৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অংক মিলা নাই, মুখৰক্ষাৰ বাবে সর্বানন্দসহ সমিতি গঠন

তিনি ৰাজ্য ক্ৰমে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত বিজেপি দলে একক সংখ্যা গৰিষ্ঠতা লাভৰ পাছতো আজিপর্যন্ত ঘোষণা কৰিব পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম।

এই তিনি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আজি পাঁচ দিনে হ’ল যদিও বিজেপি হাইকমাণ্ড এই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীক লৈ চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে।

নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মাজত ঘণ্টাৰ পাছত ঘণ্টা ধৰি একাধিক বাৰ মাৰাথান বৈঠক অনুষ্ঠিত হোৱাৰ পাছতো এই সন্দৰ্ভত কোনো সামাধান সূত্র নলোৱাত দলে তিনিখন ৰাজ্যৰ বাবে তিনিখন কমিটী গঠন কৰি দিয়ে।

বৃহস্পতিবাৰে অনুষ্ঠিত দলৰ সংসদীয় ব’ৰ্ডৰ বৈঠকত এই কমিটী গঠনৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ৰাজস্থানত বিজেপিৰ বিধায়নী দলৰ নেতা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ’বলগীয়া বৈঠকত পর্যবেক্ষক হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডে আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱাৰ।

ঠিক তেনেদৰে মধ্য প্ৰদেশৰ বাবে গঠিত কমিটীৰ নেতৃত্বত থাকিব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ। এই কমিটীত সদস্য হিচাপে থাকিব দলৰ অবিচি মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঃ কে লক্ষ্মণ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আশা লাকা।

ছত্তীশগড়ৰ বাবে গঠিত কমিটীত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা বৰ্তমানৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ, ঘাইপথ আৰু আয়ুস মন্ত্রী সর্বানন্দ সোণোৱাল। ছত্তীশগড়ৰ বাবে গঠন কৰি দিয়া কমিটীৰ মুৰব্বী হ’ব কেন্দ্রীয় জনজাতি মন্ত্রী অর্জুন মুণ্ডা।

কমিটীত সদস্য হিচাপে সৰ্বানন্দ সোণোৱালৰ উপৰিও দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্মন্ত কুমাৰ গৌতম থাকিব। উল্লেখ্য যে তিনি ৰাজ্যৰ বাবে যি পৰ্যবেক্ষক নিয়োগ কৰা হৈছে তেওঁলোকে নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত বহিব।

বিধায়কসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিব পৰ্যবেক্ষকসকলে। মধ্য প্রদেশত বৰ্তমানৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰী হিচাপে পুনৰ নির্বাচিত হোৱাৰ সম্ভাৱনা আছে। চৌহানৰ সমান্তৰালভাৱে কেন্দ্রীয় মন্ত্রী প্রহ্লাদ পেটেল আৰু নবেন্দ্ৰ সিং টোমৰৰ নামো চৰ্চালৈ আহিছে।

মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে। ছত্তীশগড়ত প্রাক্তন মুখ্যমন্ত্ৰী ৰমন সিং, প্রদেশ বিজেপিৰ সভাপতি অরুণ কুমাৰ সাউ বিৰোধী দলপতি ধৰ্মলাল কৌশিক আৰু প্ৰাক্তন আই এ এছ বিষয়া ওপি চৌধুৰী মুখ্যমন্ত্ৰীত্বৰ দৌৰত আছে। আনহাতে ৰাজস্থানত আগবাঢ়ি আছে বসুন্ধৰা ৰাজে সিন্ধিয়া।

নতুন দিল্লীত বিজেপিৰ সভাপতি জে পি নাজ্জাক তেখেতে সাক্ষ্যাত কৰাৰ পাছতে ৰাজস্থানৰ ৰাজনৈতিক প্রেক্ষাপট সলনি হ’বলৈ আৰম্ভ কৰে।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে সাংসদ দীয়া কুমাৰী, সাংসদ বালকনাথ যোগী, ৰাজ্যবর্ধন সিং ৰাখোৰ তথা তিনি কেন্দ্রীয় মন্ত্রী ক্রমে গজেন্দ্র সিং শেখাৱত, অশ্বিনী বৈষ্ণৱ আৰু অৰ্জুন ৰাম মেঘৱাল। লোকসভাৰ অধ্যক্ষ ওম বিড়লাও এই দৌৰত আছে। এই নিমিলা অংক মিলোৱাৰ লক্ষ্যৰে বিজেপিয়ে গঠন কৰি দিয়ে তিনিখনকৈ সমিতি। ই যেন দলটোৰ মুখৰ ৰক্ষাৰ অন্য এক কৌশল।

0Shares

Leave a Comment

Exit mobile version