অবাটে | অসমীয়া কবিতা 2024

জয়ন্ত দাস

জীৱন বাটৰ
ভুল নির্দেশনা এটাৰে গৈ গৈ
প্ৰৱেশ কৰিলোঁ এখন অটব্য অৰণ্যত

লোলুপ দৃষ্টিৰে
মোৰ চাৰিওফালে থিয় দি আছে
হিংস্র জন্তুবোৰ

চকুৰে মণিব পৰালৈকে কেৱল
অসংখ্য কীট-পতংগ
জোক, বিছা, মকৰা ইত্যাদি

বুকুখন এবাৰ চুই চায়
জীৱনটো কোনোমতে হাতৰ মুঠিত লৈ
দুচকু মুদি দিলোঁ মুহূৰ্তৰ কাৰণে

লাহে লাহে মই অন্ধ হৈ পৰিলো

এচমকা পোহৰ বিচাৰি যোৱা চৰাইজাক
উভতি আহিল নে নাই
মই গম নাপালোঁ।

0Shares

Leave a Comment

Exit mobile version