ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা মালয়েছিয়াৰ

জম্মু- কাশ্মীৰক লৈ প্ৰায়ে ভাৰতৰ নিসে মাত মাতি অহা আৰু পাকিস্তানন পঞ্চত দিয় দিয়া মালয়েছিয়াই এতিয়া ভাৰতৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ চেষ্টা কৰিছে।

২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত মালয়েছিয়ান প্রাক্তন প্রধানমন্ত্রী মাহাথিৰ মহম্মদে কৈছিল যে ভাৰতে জম্মু-কাশ্মীকে দখল কৰি ৰাখিছে।

চাৰি বছৰৰ পাছত তেওঁ অলপতে কাশ্মীৰক লৈ আপত্তিজনক মন্তব্য কৰে।

হামাছৰ আক্ৰমণৰ পাছত ইজৰাইলে গাজাত কৰা আক্ৰমণৰ ঘটনাটোৰ সৈতে তেওঁ কাশ্মীৰত সন্ত্রাসবাদীর বিরুদ্ধে চলোৱা অভিধানক তুলনা কৰিছিল।

তেওঁৰ মতে ইজৰাইলে যেনেদৰে পেলেষ্টাইনৰ ওপৰত অত্যাচাৰ কৰি আহিছে, তেনেদৰেই ভাৰতেও কাশ্মীৰৰ লোকৰ ওপৰত অত্যাচাৰ চলাই আহিছে। মহাধিবন এই মন্তব্যৰ বাবেই ভাৰত আৰু মালয়েছিয়াৰ মাজৰ সম্পৰ্ক আৰু অধিক বেয়া হয়।

ভাৰতে মালয়েছিয়াৰ পৰা পাম তেল আমদানি কৰি আহিছিল। কিন্তু সম্পর্ক বেয়া হোৱাত সেয়া ভাৰতে বন্ধ কৰি দিয়ে। এয়া মালয়েছিয়াৰ বাবে ডাঙৰ আঘাত হিচাপে পৰিগণিত হয়।

গতিকে মালয়েছিয়াই ভাৰতৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ চেষ্টা কৰিছে। ভাৰতৰ পৰা চেনী আৰু ম’হৰ মাংসৰ আমদানি বৃদ্ধি কৰিবলৈ মালয়েছিয়া চৰকাৰে চর্চা অব্যাহত ৰাখিছে।

আনকি ৫-৮ নৱেম্বৰত মালয়েছিয়াৰ বিদেশমন্ত্রীয়ে ভাৰত ভ্ৰমণ কৰে। ভাৰতৰ সৈতে সম্পৰ্ক বেয়া হোৱাৰ ফলত মালয়েছিয়াৰ ব্যৱসায়িক লোকচান হোৱা বাবেই এতিয়া দেশখনে ভাৰতৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ চেষ্টা চলাইছে।

0Shares

Leave a Comment

Exit mobile version