আখৰোট খালে কি উপকাৰ পাব

বিভিন্ন পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আখৰোট খালেও বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি । আইৰণ, ফাইবাৰ,কার্বহাইড্রেট আদি উপলব্ধ হোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উত্তম। হাড় মজবুত কৰে : আখৰোটত মেগনেছিয়াম আৰু কেলচিয়াম থাকে বাবে ইয়াক গ্রহণ কৰিলে হাড় শক্তিশালী হোৱাৰ লগতে হাড়ৰ বিষত উপশম পাব পাৰি । ওজন নিয়ন্ত্রণ : আখৰোটতো পটাছিয়াম, কেলচিয়াম, জিংক, … Read more

টোপনিত সুগন্ধই মগজুক অধিক সক্রিয় কৰে

মগজুৰ সক্ৰিয়তা হ্রাস পোৱাটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়টোক বিজ্ঞানীসকলে দীর্ঘদিন গৱেষণা তথা অধ্যয়ন কৰি আহিছে। সেইটো প্ৰতিৰোধ কৰিব পাৰিলে স্মৃতিশক্তি লোপ পোৱা তথা ডিমেনছিয়াৰ দৰে ৰোগৰ সমাধান পোৱা যাব। মগজুক সক্রিয় কৰি ৰখাৰ বাবে ঔষধ ব্যৱহাৰৰ কথাও প্ৰায়ে কোৱা হয়, কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে এই দিশত আশাৰ বতৰা কঢ়িয়াই আনিছে। এই অধ্যয়নটো … Read more

স্মৃতিশক্তি, হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে শিলিখাই

শিলিখা এতিয়া শিলিখাৰ বতৰ। শিলিখাৰ ভালেমান ঔষধি গুণ আছে। আয়ুৰ্বেদত ভালেমান ৰোগ উপশমৰ কাৰণে শিলিখা ব্যৱহাৰ কৰা হয়। বর্তমান আমি গছৰ পৰা সৰা কেঁচা শিলিখা খাব পাৰে। কিন্তু শিলিখা শুকুৱাই থৈ বা গুড়ি কৰি সমগ্ৰ বছৰটো আমি খাব পাৰে। শিলিখাত ভিটামিন চি, ভিটামিন কে, এমিনো এচিড মেগনেচিয়াম, ফ্লেভেনয়ড আৰু এন্টিঅক্সিডেণ্টৰ দৰে দ্ৰব্য প্ৰচুৰ পৰিমাণে পোৱা … Read more

শৃংখলাবদ্ধ জীৱন-যাত্ৰাই লিভাৰ ভালে ৰাখে

লিভাৰ হ’ল শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ। শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ’লে লিভাৰৰ লিভাৰৰ ওপৰত খেয়াল ৰখাটো অতি প্রয়োজন। সচৰাচৰ দেখা যায় যে লিভাৰজনিত ৰোগৰ আশংকা দিনকদিনে বাঢ়িছে। মদ্যপান, উচ্ছৃংখল জীৱনযাত্ৰা, ঘৰৰ বাহিৰত হোটেল-ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ প্ৰৱণতা তথা শৰীৰ চৰ্চাৰ অভাৱত মানুহে লিভাজনিত ৰোগত সহজে আক্রান্ত হয়। কম বয়সতে ফেটি লিভাৰৰ সমস্যাও বৃদ্ধি পোৱা দেখা গৈছে। … Read more

তেজপাতেৰে চুলিৰ যতন লওক

যিকোনো বয়সৰ লোকৰ চুলি সৰা বা চুলি পকাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে। কেতিয়াবা চুলি একেবাৰে সৰি যোৱাৰ ফলত বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্রয়োগ কৰা হয়। এনে ঔষধ প্রয়োগৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। সাধাৰণতে ভিটামিনৰ অভাৱ, প্ৰদূষণ আদিৰ ফলত চুলি অকালতে … Read more

বহুমূত্ৰৰ বাবে কেৰেলাৰ ৰস ভাল কিন্তু সাৱধান হওক

ছুগাৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে বহুতে কেৰেলাৰ ৰস খালী পেটতে সেৱন কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে এনে বস মাত্ৰাধিক পৰিমাণে খালে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। লিভাৰৰ ক্ষতি হোৱাৰ আশংকা : ডায়বেটিছ ৰোগীয়ে চুগাৰ নিয়ন্ত্রণ ৰখাৰ বাবে কেৰেলাৰ ৰস খোৱাৰ অভ্যাস কৰে। কিন্তু এই অভ্যাসে লিভাৰৰ ওপৰত বেয়া প্রভাব পেলাব পাবে। কেৰেলাৰ বসত লেক্টিন নামৰ … Read more

