অৰুণিমা সিন্হা lesson 10 class 10 assamese Online textbook
জয়শ্রী গােস্বামী মহন্ত
এখন চলন্ত ৰেলগাড়ী…
‘দে বুলি কৈছোঁ নহয়, দিদে এতিয়াই।– ডকাইতৰ দলটোৰ এজনে হুটা মাতেৰে প্রচণ্ড শব্দ কৰি ধমকি দিলে।
চলন্ত ৰেলগাড়ীখনৰ বাটোত বহুতাে মানুহ। আটাইৰে মুখবােৰ শুকাই টেমি যেন হৈছে। কোনেও কাকো সহায় কৰিবলৈ মনােবল গােটাব পৰা নাই।
বৰং ডকাইতবােৰে বিচৰা মতে হাতৰ, কাণৰ আৰু ডিঙিৰ অলঙ্কাৰবােৰৰ লগতে যাৰ হাতত যি টকা-পইচা আছিল প্রাণৰ মায়াত নীৰৱে, বিনাপ্রতিবাদে ডকাইতবােৰৰ হাতত তুলি দিছে।
একমাত্র ব্যতিক্রম চাব্বিছ বছৰ বয়সৰ গাভৰু অৰুণিমা সিনহা। লক্ষ্মৌৰ পৰা দিল্লী অভিমুখে আহি আছিল ৰেলগাড়ীখন।
ৰেল পুলিচ বা গার্ড কাৰাে খবৰ নাছিল যে চলন্ত ৰেলগাড়ীত নির্বিবাদে ডকাইতি লুণ্ঠন চলাই গৈছে এদল দুষ্কৃতিকাৰীয়ে। খঙত টিঙিৰি তুলা হৈ এইবাৰ ডকাইতবােৰৰ মাজৰ পৰা এজন আহি অৰুণিমাৰ সন্মুখত থিয় হ”ল।
‘দে বুলিছো নহয় এতিয়াই ভালে ভালে দি দে চেইনডাল। নহ’লে … তাৰ পৰিণাম মুঠেও ভাল নহ’ব।
অৰুণিমা নিৰুদ্বেগ। অৰুণিমা অসংকুচিত। অরুণিমাৰ দুচকুত সাহস।
‘মই দিব নােৱাৰোঁ। মােৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মােক মৰমেৰে দিয়া আশীর্বাদ।
ইয়াত মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল মই কোনােমতে তােমালােকক দিব নােৱাৰোঁ।
অৰুণিমা সিনহা ভাল ভলীবল খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্যে সুনাম আর্জি থৈছে।
উত্তৰ প্ৰদেশত ঘৰ তেওঁৰ। ২০১১ চনৰ ঘটনা এয়া। ৰেলগাড়ীখন চলি আছিল।
ডকাইতৰ দলটোৰ লুটপাতাে চলি আছিল অবিবাম। সিহঁতে বাৰে বাৰে সােণৰ চেইনডাল বিচাৰি অৰুণিমাক ধমদি দি আছিল।
অৰুণিমা কিন্তু কোনাে ধমকিৰ ওচৰত সেও মনা বিধৰ ছােৱালী নাছিল। ৰে’ল গাড়ীখনৰ একেটা ডবাত থকা আন বহুতে চকুৰে অৰুণিমাক চেইনডাল দি দিবলৈ ইঙ্গিত দিছিল যদিও তেওঁ অন্যায়ৰ ওচৰত শিব নত কৰিবলৈ বিচৰা নাছিল।
বাৰে বাৰে তেওঁ একেষাৰ কথাকে কৈ আছিল– এয়া মােৰ মায়ে দিয়া আশীর্বাদ, এয়া কেৱল এডাল চেইন নহয়।
‘নিদিয় তেন্তে? আমাৰ অবাধ্য হােৱাৰ পৰিণাম কি জাননে নাজান তই?’– কোনােবা এজনে গজি উঠি ক’লে।
মুহূর্ততে দুজন ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো টলকিব পৰাৰ আগতেই অৰুণিমাক ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে।
সেই সময়তে ওচৰেৰে আন এখন ৰেলগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ’ল।
অৰুণিমাই প্রাণপণে চিঞৰিলে যদিও ৰে’লৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ’ল। প্রায় সাত ঘণ্টা সময় তেওঁ ৰে’লআলিৰ কাষত পৰি ৰ’ল আৰু সেই সময়ত কাষেদি উনচল্লিশখন ৰেলগাড়ী পাৰ হৈ গ’ল।
নিশাৰ আন্ধাৰত কোনেও অৰুণিমাক নেদেখিলে বা কোনােবাই দেখিলেও ভয়তে আগবাঢ়ি নাহিল। ৰাতিপুৱালত সকলােৱে দেখিলে লক্ষ্মৌ-দিল্লীগামী ৰে’লপথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত এজনী ছােৱালী পৰি আছে।
