সময়ৰ বুকুতে জীৱনৰ গান | অসমীয়া কবিতা 2024

প্ৰণীতা শ‍ইকীয়া বৰা অখণ্ড ধাৰাবাহিকতাৰ সুবাদেৰেসময়বোৰে সেতু বান্ধেনতুন আৰু পুৰণিৰজীৱন আৰু বুৰঞ্জীৰ ।জীৱনৰ গাত আউজি মেলা পাতে সময়েভিন্ন ৰং আৰু স্বাদেৰেবিষাদ আৰু আনন্দৰআন্ধাৰ আৰু পোহৰৰ ।সময়ে চুই যোৱা আলসুৱা অনুভৱেবাহৰ পাতে বুকুৰ চুকে কোণেকেতিয়াবা উদ্দীপনা হৈনহ’লেবা অৱসাদৰ চিতাভস্ম হৈ।জীৱনে ৰোপণ কৰা সোণালী সপোনেসময়ৰ বুকুতে সাজে কাচেসঁজাল ধৰা আহিনীয়া গোন্ধ এটাইবুকুত গীতৰেই মেলা পাতে ।অনুপম জীৱন … Read more

সময় চক্র | অসমীয়া কবিতা 2024

স্বপ্না সৰকাৰ সময়ৰ ঐক্যতান বজায় ত্ৰিপুৰাৰিৰুধিবও নোৱাৰি বধিবও নোৱাৰি।মুঠিৰ ফাঁকেৰে সৰকা সময়ৰ চতুৰালিএন্ধাৰৰ পিছত দিবই যে ফেঁহুজালি ।দিন-মাহ-তাৰিখ মাথো একোটা সংখ্যাগুৰুৱেহে বুজাব জীৱনৰ ব্যাখ্যা।আগমন-বিসর্জন জগত খেলাজানিও কৰিছোঁ কর্তব্যত হেলা ।তিলতিলকৈ গোটোৱা সকলো ৰ’ব পৰিযাবগৈ লাগিব যে মাতিলে মুৰাৰি ।হেন জানি কিয় ভুল কৰোঁ পদে পদে,কাইলৈ নহয়, আজিয়ে শুভাৰম্ভ হওক শুদ্ধপথে।নতুন বছৰত হওক সমস্ত ভুলৰ অৱসাননিজৰ … Read more

শৈশৱৰ চোতাল | অসমীয়া কবিতা 2024

ৰূপা বড়া নিজম বাকৰিত এতিয়া অচিন-চিনাকি সুৰলহৰ।আই মোৰ, উৰুখা মূধচেৰে মৌসৰা নিশা…..লেখিছিল নে এটি দুটি তৰাঃউজাই যাওঁ ভটিয়াই চাওঁ ইকৰাৰ ফাঁকেৰেসৰকি অহা কাঁচিয়লি ৰ’দৰ সঁফুৰানিকা হৈ পৰা হেঁপাহৰ সপোনবোৰচোতালখনতেই চোন গঢ় লৈ উঠিছিল বৰঘৰ।এন্ধাৰতে আই মুখৰ লাবনি হাঁহিকৃষক পিতাই হালধীয়া হেঁপাহ।চোতাল এখনেই ৰ’দৰ চেলেং লৈ অ-ফলাক-ফলাবোৰ আখৈ ফুটাদি ফুটে কুমলীয়াওঁঠত।উলাহতে এঠেঙীয়া কালী লৰি ফুৰেইমূৰৰ পৰা … Read more

স্বাগতম নৱবৰ্ষ | অসমীয়া কবিতা 2024

জয়া শ‍ইকীয়া পল-অণুপল কৰি ক্ষিপ্ৰ গতিৰেদিনবোৰ যায় যেন বাগৰিসময়বোৰ যেন বোৱঁতী সুতিৰ’বলৈ সময়েই নাই কাহানিও,সপ্তাহ, মাহ, দিন অতিক্রমিবছৰটোৱে অন্তিমত ভৰি দিএটা বছৰে যেন বাগৰ সলায়মেলানি মাগে ক্ষণবোৰ গণি গণি,স্বাগতম তোমাক নৱবৰ্ষ, স্বাগতম তোমাকবছৰৰ অন্তিম ক্ষশত উলহ-মালহেৰেসকলোৱেই যেন পুৰণিক বিদায় দিনতুন বছৰটিক আদৰিবলৈ কৰে পূৰ্ণ প্ৰস্তুতি।পুৰণি বছৰটিৰ বেয়াখিনিক পাহৰিনতুন মনেৰে,নতুন সংকল্পৰেনৱবৰ্ষক জনাওঁ আমি আদৰণি,স্বাগতম তোমাক নৱবৰ্ষ, … Read more

স্মৃতি | অসমীয়া কবিতা 2024

দীপ্তিমণি গোস্বামী আহে আৰু যায়নতুন পুৰণি হয়সৰাপাতৰ দৰেই নিশ্চিহ্ন হয়হেৰাই যায় সময়ৰ বলুকাত।যদি অক্লান্ত সাধনাৰেমানস কৰা হয়,পাহৰণিও সোঁৱৰণি হৈ ৰ’ব।সৰাপাতে বাঢ়ি অহা বৃক্ষত সাৰ যোগোৱাৰদৰেপাহৰণিবোৰো সোঁৱৰণিৰ বুকুত পলস হৈৰ’ব।অতীত হ’বলৈ গৈ থকাবালিচৰত আলফুলে বোটলা সোণৰচেঁকুৰাবোৰবৰ্তমানৰ সেউজী আকাশতমন পথাৰৰ ঝাওঁকনৰ মাজতসোণৰ স্মৃতিসৌধ হৈ জিলিকি ৰ’ব ।সকলোলৈকে ইংৰাজী নতুন বছৰৰআন্তৰিক শুভকামনাৰে,সকলোৰে কৰণী ভৰপূৰ হওকসুখ, সমৃদ্ধি, শান্তিৰ জোৱাৰে।

