আমাৰ যে কিমান আশা | অসমীয়া কবিতা

ৰবীন কুলি কালিৰ কপৌ হত্যাকাৰীসকল যেনআজি শ্মশানত থাকককাইলৈ তাত ফুল ফুলককপৌবোৰে আহি তাতেই সুৰীয়া গীত জোৰকদিনবোৰ তেনেকৈ আহকনতুনবোৰ তেনেকৈ আহককালিৰ পৰ আজি আপোন হওকঘৃণাবোৰ মৰম হওকমানৱতাৰ ঢৌত উঠি বাহি যাওক অমানৱতাদিনবোৰ তেনেকৈ আহকনতুনবোৰ তেনেকৈ আহকনিৰাশা ভেদি আশাৰ পোহৰ আহক‘কাইলৈ’ যেন অপেক্ষাৰ নহওকজীৱন্ত হৈ উঠক “আজি”যাৰ অন্তৰ মণি-মুকুতাৰে ভৰা তেওঁলোক অতীত নহওকযাৰ আছে ধন তেওঁলোক নিৰ্ধনী … Read more

বিগত বৰ্ষৰ | অসমীয়া কবিতা

স্বপ্না দাস পাৰ হৈ যোৱা বছৰটোৱেৰৈ ৰৈ ৰৈভাঙি থৈ গ’লনৱবৰ্ষৰ ন-সূৰ্য দেশ কালত এতিয়া সূর্যোদয়গৰম হৈ বিয়পিল বতাহগছৰ পাতৰ চেতন জিলিকিল সৰ্বত্ৰ ৰঙীণদাপোণৰ শৰীৰ জগতত প্ৰতিফলিত হ’বমনত জিলিকি উঠিবলগীয়াপোহৰৰ টৌ More Poem

৩১ ডিচেম্বৰ ২০২৩ | অসমীয়া কবিতা

হৰেকৃষ্ণ ডেকা সমুখত বাট।এটা আলি-দোমোজাত ৰৈছোঁ।সোঁফালে বাট, বাঁওফালে বাট।মোৰ কোনফালে ?চিঞৰ শুনিছোঁ—এইফালে, এইফালে।চিঞৰবোৰত খেলি-মেলি কোলাহল।মই কোনোফালে নাযাওঁ।সমুখৰ ফালে দূৰত এটা চাকিৰ পোহৰ—ঢিমিক-ঢামাক।যি চাকিৰ পোহৰ কোলাহলত নুমুৱা নাই,সেই পোহৰেই মোৰ পোহৰ ।কিন্তু কোলাহলবোৰ বাঢ়ি আহিছে।বাটে বাটে কোলাহলৰো কি প্রতিযোগিতা! এটা পোন বাটেৰে নিঃশব্দে খোজ ল’লোঁ।চাকিৰ পোহৰ এতিয়াও দেখি আছোঁ। More Poem

শীতৰ কেৰল | অসমীয়া কবিতা

ডাঃ বিজুজ জাহান মঙলদৈয়া ডিচেম্বৰ বৰ প্ৰিয় মোৰকিয় জানাশীত, শীতৰ দিনবোৰ, শীতত ঠেঠুৱা লগাসময়বোৰ ভয়ানক প্রিয় মোৰ শীতৰ আভিজাত্যৰ উমত নিজকে চেঁচা কৰিঅনুভৱৰ নৈত সাতুৰি সাতুৰি ডুবো মইশীতক পালন কৰোঁ বুকুৰ ভিতৰে বাহিৰে ৰেল ষ্টেচনবোৰ বৰ প্ৰিয় ঠাই মোৰকিয় জানাৰঞ্জিথা, লখনহঁতক লগ পাওঁ ঘনাইশীতৰ শেতেলী যেতিয়া ষ্টেচনৰ কৰিডৰ হয়ফটা কেথা য’ত বিলাসী কম্বল হয়ভায়েকৰ জ্বৰত … Read more

এটা ৰঙচুৱা আবেলি | অসমীয়া কবিতা

পুলিন ডেকা এজাক ৰ’দে কঢ়িয়াই ফুৰিছেএটুকুৰা ডাৱৰজোনৰ পোহৰ শুই আছেএটা ৰঙচুৱা আৱেলিৰ টিলাতশিলৰ চকুহালত তোমাৰ আঙুলিবোৰকপিছে নৈখন সিপাৰলৈ উভতি যোৱাৰ দিনামই সুৰ্ত বন্দী হৈ আছিলোপথাৰখনৰ অহৰহ বাজি আছিলখোজৰ শব্দ মহাশূণ্যৰ অঘৰী আত্মাত জিৰাইছেএজাক সেউজ ছাঁউতনুৱা বতাহজাকত শিলাবৃষ্টিজুৰিটিৰ পাৰত জিলিকি আছেসাগৰখনৰ জীয়া কলিজা সৰ্বত্ৰ এতিয়া ক’লা তেজৰ সুগন্ধিগোলাপৰ ওঁঠতএমুঠি হাঁহি চিতাভস্মৰ মাজেৰে আকাশলে’এটি পথয’ত জোনাকী সন্ধ্যাত … Read more