প্রথমতে বৰেলী হস্পিতালত, তাৰ পিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইন্সটিটিউট অব মেডিকেল চায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল।
কোনাে কোনােৱে ক’লে টিকট নােহােৱাকৈ ভ্রমণ কৰা অৰুণিমাই কণ্ডাক্টৰে টিকট বিচৰাত ৰেলগাড়ীৰ পৰা জাঁপ মাৰি দিছিল, কোনােৱে আকৌ আন কিবা কাৰণত অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰে’লআলিলৈ গৈছিল বুলি ক’লে।
কথাষাৰ অৰুণিমাৰাে কাণত পৰিছিল, এইবােৰে তেওঁৰ মনত দুখ দিয়াৰ উপৰিও সকলাে কথাকে প্রত্যাহ্বান হিচাপে লৈ নতুনকৈ জীৱনটোক গঢ় দিবলৈ সংকল্পবদ্ধ কৰি তুলিছিল।
সেই ঘটনাটোত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ’ল আৰু আনখন ভৰিত লােৰ বড় সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা কৰা হ’ল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্রিম ভৰি সংযােজন কৰা হ’ল।
হস্পিতালৰ বিছনাত শুই থাকোতে তেওঁৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপােন তীব্র হ’বলৈ ধৰিলে। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁ ভৰিৰ বিষ আৰু বিকলাঙ্গতাৰ কথা পাহৰি গ’ল।
বৰং ক’ত কেনেকৈ এই বিষয়ৰ প্রশিক্ষণ ল’লে কৃতকাৰ্য্য হ’ব পাৰিব, সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে।
এনেতে তেওঁ গম পালে- এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পথ দেখুৱাই পৰামর্শ দিব পাৰিব। চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰপৰা ওলাই ঘৰলৈ নগৈ পােনে পােনে বাচেন্দ্রি পালৰ ওচৰ পালেগৈ। তেওঁৰ দুচুকত তেতিয়া এভাৰেষ্ট বিজয়ৰ সপােন। পৃথিৱীৰ শীৰ্যতম স্থানত থিয় হােৱাৰ তীব্ৰ হেঁপাহ।
বাচেন্দ্রি পালে তেওঁৰ সকলাে কথা সহমর্মিতাৰে শুনিলে। ছােৱালীজনীৰ দুচকুৰ সপােন, প্রত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ ভাবে তেওঁৰ মনতাে বিশ্বাস জগালে যে সঠিক প্রশিক্ষণ আৰু সাহস পালে এইগৰাকী ছােৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ’ব পাৰিব।
তেওঁৰ আকাংক্ষা দেখি বহুজনে তেওঁক পৰামর্শ দিছিল- বােলে তােমাৰ এখন কৃত্রিম ভৰি, আনখন থাকিও নথকাৰ দৰে।
পর্বতাৰােহণৰ যিবিলাক অতি কঠিন কৌশল, আৰু পৰিশ্ৰম তাত এনেকুৱা অৱস্থাৰে সাফল্য লাভ কৰা তােমাৰ বাবে সম্ভৱ নহ’বগৈ। তাতােকৈ সাধাৰণভাৱে জীৱনটো পাৰ কৰা, এনেবিলাক কামলৈ আগবাঢ়ি জীৱনটো বিপদাপন্ন কৰিব নালাগে।
পিছে যাৰ দুচকুত এভাৰেষ্ট বিজয়ৰ সপােন আৰু অন্তৰত প্রচণ্ড সাহ আৰু আত্মবিশ্বাস তেওঁক জানাে এনেবােৰ কথাই লক্ষ্যৰপৰা বিচ্যুত কৰিব পাৰে! লক্ষ্য স্থিৰ হৈ থাকি দিনে দিনে অৰুণিমা আগবাঢ়ি গ’ল। আগতে লগােৱা কৃত্রিম ভৰিখন পর্বতাৰােহণৰ বাবে উপযােগী নাছিল।
নতুন ভৰি লগাবলৈও প্রায় ষাঠি-সত্তৰ হেজাৰ টকাৰ আৱশ্যক। বহু চেষ্টাৰ মূৰত সেইখিনিও যােগাৰ হ’ল।
