ভঁৰাল || assamese poem

ড° ধ্ৰুৱজ্যোতি হাজৰিকা

শালকাঠৰ দীঘলকৈ ঘূৰণীয়া ধাম
ধামৰ ওপৰত গোৱৰে লেচা গাধৰীৰ
বাঁহৰ ৰোৱা কামি মালিৰে আৱৰা
চাপৰিৰ খেৰেৰে চোৱা
চিকুণকৈ দেউতাৰ ভঁৰাল ।

আয়ে নিতৌ আগবঢ়ায়
আগলি কলপাতত মিঠাতেলৰ চাকি
লখিমী আইক যে বসতি।।
বাঁহৰ কাঠি কামিৰে
এশাৰী মেৰ দুমোৰে…
শাৰী শাৰী ডুলি গুটি ধানৰ
আইজুং, বৰা, চকোৱা আৰু জহাৰ।
পথাৰৰ সোণগুটিবোৰ
চোতালৰ মৰণা গৰকি
দেউতাৰ কাণ হৈ মেৰ আৰু ভুলিবোৰত সোমায়
পুনৰ চোতাল হৈ ঢেঁকীশালেৰে
আইৰ আখললৈ যায়
জীৱনবোৰ এনেকৈয়ে আগুৱায়।।

শৈশৱৰ মৰম আবদাৰ
যৌৱনৰ প্ৰেমৰ আপাহ
হেঁপাহৰ শাঁত পৰা হতাশা
জীৱনৰ অচিনাকী প্ৰেমৰ চিনাকী মুখ
হৃদয়েৰে বাগৰি
দেউতাই এৰি যোৱা ভঁৰালত সোমায়
সেই শাৰী শাৰী
ডুলি আৰু মেৰবোৰত
জীৱনৰ এটা এটা
মৰণাৰ শেহত।

0Shares

Leave a Comment

Exit mobile version