অসমৰ অংকুশিতা, ভাগ্যৱতী, ভূপালী, ইলোৰাৰ পদক জয়

ৰাষ্ট্ৰীয় মহিলা বক্সিং

অসম কন্যা অংকুশিতা বড়ো, ভাগ্যৱতী কছাৰী, ভূপালী হাজৰিকা আৰু ইলোৰা বৰগোহাঁয়ে এলিট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত পদক জয়ী কৃতিত্ব আৰ্জিছে।

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত আজি সামৰণি পৰা প্রতিযোগিতাখনত অংকুশিতাই ৰূপৰ পদক লাভ কৰে।

আনহাতে ভাগ্যৱতী, ভূপালী আৰু ইলোৰাই দখল কৰে এটাকৈ ব্ৰঞ্জৰ পদক। অসমৰ কেউগৰাকী বক্সাৰে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হৈছে।

0Shares

Leave a Comment

Exit mobile version