কেবাগৰাকীয়াে সহৃদয় ব্যক্তিয়ে সহায় কৰিলে। সঁচাকৈয়ে এদিন দেখা ‘গ’ল- এখন কৃত্রিম ভৰি আৰু আনখন লােৰ ৰড়ৰ সহায়ত চলাফিৰা কৰা ভৰিৰ গাভৰু গৰাকীয়ে মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপােন লৈ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যােগ দিলেগৈ।
টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলােৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল।
শাৰীৰিক, মানসিক দুয়াে দিশতে দৃঢ়তা আৰু অধ্যৱসায় একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুওৱাৰ দুর্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্রতিজ্ঞা সফল কৰিবলৈ উঠি-পৰি লাগিছিল তেওঁ।
প্রায় এবছৰ কাল একে লেথাৰিয়ে উৎসাহ-উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমর্পণ কৰিছিল তেওঁ।
কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খােজ দিওঁতে দুই মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া তিনিঘণ্টাও লাগিছিল। তথাপিও আশা এৰি দিয়া নাছিল অৰুণিমাই।
তেওঁক পর্বতাৰােহণ অভিযানত সহায় কৰা শ্বেৰপাজনেও আনকি তেওঁৰ তেজেৰে তুমবলি হােৱা ভৰিৰ অৱস্থা দেখি কেবাবাৰাে প্রাণ বচাবলৈকে তেওঁক উভতি যােৱাৰ পৰামর্শ দিছিল।
অৰুণিমাই হ’লে কোনাে বাধা-বিপত্তিৰ ওচৰত সেও মানিবলৈ শিকা নাছিল।
অৱশেষত লাড়াখত থকা মাউন্ট চামছে কাংৰিৰ ২১, ১০৮ ফুট উচ্চতালৈ আবােহণ কৰিবলৈ সক্ষম হ’ল তেওঁ। পিছে চামছে কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্রতিকূল।
এনে প্রতিকূল বতৰত অভিযান চলােৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্র ৬৯০ ফুট অতিক্রম কৰিবলৈ বাকী থাকোতে তেওঁলােকে অভিযান সামৰি তললৈ।
নামি আহিবলগীয়া হ’ল। পিছে সেই অসম্পূর্ণতাই তেওঁৰ মনৰ পূৰ্বৰ সংকল্প অধিক দৃঢ়হে কৰিলে।
তেওঁৰ মনত মাউন্ট এভাৰেষ্ট জয়ৰ আকাংক্ষা তীব্ৰতৰ হ’ল। এই সময়ছােৱাত তেওঁৰ মনােবল বঢ়াই লক্ষ্যত উপনীত হােৱাৰ বাবে আগবাঢ়ি যােৱাত প্রখ্যাত ক্রিকেটাৰ যুৱৰাজ সিঙেও অনুপ্রাণিত কৰিছিল।
কৰ্কট ৰােগত আক্রান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰােগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হােৱাটো অৰুণিমাই দেখিবলৈ পাইছিল।
যুৱৰাজে দেখুৱাই দিছিল— মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনাে প্রতিৰােধৰ সৃষ্টি কৰিব নােৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটততা ই হেঙাৰ হ’ব নােৱাৰে।
সেই কষ্টকৰ সময়ছােৱাত তেওঁক মনােবল অটুট ৰাখি আগবাঢ়ি যােৱাত সহায় কৰিছিল তেওঁৰ ভ্রাতৃ আৰু বাচেন্দ্রি পালেও।
মাউন্ট চামছেৰ কাংৰিৰ শিখৰত উপস্থিত হ’ব নােৱৰাৰ বেদনাই অৰুণিমাৰ মনােবল কমাই পেলাব নােৱাৰিলে।
বৰং তেনে অৱস্থাৰে ২১,১০৮ ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউন্ট এভাৰেষ্টলৈ যাব পৰাটো যে সম্ভৱপৰ সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলে।