সৰি পৰিব পাৰে বছৰটো | অসমীয়া কবিতা 2024

কিশোৰ কুমাৰ দাস সৰি পৰিব পাৰে বছৰটোস্তব্ধ হৈ ৰ’ব পাৰে জীৱনটো যাব পাৰে সলনি হৈ পথটোএতিয়াও যে যোজন বাট গন্তব্যস্থললৈসেতু নালাগে হেতু বিচাৰিবলৈ নকৰো হিচাপঅনানুষ্ঠানিক সকীয়নিৰ ভেঙুচালিৰপ্ৰত্যুত্তৰত মধ্যমা আঙুলি এদিন আপোনাৰএদিন মোৰ বৈ ৰ’ব এই সত্তাস্বাধিকাৰৰ জুই লগা দগমগীয়া সত্তা বছৰটো ৰৈ ৰৈবাজীত লগাওঁ জীৱনটোলটাৰীৰ টিকটৰ মূল্যতএদিন আপোনাৰএদিন মোৰ তথাপিওবৈ ৰ’ব সত্তাস্বাধিকাৰৰ জইলগা এই সত্তা।

শস্য ফুলা সময় | অসমীয়া কবিতা 2024

প্রদীপ দাস ঠাকুৰ শস্য ফুলাদুপৰীয়া এটাতলগ পাইছিলোঁতোমাক। সৰিয়হ হালধীয়াৰেৰাঙলী হৈআছিলাতুমি। মুখতগুঁজি লৈছিলাকেইটামানগীতৰ কলি। চকুত বিৰিঙিউঠিছিলশস্য ফুলাসময়ৰ হাঁহি।

তোমাক বিদায় দিয়াৰ পৰত | অসমীয়া কবিতা 2024

বিকাশ শর্মা তোমাক বিদায় দিয়াৰ পৰতবতৰৰ ফচলত পুখুৰীটোৱে সলনি কৰিব পৰা নাই পানীগাঁওখনে ওঁঠত ফুটাব পৰা নাই তীব্ৰ প্ৰেমৰ শব্দআইৰ ওপজা দিনত ৰোৱা গছপুলিটোৱে বৰষুণৰ গানত তিতি থকা নাই মোৰ দুৰ্ভাৱনাৰ আঙুলিত ধৰি দিনবোৰে পোহৰৰ কথা ভাবিব পৰা নাইদুঃস্বপ্নৰ চকুলোত কুকুৰবোৰে চোবাই থাকিব পৰা নাই হাড়ৰ হাবিয়াসচৰাইবোৰে নাচনী বেলিৰ পোহৰত পদুলিটোক কোৱা নাই কৰুণাময় তোমাক … Read more

ডিছপজেল জনতা | অসমীয়া কবিতা 2024

অনির্বাণ দত্ত মই ব্যৱহাৰ হৈ আছোব্যৱহাৰ হৈ থাকিব বিচাৰোঁ ব্যৱহাৰযোগ্যতা হেৰুৱাইডিছপজেল হ’ব নিবিচাৰোঁ আপোনাৰ টেবুলতে এদিনকাঁহৰ কাঁহী হৈ বহিমগৈ জনাকীর্ণ বাৰাণ্ডাতলেম হৈ জ্বলিমগৈ ওঁঠত হাঁহি এটা লৈআপুনিয়ে মোক সোঁৱৰিব।

অবাটে | অসমীয়া কবিতা 2024

জয়ন্ত দাস জীৱন বাটৰভুল নির্দেশনা এটাৰে গৈ গৈপ্ৰৱেশ কৰিলোঁ এখন অটব্য অৰণ্যত লোলুপ দৃষ্টিৰেমোৰ চাৰিওফালে থিয় দি আছেহিংস্র জন্তুবোৰ চকুৰে মণিব পৰালৈকে কেৱলঅসংখ্য কীট-পতংগজোক, বিছা, মকৰা ইত্যাদি বুকুখন এবাৰ চুই চায়জীৱনটো কোনোমতে হাতৰ মুঠিত লৈদুচকু মুদি দিলোঁ মুহূৰ্তৰ কাৰণে লাহে লাহে মই অন্ধ হৈ পৰিলো এচমকা পোহৰ বিচাৰি যোৱা চৰাইজাকউভতি আহিল নে নাইমই গম নাপালোঁ।

Exit mobile version