আমৃত্যু | অসমীয়া কবিতা 2024

ইপুল হুছেইন

বহুতেই এই ব্যস্ততাৰ মহানগৰীত
জীৱন-অনুবাদৰ প্ৰতিষ্ঠাৰ বাবে যুধ্যমান
খেয়ালী শব্দৰ শিকলি বগাই লেখি যোৱা
পোহৰ কল্পৰাতিৰ উদযাপন মাথোঁ
প্ৰেৰণাৰ নৈখন নিৰৱধি বাবেই
সাধনাৰ দিৱস জীৱন্ত
অসময়ৰ ধোঁৱা খুবেই বিভীষিকাময়
কুৰুকি সোমাই কলিজা খায়
আত্মসন্মান, চৰিত্ৰৰ নিৰ্মাণ,
এই কথাবোৰেই মানুহক বান্ধে
গধুৰ হয় সাম্যবাদৰ বোজা
তথাপিতো বহু মানুহে বহু কথা নুবুজাকৈও
সুখী হৈছে
বহু মানুহে এনেয়ে হাঁহিছে
কাৰণ সময় বাটৰ বিন্দু অগণন
সহযাত্রী জীবন।

0Shares

Leave a Comment

Exit mobile version