এইবাৰ মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল অৰুণিমা। মাউন্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তােলাৰ, ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনােৱাৰ অভিপ্রায়েৰে তেওঁ দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু অক্সিজেন।
চাৰি নং কেম্প পাওঁতে দুয়ােখন ভৰিৰপৰা তেজ নিগৰি ভয়ঙ্কৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনাে প্রায় শেষ হওঁ হওঁ হৈছিলগৈ।
লগত যােবা শ্বেৰপাজনে অরুণিমাক বাৰে বাৰে যে যিকোনাে মুহূর্তত অক্সিজেন শেষ হৈ যাব। তেতিয়া আৰু মৃত্যুক সাৱটি লােৱাৰ বাহিৰে আন কোনাে উপায় নাথাকিব।
পিছে অৰুণিমাই কৈছিল, “ইমানখিনিলৈ আহি আৰু উভতি যােৱাৰ প্রশ্ন নুঠে। যি হয় দেখা যাব।
অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠ দুটাৰপৰা ৰুমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোতে বাটত বহুতাে অভিযাত্রীৰ মৃতদেহ দেখা পাইছিল তেওঁ। কিন্তু একোৱে তেওঁক নিরস্ত্র কৰিব পৰা নাছিল।
প্রচণ্ড পৰিশ্ৰম, অদম্য মনােবল আৰু কষ্টসহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰপৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা
প্রায় আঠ বজাত তেওঁ ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্টৰ শৃঙ্গত পদার্পণ কৰিবলৈ সক্ষম হ’ল। বহুতাে অভিযাত্রীৰে সেইখিনি পােৱালৈকে লগত নিয়া অক্সিজেন প্রায় শেষ হওঁ হওঁ হয়গৈ।
সেয়ে এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলােকে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয়। কাৰণ, অক্সিজেন শেষ হােৱাৰ আগতে ওপৰৰ নামি অহা বাটৰ প্ৰথমটো কেম্প পাবগৈ লাগিব।
অৰুণিমাৰাে অক্সিজেন শেষ হ’বলগীয়া হৈছিল। লগত যােৱা শ্বেৰপাজনক মাউন্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ ল’বলৈ অনুৰােধ কৰিছিল।
শ্বেৰপাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ’ব বুলি তেওঁক বুজাই ভাৰতৰ জাতীয় পতাকা সাৱটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল। প্রায় ডেৰ ঘণ্টাকাল তেওঁ এভাৰেষ্টত আছিল। তাৰিখটো আছিল ২১ মে, ২০১৩ চন।
এনে স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰে ২০১৫ চনত তেওঁক ‘পদ্মশ্রী সম্মানেৰে বিভূষিত কৰে। তেতিয়াৰ সন্মানীয় ৰাষ্ট্রপতি প্রণৱ মুখার্জী ডাঙৰীয়াৰ পৰা তেওঁ এই সন্মান লাভ কৰাৰ উপৰিও একেগৰাকী ৰাষ্ট্ৰপতিৰ পৰা ২০১৫ চনৰ ‘টেনজিং নৰগে সন্মান লাভ কৰে।
২০১৪ চনত তেওঁ ভূতপূর্ব ৰাষ্ট্রপতি ডঃ এ পি জে আব্দুল কালামৰ পৰা ‘এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মােচন কৰি তেওঁক ভূয়সী প্রশংসা কৰে।
ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত এইদৰে একোগৰাকী ব্যক্তিয়ে নিজ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।
তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ’বলৈ সাহস যােগায়।
এইক্ষেত্ৰত আমি একলব্যৰ কাহিনী মনত পেলাব পাৰে। তেওঁ নিজৰ সাধনা আৰু একাগ্ৰতাৰ বলত সিদ্ধি লাভ কৰিছিল। মনত পেলাব পাৰে। মহাভাৰতৰ তৃতীয় পাণ্ডৱ অৰ্জুনৰ একাগ্রতা আৰু ধৈৰ্যৰ বিষয়ে।
শব্দভেদী বাণ মাৰিবলৈ শিকিবলৈ তেওঁ গােটেই নিশা ঘিটমিটীয়া আন্ধাৰৰ মাজত গভীৰ অৰণ্যৰ ভিতৰলৈ গৈ তাত শব্দ অনুসৰণ কৰি কঁাড় মাৰিবলৈ অভ্যাস কৰি কৃতকার্য হৈছিল।
ষ্টিফেন হকিঙৰ দৰে বিশেষভাৱে সক্ষম বিজ্ঞানী গৰাকীয়ে সমগ্র বিশ্ববাসীৰ হৃদয় জয় কৰিছিল তেওঁৰ বিৰল প্ৰতিভাৰ জৰিয়তে।
অৰুণিমা সিনহাৰ দৰে লক্ষগৰাকী আমাৰ মাজত আছে। কেৱল তেওঁলােকৰ মাজত লুকাই থকা প্রতিভা বিকাশৰ ক্ষেত্ৰত সামান্য আশ্বাস, সহমর্মিতা আৰু সহায়ৰ প্রয়ােজন।
অৰুণিমাৰ নিজৰ ভাষাত, ‘মই মাত্ৰ এজনী অৰুণিমা নহয়, মােৰ দৰে হেজাৰ বিজাৰ অৰুণিমা আছে, আপােনালােকে সেইসকলক চিনাক্ত কৰি জীৱন বাটত আগবাঢ়ি যাবলৈ, লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা যােগালে সঁচা অৰ্থত দেশৰ কাম কৰা হ’ব।
লেখক-পৰিচয়
ড° জয়শ্রী গােস্বামী মহন্ত (১৯৬০) : ড° জয়শ্রী গােস্বামী মহন্ত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা ভূতপূর্ব সাংসদ।
গল্প, কবিতা, উপন্যাস, শিশু-সাহিত্য ৰচনা কৰাৰ উপৰি তেওঁ সমসাময়িক আর্থ-সামাজিক আৰু ৰাজনৈতিক দিশৰ মননশীল প্রবন্ধও ৰচনা কৰিছে।
বিশ্বসাহিত্যৰ বহু উল্লেখনীয় গ্রন্থৰ অনুবাদেৰে তেওঁ অসমীয়া অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছে। কটন কলেজৰ প্রাণীবিজ্ঞান বিভাগৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ অধ্যাপক হিচাপে কার্যনির্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ড° মহন্তৰ বিজ্ঞান বিষয়ক বহুতাে গৱেষণামূলক প্রবন্ধ দেশ-বিদেশৰ আগশাৰীৰ আলােচনীত প্রকাশ পাইছে।
ড° মহন্তই ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে ৰাজ্যসভাৰ সাংসদ আছিল। মহাকবি’, ‘গান্ধাৰী’, ‘চাণক্য’ আদি উপন্যাস, ‘অন্য এক ৰত্নাকৰ’, ‘উৱলি যােৱা চাদৰ আদি গল্প-সংকলন, ‘অসম আন্দোলন ঃ যুগমীয়া চিন্তাৰ প্রতিফলন’ শীর্ষক প্রবন্ধ-সংকলন, ‘চেমনীয়াৰ বিশ্ব সাহিত্য’, ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’ আদি শিশু-কিশােৰৰ উপযােগী গ্রন্থ ড° মহত্তৰ উল্লেখযােগ্য সৃষ্টি।
বর্তমানে এদিনৰ সংবাদ’ কাকতৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰি থকা মহন্তক ২০১৮ চনত ভাৰত চৰকাৰে পদ্মশ্রী উপাধিৰে সন্মানিত কৰে।
পাঠবােধ
জীৱনৰ সফলতা তথা উন্নতিৰ মূলমন্ত্র হ’ল প্রচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্রবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হােৱাৰ বাটত থকা অনেক প্রত্যাহ্বান হেলাৰঙে অতিক্রম কৰাত সহায় কৰে।
