অমিতা খালেও পাব অনেক উপকাৰ

অমিতাত আছে বহু ঔষধি উপাদান। নিয়ামীয়াকৈ পকা অমিতা খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

হজমশক্তি বৃদ্ধি :

অমিতাত থকা ঔষধি গুণে হজম শক্তি বৃদ্ধি কৰে। কৌষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হ’লে পকা অমিতা পুৱাতেই খালে এনে সমস্যা সহজেই দূৰ হয়।

হৃদযন্ত্ৰৰ বাবে উপকাৰী :

অমিতাত প্ৰচুৰ পৰিমাণে বিটা- কেটিন, লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন- ই পোৱা যায়। যাৰ বাবে অমিতা খালে ডায়েবেটিক, হৃদযন্ত্ৰৰ অসুখত সুফল পাব। টাইপ ১ আৰু টাইপ-২ দুয়োধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী। ক’লেষ্টৰল নিয়ন্ত্রণ অমিতাত থকা উপাদানে ক’লেষ্টৰল নিয়ন্ত্ৰণ কৰে।

ৰক্তচাপ :

অমিতা নিয়মীয়া কৈ খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

দৃষ্টিশক্তি :

অমিতাত থকা এন্টিঅক্সিডেন্ট ভিটামিনে দৃষ্টিশক্তি সুৰক্ষিত কৰে।

ওজন নিয়ন্ত্রণ :

পকা অমিতা খালে ওজন নিয়ন্ত্রণত থাকে।

সংক্রমণ রোধ :

বিভিন্নধৰণৰ সংক্ৰমণ ৰোধত অমিতা উপকাৰী। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি অমিতাই শৰীৰত হ’ব পৰা বিভিন্ন সংক্রমণক বাধা দিয়ে। কৰ্কট ৰোগ প্ৰতিৰোধক হিচাপেও অমিতাই কাম কৰে।

চুলিৰ বাবে উপকাৰী :

পকা অমিতা খালে চুলিৰ বাবেও যথেষ্ট ভাল। চুলি সৰা দৰে সমস্যাৰ ক্ষেত্ৰত ই অতি উত্তম। তদুপৰি চুলিৰ সৌন্দর্য বৃদ্ধিত ই সহায় কৰে।

দাঁতৰ বিষত উপশম :

অমিতা খালে দাঁতৰ বিষত সুফল পাব পাৰি।

ডেংগুৰ চিকিৎসা :

অমিতা পাতৰ ৰস খালে ডেংগুত সুফল পাব পাৰি।

কুমিৰোগ :

অমিতা হ’ল এক মহৌষধ। কেঁচা অথবা পুকা অমিতা খালে পেলু-কৃমি আদিত সুফল পাব। কেতিয়াবা কিছু ক্ষেত্ৰত অমিতা খোৱাৰ ক্ষেত্ৰত সতর্ক হ’ব লাগে। বিশেষকৈ গৰ্ভাৱস্থাত অমিতা খালে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ কাষ চাপিব লাগে।

0Shares

Leave a Comment

Exit mobile version