বিশ্বত এবছৰত জনসংখ্যা বৃদ্ধি ৭.৫ কোটি

জনসংখ্যা বৃদ্ধিৰ বাবে বিশ্বৰ বিভিন্ন দেশে চিন্তিত হৈ থকাৰ পিছতো ইয়াক প্ৰতিৰোধৰ বাবে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

তথ্য অনুসৰি ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন অতিক্ৰম কৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকপিয়ল ব্যুৰোৱে বৃহস্পতিবাৰে ইয়াৰ প্ৰতিবেদনত এইটো দাবী কৰে।

সংস্থাটোৰ মতে যোৱা ১ বছৰত বিশ্বৰ জনসংখ্যা প্রায় ৭.৫ কোটি বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি বিশ্বত প্ৰতি ছেকেণ্ডত ৪.৩ জন লোকৰ জন্ম হয়, আনহাতে ১ ছেকেণ্ডত ২জন লোকৰ মৃত্যু হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকপিয়ল ব্যুৰো অনুসৰি ২০২৪ৰ ১ জানুৱাৰীত বিশ্বৰ মুঠ জনসংখ্যা হ’ব ৮.০২ বিলিয়ন।

উল্লেখ্য যে ২০২৩১ জানুৱাৰীত এয়া আছিল ৭.৯৪ বিলিয়ন।

More Article

0Shares

Leave a Comment

Exit mobile version