ধৰ ঝাডু ধৰ ভাই class 10 assamese Notes || chapter 14 question answer class 10 assamese

ধৰ ঝাডু ধৰ ভাই class 10 assamese Notes

অম্বিকাগিৰী ৰায়চৌধুৰী

অম্বিকাগিৰী ৰায়চৌধুৰী পৰিচয়

বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৮৯৫ চনত বৰপেটাত জন্ম হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বনশোদ্ভৱ আছিল তেওঁ। তেওঁৰ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম দৈৱকী দেৱী।
সাত বছৰ বয়সতে পিতৃহাৰা হোৱা অম্বিকাগিৰী ৰায়চৌধুৰীয়ে মোমায়েকৰ ঘৰৰ পৰা বিদ্যাৰম্ভ কৰিছিল।

তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত থাৰ্ডক্লাছ পৰ্যন্ত পঢ়ে। তেওঁৰ গোটেই জীৱনটো ঘটনাবহুল। দেশৰ স্বাধীনতা উদ্ধাৰৰ অৰ্থে জীৱনজোৰা সংগ্ৰাম কৰিছিল। তেওঁ সন্ত্ৰাসবাদী দল, অসহযোগ আন্দোলন, অসম সংৰক্ষিণী আন্দোলন আদিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ কাৰণে কেবাবাৰো জে’ল খাটিবলগীয়া হৈছিল।

১৯২১ চনত তেওঁক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল। জে’লত তেওঁ পায়খানা সাৰি মচি চাফা কৰিব লগীয়া হৈছিল। তেতিয়াই তেওঁ ঝাডু চলোৱা সময়ত “ধৰ ঝাডু ধৰ ভাই” এই কবিতাটি ৰচনা কৰি গুণ গুনাই গাইছিল। জীৱনৰ এনেকুৱা ঘাত – প্রতিঘাতৰ মাজতো তেওঁ সাহিত্য চৰ্চা কৰিছিল।

সাহিত্যৰ মাজেৰে তেওঁ দেশপ্ৰেমৰ ভাৱ মুক্তভাৱে প্ৰকাশ কৰিছিল। দেশপ্ৰেমত তেওঁৰ দুৰ্দান্ত সাহসৰ কাৰণে তেওঁক “অসম কেশৰী” আখ্যা দিয়া হৈছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ আসন শুৱনি কৰিছিল। ১৯৬৭ চনৰ ২ জানুৱাৰী তাৰিখে তেওঁৰ দেহাৱসান ঘটে।

অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৯১৮ চনত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সহযোগত “চেতনা” নামৰ মাহেকীয়া আলচনী প্ৰকাশ কৰিছিল। তেওঁৰ ৰচিত গ্ৰন্থসমূহ হ’ল – “তুমি” (১৯১৬), “বীণা” (১৯১৬), “অনুভূতি” (১৯৫৪), “স্থাপন কৰ স্থাপন কৰ” (১৯৫৮), “বন্দো কি চন্দেৰে” (১৯৫৮), “বেদনাৰ উল্কা” (১৯৬৪), “দেশেই ভগৱান” (১৯৬৫), “আহুতি”, “ডেকা – ডেকেৰীৰ বেদ” আদি।

অতি চমু উত্তৰ লিখা।

অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
“অসম কেশৰী”।

“সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ” কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
“কত যুগৰ ভূহৰ পৰি” পোত খাই আছে বুলি কবিয়ে কৈছে।

আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাডু ধৰিবলৈ কৈছে?
বীৰ বেশেৰে।

কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
কাজল ছাইৰে।

সাতাম পুৰুষীয়া মানে কি?
পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয়।

অম্বিকাগিৰী ৰায়চৌধুৰী কি কবি?
বিহগী কবি

Q. “হ’ল এৱে তোৰ সময় হ’বৰ জাতিৰ ঝাডুদাৰ যে ভাই।” – ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাডুদাৰ হোৱাৰ সময় হ’লেহি বুলি সকীয়াই দিছে?
বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্ৰিটিছৰ গোলামী কৰি “ধাৰে – ঋণে জীৱন দিয়ো হিনে – ঘিনে তেওঁলোকৰ চৰণৰ পূজা কৰি থাকিল।