থলুৱা খাদ্য চমুকৈ বৰ্ণনা লিখনি 2024

অসমৰ থলুৱা খাদ্যৰ গুণাগুণ আৰু ইয়াৰ অপূৰ্ব একক সোৱাদৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। টেঙাৰ পৰা খাৰলৈ অসমীয়া থলুৱা বৈশিষ্ট্যপূর্ণ সোৱাদ আৰু গুণাগুণৰ খাদ্য সম্ভাৰৰ প্ৰতি আমাৰ সজাগতা ইমান দিনে নাছিল বুলিলেই হয়। শতকৰ ঘৰৰ শাক-পাচলিৰ প্ৰাচুৰ্য, মাছ-কাছৰ পৰা আৰম্ভ কৰি কত যে অপূৰ্ব খাদ্যসম্ভাৰে অসমীয়া মানুহৰ জিভা আৰু শৰীৰক তৃপ্ত কৰি আহিছে সেই কথা … Read more

এই পাঁচবিধ খাদ্যই বৃক্কৰ বাৰুকৈয়ে ক্ষতি কৰিব পাৰে

আহাৰ গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে স্বাস্থ্যৰ আছে বিশেষ সম্পর্ক। কেতিয়াবা খাদ্যগ্ৰহণত হোৱা বিসংগতিৰ বাবেই নানা ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। কেতিয়াবা কিছুমান খাদ্যই বৃত্তৰ কাম-কাজত বাধা প্রদান কৰে। ফলত কেতিয়াবা বৃক্ক বিকল পর্যন্ত হয়। অতিৰিক্ত চৰ্বিযুক্ত খাদ্য : অতিৰিক্ত চেনি অথবা ছড়িয়াম উপলব্ধ খাদ্যই বৃক্কৰ ক্ষতি কৰাৰ আশংকা থাকে। সেইবাবে ঘৰৰ বাহিৰত আহাৰ গ্ৰহণৰ পৰা … Read more

ৰক্তহীনতাৰ সমস্যা! ঔষধ খোৱাৰ পূৰ্বে জানি লওক ঘৰুৱা সমাধান

বহুতে ৰক্তহীনতাক সাধাৰণ সমস্যা বুলি ধাৰণা কৰে যদিও ৰক্তহীনতাৰ বাবে আন জটিল ৰোগো হ’ব পাৰে। কিয়নো, বক্তহীনতা মাৰাত্মক পৰ্যায়ত উপনীত নোহোৱালৈকে বিশেষ ক্ষতিকাৰক কোনো সমস্যাই দেখা নিদিয়ে। কিন্তু ইয়াৰ অৱহেলাৰ পৰিণতি হ’ব পাবে হিতে বিপৰীত। সেয়ে প্রথমৰ পৰাই ৰক্তহীনতাৰ ক্ষেত্ৰত গুৰুত্ব দি চিকিৎসা কৰা উচিত। এগৰাকী পূর্ণবয়স্ক মহিলাৰ তেজত সাধাৰণতে হিমগ্লাবিন থাকে ১২.১ গ্ৰামৰ পৰা … Read more

অসমৰ মানুহ কৰ্কট ৰোগত কিয় সহজে আক্রান্ত হয়

যেতিয়া আমি পথাৰত খেতি কৰোঁ, সেই সময়ত প্ৰায়েই ৰাসায়নিক সাৰ-কীটনাশক আদি ব্যৱহাৰ কৰোঁ। এতিয়া এনে এটা পৰ্যায় পাইছে যে ৰাসায়নিক সাৰ-কীটনাশক অবিহনে যেন কৃষিকার্য সম্ভৱেই নহয়। সকলো খেতিতে মানুহে ৰাসায়নিক সাৰ – কীটনাশক ব্যৱহাৰ কৰে। আমি মাটিৰ স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ বাবে অলপো চিন্তা নকৰোঁ । কেৱল আমাক উৎপাদন লাগে। কার্যক্ষেত্ৰত তদনুৰূপ ফল পাওঁ সঁচা, কিন্তু … Read more

Exit mobile version