৩১ ডিচেম্বৰ ২০২৩ | অসমীয়া কবিতা

হৰেকৃষ্ণ ডেকা

সমুখত বাট।
এটা আলি-দোমোজাত ৰৈছোঁ।
সোঁফালে বাট, বাঁওফালে বাট।
মোৰ কোনফালে ?
চিঞৰ শুনিছোঁ—
এইফালে, এইফালে।
চিঞৰবোৰত খেলি-মেলি কোলাহল।
মই কোনোফালে নাযাওঁ।
সমুখৰ ফালে দূৰত এটা চাকিৰ পোহৰ—
ঢিমিক-ঢামাক।
যি চাকিৰ পোহৰ কোলাহলত নুমুৱা নাই,
সেই পোহৰেই মোৰ পোহৰ ।
কিন্তু কোলাহলবোৰ বাঢ়ি আহিছে।
বাটে বাটে কোলাহলৰো কি প্রতিযোগিতা!

এটা পোন বাটেৰে নিঃশব্দে খোজ ল’লোঁ।
চাকিৰ পোহৰ এতিয়াও দেখি আছোঁ।

More Poem

0Shares

Leave a Comment

Exit mobile version