ভাৰতবাসীৰ মাজত “হিংসা – দ্বেষৰ, ভেদাভেদৰ, ঘৃণা – ঘৃণীৰ ভেমৰ কত যে মলি মামৰ পৰি সোণৰ চোতাল ঘৰত ক’ত যুগৰ ভূহুৰ পৰি” পোত খালে, মুখত “কাজল – ছাই” পৰিল।

এইবোৰ সাৰি – পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ “জাতিৰ ঝাডুদাৰ” হোৱাৰ সময় হ’লেহি বুলি কবিয়ে সকলোকে সঁকীয়াই দিছে। ন’হলে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গোলামি কৰি দুৰ্বিসহ জীৱন কটাব লাগিব।

Q. “ন’হলে যে বিশ্বসভাত ন’হব তোৰ বহাৰ ঠাই।” – বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?
কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনলৈ আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়।

সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাৱ, হিংসা – দ্বেষৰ ভেদাভেদৰ, ঘৃণা – ঘৃনিৰ, স্বাৰ্থ – ভেমৰ মলি – মৰমবোৰ আঁতৰাই বীৰ বেশেৰে পৰাধিনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনোহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকিয়াই দিছে।

ধৰ ঝাডু ধৰ ভাই কবিতাটিৰ মূলভাৱ লিখা
দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ “ধৰ ঝাডু ধৰ ভাই” কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্ৰম কাৰাবাস খাটিব লগীয়া হৈছিল।

তোমাৰ ভিতৰত ঝাডু ধৰি তেওঁ পায়খানা আদি সাৰি – পূচি, ঘৰ – দুৱাৰ চিকুনাই তোলাৰ দৰে ইমান দিনে ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা – দ্বেষৰ, ভেদা – ভেদৰ, ঘৃণা – ঘৃনিৰ, ভেম – অহংকাৰৰ যিবোৰ মলি – মামৰ গোট খালে তাক সকলোৱে মিলিজুলি, সাৰি – পুছি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে।

তেতিয়াহে আমাৰ গোলামিৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব, বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়ে সকলোকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে।

বাখ্যা কৰা

Q. “হিংসা – দ্বেষৰ, ভেদা – ভেদৰ,
ঘৃণা – ঘৃণিৰ স্বাৰ্থ ভেমৰ
কত যে কি মলি – মামৰ
ভৰি জাতিৰ জীৱন যায়।

উদ্ধৃত কবিতাফাঁকি “অসম কেশৰী” বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত “ধৰ ঝাডু ধৰ ভাই” কবিতাটিৰ অন্তৰ্গত।

দেশপ্ৰেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন – গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠ কন্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে।

বহু বছৰ ধৰি ব্ৰিটিছৰ গোলামি কৰি ভাৰতৰ জন – গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰত হিংসা – দ্বেষৰ, ভেদা – ভেদৰ, ঘৃণা – ঘৃনিৰ, স্বাৰ্থপৰতা ভেম – অহংকাৰৰ আদি কদৰ্য মলি স্বৰূপ আবৰণে গোটেই জাতিটোক ধ্বংস মুখলৈ ঠেলি দিছে।

সেয়ে এইবোৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে।

Q. “ধৰ ঝাডু ধৰ ভাই!
আৰু চাবৰ সময় নাই
চাই থাকোঁতে মুখত কেৱল
ভৰিল কজল ছাই।”
উদ্ধৃত কবিতাফাঁকি “অসম কেশৰী” বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত “ধৰ ঝাডু ধৰ ভাই” কবিতাটিৰ অন্তৰ্গত।

পৰাধিনতাৰ কৱলত পৰি হিংসা – দ্বেষৰ, ভেদা – ভেদৰ মলি মামৰে কদৰ্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে।
কবিয়ে অন্ততেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা – দ্বেষৰ, ভেদা – ভেদৰ, ঘৃণা – ঘৃণিৰ, স্বাৰ্থ – ভেমৰ মলি – মামৰেৰে নিজেই ডুব গৈছে। দেশ জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা।

