ্ধি পাইছে। যি গাজাৰ মুঠ জনসংখ্যাৰ এক শতাংশ।

More Article

0Shares

Leave a Comment

Exit mobile version