উত্তৰ প্ৰদেশৰ অৰুণিমা সিন্হা নামৰ চাব্বিশ বছৰীয়া যুৱতী এগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিন্হাই লক্ষ্মৌৰ পৰা দিল্লী অভিমুখী ৰে’লযাত্ৰাত দুবৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনলৈ হেৰুৱালগীয়া হৈছিল।
আনখন ভৰিতাে লােৰ ৰড় সুমুৱাই চলা-ফিৰা কৰিবলগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্রিম ভৰি লগাবলগীয়া হৈছিল।
অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্রতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপােন দেখিছিল।
ইতিমধ্যে এভাৰেষ্ট বিজয় কৰা বাচেন্দ্রি পালৰ পৰামর্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পর্বতাৰােহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে’ত এভাৰেষ্ট আরােহণ কৰি নিজৰ সপােন দিঠকত পৰিণত কৰিছিল।
যি সময়ত শাৰীৰিক প্রতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে, তেনে সময়তে নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুর্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই। অৰুণিমাৰ জীৱন কাহিনী নতুন প্রজন্মৰ বাবে প্ৰেৰণাৰ উৎসস্বরূপ।
শব্দার্থ আৰু টোকা
অদম্য : যাক দমন কৰিব নােৱাৰি।
অভিযাত্রী : দুর্গম পথেৰে যােৱা সাহসী লােক।
তুমবলি : তেজ আদি লাগি লুতুৰি-পুতুৰি হােৱা।
পদার্পণ : এঠাইত গৈ ভৰি দিয়া বা উপস্থিত হােৱা কাৰ্য।
প্রতিকূল : অসুবিধা সৃষ্টিকাৰী, বিৰুদ্ধ।
লণ্ঠন : লুট কৰা কাৰ্য, ডকাইতি।
বিপদাপন্ন : বিপদত পৰা।
বিচ্যুত : স্বলিত, যিটো এৰা পৰিছে।
প্রশ্নাৱলী
ভাব-বিষয়ক
১। চমুকৈ উত্তৰ লিখা
(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
(খ) অরুণিমা সিনহাৰ ঘৰ ক’ত ?
(গ) হস্পিতালত থাকোতে অরুণিমাৰ মনত কি সপােনে তীব্ৰ ৰূপ লৈছিল?
(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
২। অৰুণিমা সিনহাই ৰে’লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল ? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
৩। অৰুণিমাৰ সপােন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল?
৪। এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
৫। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট চামছে কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নােৱাৰিলে ?
৬। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বর্ণনা দিয়া।
৭। একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’—কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা।
৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?
৯। চমুটোকা লিখা ?
বাচেন্দ্রি পাল, টেনজিং নৰগে, ষ্টিফেন হকিং।
ভাষাবিষয়ক
১। সন্ধি ভাঙা
সংশয়, পর্বতাৰােহণ, উৎসাহ, হিমালয়, প্রত্যাহ্বান, বিপদাপন্ন।
২। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা :
অনুৰাগ, অনুভৱ, অভিনয়, প্রতিফল।