এই অৱস্থা চাই থাকিও যেন জন – গণৰ জ্ঞান অহা নাই; মুখত কাজল – ছাই পৰা মানুহৰ দৰে নিবোকা হৈ চাই আছে। এই দেশ জাতি নিঃ শেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই। ঝাডুৰে অপৰিষ্কাৰ ঠাই সাৰি – মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ – বেশেৰে সকলোৱে ওলাই আহি আমাৰ মাজত থকা হিংসা – দ্বেষ, ভেদা – ভেদ, ঘৃণা – ঘৃণি মিছা ভেম অহংকাৰবোৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলোকে সকীয়াই দিছে।

Q. “ধৰ ঝাডু ধৰ ভাই” কবিতাটোৰ মাজেৰে কবি ৰায়চৌধাৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা।
“ধৰ ঝাডু ধৰ ভাই” কবিতাটোৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীক এগৰাকী বিপ্লৱী কবি বুলি কোৱা হৈছে। তেওঁ বিপ্লৱ কৰিছিল স্বদেশ প্ৰেমত বলিয়ান হৈ স্বদেশৰ স্বাধীনতাৰ কাৰণে।

এই বিপ্লৱী ভাৱ তথা স্বদেশ প্ৰেমৰ ভাব তেওঁৰ প্ৰায়বোৰ কবিতা, লিখনিৰ আৰু কাৰ্য – কৰণৰ মাজেৰে পৰিস্ফুট হৈ আহিছে। তেওঁৰ তেনে এটি কবিতা হ’ল – “ধৰ ঝাডু ধৰ ভাই”।

স্বদেশ প্ৰেমৰ কাৰণে হক কথা কওঁতে, কাম কৰোঁতে তেওঁ সশ্ৰম কাৰাবাস খাটিব লগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়ত পায়খানা আদি ঝাডুধৰি সাৰি – পুছি পৰিষ্কাৰ কৰিব লগীয়া হোৱা অৱস্থাতেই তেওঁৰ ৰমেই এই কবিতাটিৰ সৃষ্টি হৈছিল। এই কথাৰ পৰাই বুজিব পাৰি কবিতাটিত স্বদেশ প্ৰেমৰ সুন্দৰ ভাৱ – ৰাশি নিহিত হৈ আছে।

ঝাডুৰে মলি – মামৰ সাৰি – পুছি পৰিষ্কাৰ কৰাৰ বাবে তেওঁ পৰাধীনতাৰ কৱলত থকা নিজৰ দেশখনকো হিংসা – দ্বেষ, ভেদা – ভেদ, ঘৃণা – ঘৃণি, ভেম – অহংকাৰ আদিৰ মলি – মামৰবোৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটিৰ আৰম্ভণিতেই আহ্বান জনাইছে।

ধৰ ঝাডু ধৰ ভাই
আৰু চাবৰ সময় নাই –
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল ছাই।

স্বদেশৰ এনে দুৰ্গতি, ধ্বংসলীলা কবিয়ে আৰু চাই থাকিব নোৱাৰা হৈছে। অজ্ঞান আন্ধাৰত ডুব গৈ এনেদৰে চাই থাকোঁতেই চাৰিওফালে যে স্বদেশৰ, স্বদেশ বাসীৰ মুখত ছাই পৰি লেতেৰা কৰি পেলাইছে। এসময়ৰ গৌৰৱময় ভাৰত আজি নিঃস্ব, নিঃশেষ হ’বলৈ ধৰিছে। তেওঁ খেদ কৰি কৈছে –

সাতাম পুৰুষৰ
আহা! সোণৰ চোতাল ঘৰ
ক’ত যুগৰ ভূহৰ পৰি
আছে যে পোত খাই।

সেই কাৰণেই তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলো প্ৰকাৰৰ হিংসা – দ্বেষৰ, ভেদা – ভেদ, ঘৃণা – ঘৃণি, স্বাৰ্থ ভেমৰ ভাব পাহৰি একগোট হৈ নিজৰ দেশ, জাতি উদ্ধাৰ কৰিবলৈ জন – গণক উদাত্ত কণ্ঠেৰে আহ্বান জনাইছে।

বীৰ বেশেৰে ধৰ ঝাডু ধৰ
জাতিৰ জীৱন কৰ মনোহৰ

তেতিয়াহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব। ইয়াৰ ব্যতিক্ৰম হ’লেই আমাৰ বিপদ –

