বিগত বৰ্ষৰ | অসমীয়া কবিতা

স্বপ্না দাস

পাৰ হৈ যোৱা বছৰটোৱে
ৰৈ ৰৈ ৰৈ
ভাঙি থৈ গ’ল
নৱবৰ্ষৰ ন-সূৰ্য

দেশ কালত এতিয়া সূর্যোদয়
গৰম হৈ বিয়পিল বতাহ
গছৰ পাতৰ চেতন জিলিকিল

সৰ্বত্ৰ ৰঙীণ
দাপোণৰ শৰীৰ

জগতত প্ৰতিফলিত হ’ব
মনত জিলিকি উঠিবলগীয়া
পোহৰৰ টৌ

More Poem

0Shares

Leave a Comment

Exit mobile version