নতুন পোছাক | অসমীয়া কবিতা 2024

অমূল্য চেতিয়া প্রাপ্তি-অপ্রাপ্তিৰ স্বীকৃতিৰেসুখ-দুখৰ সংমিশ্ৰণত,জীৱনে যি দি যায়তাতে হৈ পৰোঁ সুখী,সময়ৰ টিকনি দূৰ সীমনাতচেষ্টা কৰা নাই ত্রুটিভাগৰি পৰা নাইযদিও চিনাকি হৈ পৰিল অচিনাকিসফলতা-বিফলতাক একাষৰীয়া কৰিসময়ৰ উপহাৰ বুকুতে ৰাখি,গাই যাব বিচাৰো আশাবাদৰ গানযদিও দুখীয়া নিচলা বিষাদী পৰাণভংগুৰ স্বপ্ন সমাধিস্থ পণনতুনত্বৰে কৌমুদীৰ আগমন,অকৃত্রিম আত্মীয়তাই সিঁচিলে মৰমবচ্ আৰুনো কি লাগিছেএয়াইতো জীৱন,পিন্ধিবলৈ সাজো নৱ পোছাক ।

নতুন যাত্ৰাৰে | অসমীয়া কবিতা 2024

ৰম্ভা দেবী পুৱাৰ কোমল ৰ’দজাকে মোৰশোৱা কোঠাৰ খিৰিকীৰে আহিশেতেলীত পৰশৰ চুমা যাচিলেসকীয়নি দিয়াৰ ছলেৰে এটা নতুনপুৱাক কেনেদৰে জনাব প্ৰীতিভৰাসম্ভাষণ,জাগ্ৰত হোৱা সুখী হোৱা আলোক পথৰসন্ধানী লোকগাঁৱলীয়া বাটেৰে লুইতৰঘাটেৰে পৃথিৱী চাবলৈ যাওঁ ।ক্ষণস্থায়ী মানৱ জীৱনত মৃত্যু অবশ্যম্ভাবীতথাপি প্রিয়জনৰ সহযাত্ৰাত অপৰিসীমকষ্ট, ত্যাগৰ বিনিময়ত নিৰ্মাণমুখী হৈ উঠকপুনৰ গৃহসমূহ বিস্তাৰিত কৰি নিৰ্মাণদৰে সৃষ্টি জগতখনিত প্ৰেমৰ বৰষানামক দুটি মন এটি হৈ।ভূমিকম্পৰ … Read more

নতুনৰ আৱাহন | অসমীয়া কবিতা 2024

কৃষ্ণালী দেৱী নতুনৰ গজালি মেলে, পুৰণিৰ বুকুতেবন্ধু তুমি জানানে?হেঁপাহবোৰ হুমুনিয়াহ নহয় যাতেআশাৰ কঠীয়াবোৰ গঠীয়া নালাগে,তাৰ কিটিপটো শিকি ল’বা অতি গোপনে।পুৰণি এলান্ধুবোৰ চাফ কৰি থ’বামনৰ বৰঘৰ ধুই কৰা নিকা,তেহে জ্বলাবা থাপনাত বস্তিগছি,বজাবা নতুনক আদৰাৰ মংগলধ্বনি ।। More Poem

নৱবৰ্ষৰ নৱচেতনা | অসমীয়া কবিতা

ড° ইকবাল হোচেইন খান নৱ নৱ সুৰনৱ নৱ গানবিশালতাৰ আকাশত উৰিব বিশ্বাসৰ পতাকা, প্ৰগতিৰ পতাকাদূৰ হ’ব আইৰ শংকাপ্রতিষ্ঠা হ’ব নিৰাপদ জীৱনৰ কবিতামর্যাদা তাৰে নাম ৷ পথাৰে পথাৰে কৰ্মচুক্তি হৃদয়ৰতাৰে নাম হওক জীৱনজীবন যে সুন্দৰৰ তান । নৱ নৱ সুৰনব নব গানচুক্তি হওক হৃদয়ৰ ভাষাতেতিয়াই যুগমীয়া হ’ব আইৰ হাঁহিঅজুহাত নেথাকিবকর্মই যে ধৰ্ম । চুক্তিত থাকক কবিতাৰ … Read more

এখন বর্ণহীন ছবি | অসমীয়া কবিতা

আৰেছা বেগম পুৰণি নতুন হ’ল দিনবোৰ সলনি হ’ল গোলোকীকৰণৰ সুবিধাৰেপ্ৰযুক্তিৰ কৃতিম ব্যৱস্থাৰেসকলোবোৰ সলনি হ’ল।মনবোৰ ঠেক হ’ল চিন্তাবোৰ বহল ন’হলএনেকৈয়ে পাৰ হ’ল পুৰণি দিবোৰ তুঁহ জুই উমাই উমাইজ্বলি শেষ হ’ল,মানুহৰ মাতবোৰোসৰু হ’লচেতনাৰ আচলখনচুটি হৈ গ’লঠান্দাত ঢাকিবলৈ নোজোৰা হ’ল।মাটিৰ মানুহৰ মৃত্যু নাইতেজেও বিচাৰে আলিংগননতুন বছৰতমাটি পানী একাকাৰ কৰিমানবীয় প্ৰেমেৰেআকো আহা তেজহীন, বর্ণহীন ছবিখন।

Exit mobile version