নহ’লে যে বিশ্বসভাত
নহ’ব তোৰ বহাৰ ঠাই – বুলি কবিয়ে সকীয়াই দিছে।

ভাষা বিষয়ৰ প্ৰশ্নোত্তৰ

Q. তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।

হীনে – ঘিণে, ধাৰে – ঋণে, ঘৃণা – ঘৃণি, জাহি – জাবৰ, সাৰি – পুছি, মলি – মামৰ।

হীনে – ঘিণে : সমাজত হীনে – ঘিণে জীয়াই থকাটো নিষ্ফল জীৱন।
ধাৰে – ঋণে : গোটেই জীৱনটো ধাৰে – ঋণে চলিব নালাগে।
ঘৃণা – ঘৃণি : মানুহৰ মাজত থকা ঘৃণা – ঘৃণিয়ে অশান্তিৰ সৃষ্টি কৰে।
জাহি – জাবৰ : জাহি – জাবৰবোৰ সাৰি – পুছি পৰিষ্কাৰ কৰিলেহে মনত শান্তি পোৱা যায়।
সাৰি – পুছি : লেতেৰাবোৰ সাৰি – পুছি থাকিলেহে ঠাই পৰিষ্কাৰ হৈ থাকে।
মলি – মামৰ : হিংসা – দ্বেষ, ভেদা – ভেদ, ঘৃণা – ঘৃণি, স্বাৰ্থ – ভেম আদি সমাজৰ মলি – মামৰ স্বৰূপ।

Q. তলৰ শব্দবোৰত মূৰ্দ্ধন্য “ণ” হোৱাৰ কাৰণ দৰ্শোৱা।

সোণ, ঘৃণা, ঋণ

সোণ – সোণ শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য “ণ” হয়।
ঘৃণা – ঋ (<) ৰ পাছত বহা “ন” মূৰ্দ্ধন্য “ণ” হয়।
ঋণ – ঋ (<) ৰ পাছত বহা “ন” মূৰ্দ্ধন্য “ণ” হয়।

বিপৰীত শব্দ লিখা

ঘৃণা, স্বাৰ্থ, জীৱন, বীৰ

ঘৃণা – মৰম
স্বাৰ্থ – নিস্বাৰ্থ, উদাৰ
জীৱন – মৰণ
বীৰ – ভিৰু

শব্দৰ্থ আৰু টোকা

  • কাজল ছাই – কলংক, পৰাধীনতা, কলিমা, ক’লা চিন।
  • সোণৰ চোতাল – সোণ অতি মূল্যৱান উজ্জ্বল ধাতু। সোণৰ দৰেই মূল্যৱান চোতাল এখন, যিখন ঐতিহ্যৰে ভৰপূৰ।
  • যুগৰ – ভুহুৰ – বিভিন্ন সময়ত তৰপে তৰপে গোটখাই থকা ভেহনি – অৰ্থাৎ বহুত দিন ধৰি গোট খাই থকা জাবৰ – জোথৰ, মলি ইত্যাদি।
  • গোলামি – অধীনত থকা, আনৰ তলত থকা, – য’ত নিজৰ কোনো ধৰণৰ স্বাধীনতা নাথাকে
  • সতামপুৰুষীয়া – সু – প্ৰাচীন, বহু পুৰুষৰ পৰা চলি অহা।
  • হিংসা – দ্বেষ – পৰস্পৰৰ প্ৰতি থকা হিংসাৰ ভাৱ, খিয়লা – খিয়লি।
  • চুকে – কোনে – অতি ভিতৰুৱা ঠাইত, সকলো ঠাইতে।
  • এৱে – এতিয়া।
  • ঝাডুদাৰ – যিয়ে ঝাডু মাৰে।
  • ভেম – গপ, অহংকাৰ, গহ।
  • স্বাৰ্থ – একমাত্ৰ নিজৰ কাৰণে কৰা চিন্তা।
  • মনোহৰ – মন হৰণ কৰিব পৰা, সুন্দৰ।

অতিৰিক্ত চমু প্ৰশ্নোত্তৰ

“ধৰ ঝাডু ধৰ ভাই” কবিতাটোৰ ৰচক কোন?
অম্বিকগিৰি ৰায়চৌধুৰী।

“ধৰ ঝাডু ধৰ ভাই” কবিতাটি কবিয়ে কোন সময়ত লিখিছিল?
কবিয়ে সশ্ৰম কাৰাবাস খাটি পায়খানা পৰিষ্কাৰ কৰিব লগীয়া হোৱা সময়ত।

