অন্ন সেৱা দিন এতিয়া প্ৰতিমাহে ১ ৰ পৰা ১০ তাৰিখলৈ ডিচেম্বৰত আৰম্ভণি

অন্ন সেৱা দিন

অসম চৰকাৰ

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ

খাদ্য সুৰক্ষা সুনিশ্চিতকৰণেৱে চৰকাৰৰ অভিনব জনমুখী প্ৰয়াস

এই বিশেষ দিনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত “প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা” ৰ হিতাধিকাৰীসকললৈ ৩৫ কিঃগ্রাঃ চাউল অন্ত্যোদয়া অন্ন যোজনা(AAY)ৰ প্ৰতিমাহে, প্ৰতি পৰিয়াললৈ আৰু ৫ কিঃগ্রাঃ চাউল অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল(PHH)ৰ প্রতিমাহে, প্ৰতিগৰাকী হিতাধিকাৰীলৈ প্ৰদান কৰা হ’ব।

গ্ৰাহকলৈ আমাৰ আহ্বান

  • এই বিশেষ দিনত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰক।
  • লাভ কৰা চাউলৰ বিপৰীতে e-POS মেচিন সৃষ্ট ৰচিদ সংগ্ৰহ কৰক।

সুলভ মূল্যৰ দোকানৰ কৰণীয়

  • অন্ন সেৱা দিন সম্পর্কে ব্যাপক প্রচাৰেৰে হিতাধিকাৰীসকলক বাধ্যতামূলক অৱগত কৰোৱা।
  • অন্ন সেৱা দিনৰ প্ৰতিটো দিনত দিনজোৰাকৈ দোকান খোলা ৰখা।
  • হিতাধিকাৰীসকলৰ প্ৰাপ্য চাউল ‘অন্ন সেৱা দিন’ত সম্পূর্ণ বিতৰণ সুনিশ্চিত কৰা।
  • হিতাধিকাৰীয়ে লাভ কৰা চাউলৰ বিপৰীতে e-Pos মেচিনৰ ৰচিদ (Receipt) প্ৰদান কৰা।

এই “অন্ন সেৱা দিন” ত আপোনাৰ প্ৰাপ্য বিনামূলীয়া চাউল সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰক। কোনো হিতাধিকাৰীয়ে সঠিক পৰিমাণৰ চাউল নাপালে ১৮০০-৩৪৫-৩৬১১ ১৯৬৭ টোল ফ্রী নম্বৰত পুৱা ৯:০০ বজাৰ পৰা সন্ধিয়া ৬:০০ বজালৈ যোগাযোগ কৰিব পাৰিব।

0Shares

Leave a Comment

Exit mobile version