চীনৰ নৌসেনা প্রধান ডং জুনক প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি জিন পিঙৰ

বেইজিং, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ডংজুনক নতুন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে ডং জুন চীনৰ সেনা পিপল্‌ছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ নৌসেনাপ্রধান আছিল।

উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰীৰ পদটো ৪ মাহ ধৰি খালী হৈ আছিল। ইপিনে প্রাক্তন প্ৰতিৰক্ষা মন্ত্রী লি শ্বাংফু আগষ্টৰ পৰা সন্ধানহীন হৈ আছে।

তেওঁ ২৯ আগষ্টৰ পৰা ৰাজহ্বা মঞ্চত উপস্থিত হোৱা নাই।

তাৰ পিছত অক্টোবৰত তেওঁক কাৰ্যালয়ৰ পৰা আঁতৰাই দিয়া হয়। চীনে কোনো কাৰণ নিদিয়াকৈ তেওঁলোকক আঁতৰাই দিয়ে।

তেওঁ এতিয়া ক’ত আছে সেয়া জনা নাযায়। সংবাদ সংস্থা ৰয়টাৰৰ মতে শ্বাংফুৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে।

শ্বাংফু অস্ত্র ক্রয় সম্পৰ্কীয় গোচৰত তদন্তৰ সন্মুখীন হৈছে।

More Article

0Shares

Leave a Comment

Exit mobile version