সশ্ৰম কাৰাবাস খাটোতে কবি অম্বিকাগিৰী ৰায়চৌধুৰীক কি কাম কৰিবলৈ দিয়া হৈছিল?
উত্তৰ : পায়খানা চাফা কৰিবলৈ দিয়া হৈছিল।

কোন চনত অম্বিকগিৰি ৰায়চৌধৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল?
১৯২১ চনত।

অসম সাহিত্য সভাৰ ক’ত অনুষ্ঠিত অধিৱেশনত অম্বিকগিৰি ৰায়চৌধৰীয়ে সভাপতিত্ব কৰিছিল?
মাৰ্ঘেৰিটাত অনুষ্ঠিত অধিৱেশনত।

কোন চনত অম্বিকগিৰি ৰায়চৌধৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল?
১৯৫০ চনত।

অম্বিকগিৰি ৰায়চৌধৰীৰ জন্ম আৰু মৃত্যু দুটা চন উল্লেখ কৰা।
জন্ম চন ১৮৮৫/ মৃত্যু চন ১৯৬৭।

অম্বিকগিৰি ৰায়চৌধৰীৰ পিতৃৰ নাম কি আছিল?
কৃষ্ণৰাম ৰায়চৌধাৰী।

অম্বিকগিৰি ৰায়চৌধৰীৰ কাব্যগ্ৰন্থ এখনিৰ নাম লিখা।
“বীণা”।

অম্বিকগিৰি ৰায়চৌধৰীক “ধৰ ঝাডু ধৰ ভাই” কবিতাটি কি ভাবৰ কবিতা?
দেশপ্ৰেমৰ কবিতা।

“পৰগোলামি হিনে – ঘিনে” – কাৰ গোলামিৰ কথা কোৱা হৈছে?
ব্ৰিটিছৰ গোলামিৰ কথা।

“পূজা দিলি পৰ চৰণত” – কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে?
ব্ৰিটিছৰ চৰণত পূজা দিয়াৰ কথা কৈছে।

“ক’ত যুগৰ ভূহুৰ পৰি আছে যে পোত খাই।” – ইয়াত ভূহুৰ শব্দই কি অৰ্থ বুজাইছে?
পৰাধীনতাৰ কালিমাক বুজাইছে।

কিহৰ মলি – মামৰ সাৰি – পুছি পৰিষ্কাৰ কৰাৰ কথা কবিয়ে কৈছে?
আমাৰ মাজত থকা হিংসা – দ্বেষ, ভেদা – ভেদ, ঘৃণা – ঘৃণি, স্বাৰ্থ – ভেমৰ, মলি – মামৰ।

“কিহৰ মলি মামৰ ভৰি জাতিৰ জীৱন যায়” বুলি কবিয়ে কৈছে?
হিংসা – দ্বেষ, ভেদা – ভেদ, ঘৃণা – ঘৃণি, স্বাৰ্থ – ভেমৰ, মলি – মামৰ।

অম্বিকগিৰি ৰায়চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতাপুথিখনৰ নাম কি?
“তুমি” (১৯১৬)

অম্বিকগিৰি ৰায়চৌধুৰীৰ এখনি গদ্য সংকলনৰ নাম লিখা।
“আহুতি”।

“জাতিৰ জীৱন কৰ মনোহৰ” – কেনেকৈ?
জাতিৰ মাজত থকা হিংসা – দ্বেষ, ভেদা – ভেদ, ঘৃণা – ঘৃণি, স্বাৰ্থ – ভেম আদি আঁতৰাই জাতিৰ জীৱন মনোহৰ কৰিবলৈ কৈছে।

বিশ্বসভাই কি বুজাইছে?
সভ্য মানুহৰ সমাজক বুজাইছে।

“জাহি – জাবৰ” শব্দই কি বুজাইছে?
জাতিৰ মাজত থকা হিংসা – দ্বেষ, ভেদা – ভেদ, ঘৃণা – ঘৃণি, স্বাৰ্থ – ভেম আদিক বুজাইছে।

“সোণৰ চোতাল” কাক বোলা হৈছে?
অসমক।

0Shares

Leave a Comment

Exit mobile version