অভিশপ্ত Assamese poem 2024

নিজৰা বৰ্মন ডেকা

এক অজান আশংকাত
চিঞৰি উঠিছিল তাইৰ সৰ্বশৰীৰ।
অনাকাংক্ষিত সেই অভিশপ্ত দিনটো
আকাশীলতাৰ দৰে মেৰিয়াই ধৰিছিল সৰ্বসত্তা ।
পুখুৰীৰ পানীৰ দৰেই আবদ্ধ
তাইৰ জীৱনশৈলী
কলিজাত আছে হেজাৰ দুখৰ
মেটমৰা ভাৰ এখনি।
কংক্ৰিটৰ ভাৱনাৰ পাৰ ভাঙি
প্রবাহিত হ’ব বিচাৰে তাই
বোৱতী নদীৰ বিশাল বুকুলৈ।
পিছে নিষ্পেষিত সমাজৰ
সংকীর্ণতাৰ দুৱাৰদলিত
তাই এজনী অভিশপ্ত পতিতা নাৰী ।
শালীনতাক ভৰিৰে মোহাৰি
এতিয়া যে ৰাতিৰ আলহীৰ দুবাহুত
সহবাস কৰিবলৈ শিকিছে তাই।
অশ্লীলতাৰ হাহাকাৰত আজি
পথভ্রষ্ট পথিকৰ দৰে
অবাটে যাবলৈ তাইক বাধ্য কৰিছে ।
জলবিহীন শ্বাসৰুদ্ধ মরুদ্যানত
সাগৰ ফেনাৰ দৰে
কাইটীয়া জীৱনেই হ’ল-সাৰথি।
আজিৰ সভ্যতাই চিঞৰি থকা
নাৰী তুমি অর্ধ আকাশ কথাযাবি
মাথোঁ এক ফুলজাৰি ।
সংকীৰ্ণ হৃদয়ৰ মানুহৰ
অন্ধবিশ্বাসৰ নৰ্দমাত পৰি
লুতুৰি পুতুৰি হৈ থকা এক
প্রাণহীন অভিশপ্ত প্ৰহৰী
যাৰ অন্ধকূপেই হ’ল সহবাসৰ লগৰী।

0Shares

Leave a Comment

Exit mobile version