অৰণ্য যাত্ৰা class 10 assamese
অনুৰাধা শৰ্মা পূজাৰী
অনুৰাধা শৰ্মা পূজাৰীৰ পৰিচয়
বিশিষ্ট লেখিকা, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম হৈছিল ১৯৬৪ চনত যোৰহাটত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু কলিকতাৰ ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টৰ পৰা সাংবাদিকতা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে পশ্চিমবঙ্গৰ কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েশ্বন পাঠ্যক্ৰমো সমাপ্ত কৰিছিল।
কলিকতাৰ একাডেমী অব ফাইন আৰ্টৰ অধীনত কৰ্মজীৱন আৰম্ভ কৰা শৰ্মা পূজাৰীয়ে ‘আমাৰ অসম’ কাকততো সাংবাদিক হিচাপে কাম কৰিছিল। বৰ্তমান তেওঁ ‘সাদিন’ কাকত আৰু ‘সাতসৰী’ মাহেকীয়া আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
অসমীয়া সাহিত্যৰ ভঁৰাললৈ তেওঁৰ উল্লেখযোগ্য অৱদান হ’ল – উপন্যাস : ‘হৃদয় এক বিজ্ঞাপন’, ‘সোণ হৰিণৰ চেঁকুৰ’, ‘চাহেবপুৰাৰ বৰষুণ’, ‘কাঞ্চন’, ‘নাহৰৰ নিৰিবিলি ছাঁ, ‘বৰাগী নদীৰ ঘাট’, ‘মেৰেং’, ইত্যাদি।
গল্প সংকলনৰ ভিতৰত – ‘বসন্তৰ গান’, ‘এজন অসমাজিক কবিৰ বায়গ্ৰাফী’, ‘কেথেৰীণাৰ সৈতে এটি নিৰ্জন দুপৰীয়া’, ‘ন’মেনছ লেণ্ড’ আদি। ‘কলিকতাৰ চিঠি ‘, ‘ডায়েৰী’, ‘অট’গ্ৰাফ’ আদি তেওঁৰ আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন।
‘চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসৰ বাবে তেঁও ২০০৩ চনত অসম সাহিত্য সভাৰ ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ লাভ কৰে। সংবাদ সেৱাৰ স্বীকৃতিৰূপে ২০১৩ চনত তেওঁ ‘ৰেনেছাঁ অসম বঁটা’ লাভ কৰে।
শব্দাৰ্থ আৰু টোকা
- কাতি = এঢলীয়া, এফালে ওখ এফালে চাপৰ।
- গিজনি = বহু মানুহে একেলগে হাঁহৰ শব্দ।
- চন্তৰী = প্ৰহৰী।
- টুলুং ভুটুং = থৰকবৰক কৰা।
- ডুবাৰু = পানীত বুৰ মাৰাত পাকৈত।
- পৰিৱেশ = চাৰিওফালৰ অৱস্থা।
- উখল- মাখল = কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা হুলস্থুল।
- পৰনিৰ্ভৰশীল = আনৰ ওপৰত নিৰ্ভৰ কৰি চলা।
- ঠেহ = গপ, অভিমান, ৰোহ।
পাঠভিত্তিক চমু প্ৰশ্নোত্তৰ
বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
কাজিৰঙা অভয়াৰণ্যলৈ।
পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?
পল নৱম আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
পলে কোনবোৰ কাম ছোৱালীৰ বুলি কৈছে?
কাঁহী-বাটি, বাচন-বৰ্তন ধোঁৱা, ঘৰৰ আচবাবৰ ধূলি মচা-সৰা আদি কাম।
লৰ্ড কাৰ্জন কোন?
ব্ৰিটিছ ভাইচৰয়।
Q. ল’ৰা- ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে তাৰ প্ৰত্যুত্তৰত পাহিক কি বুলি বুজনি দিছিল?
ল’ৰা- ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কৈছিল— “মা ল’ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? ময়ো দেখোন দাদাৰ দৰে পঢ়া- শুনা কৰোঁ।
দাদাই কিয় নিজৰ কাপোৰ জাপি নথয়, জোটাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোঁৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিছনাত পেলাই থৈ যায়? দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাৱে বা মই কৰি দিম বুলি ভাবে?
ল’ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি?”
মাকে তাৰ প্ৰত্যুত্তৰত এই বুলি বুজনি দিলে—-পাহি সোণজনী, তুমি নিজেই দেখিছা, তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পৰা, সেই কাম বয়স অনুযায়ী মই শিকাই আহিছোঁ তোমালোক দুয়োটাকে।
তোমালোকে পঢ়া- শুনা কৰি ভাল চাকৰি বা ব্যৱসায় কৰিবা, ধন উপাৰ্জন কৰিবা। কিন্তু প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হ’বা। তেতিয়া কেতিয়াবা সময়েও তোমালোকক ঠগিব আৰু মানুহেও ঠগিব।
Q.প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
পাহিহঁত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰকৈ আকৃষ্ট কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে আমগছ জোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা- উচৰিকৈ মিলা- প্ৰীতিৰে থাকে।
আকৌ কলগছ জোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে। সেইবাবেই প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।
Q. কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
মাকে এইবুলি উপদেশ দিছিল যে সিহঁত পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে, অৰণ্যৰ পৰা শিকিবলগা বহুত কথা আছে। যিমান পাৰে শিকিব আৰু নিজৰ লগতে নিজৰ বস্তুবোৰ চম্ভালিব।
দেউতাকেও শিক্ষকৰ লগ নেৰিবলৈ, যি কয় সেইমতে চলিবলৈ ক’লে। আনহাতে তেওঁ সিহঁতৰ খবৰ লৈ থাকিম বুলি ক’লে।
Q. “কামত ল’ৰা- ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।”— এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল, আঁতিগুৰি মাৰি লিখা। [HSLC,’20]
এই কথাষাৰৰ বক্তা আছিল পাহি- পলহঁতৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰৰ। কাজিৰঙা অভয়ৰণ্যলৈ গৈ থকা অৱস্থাতে বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ- ছাত্ৰীৰ মাজৰ পৰা নেতা- নেত্ৰী পাতি দিছিল। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হৈছিল বাছত থকা ছাত্ৰ- ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ।
নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হৈছিল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই কৈছিল ‘পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ, কাৰণ আমি ল’ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈও মন দিব পাৰিম।
আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিলে। তেতিয়া অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি উক্ত কথাষাৰ কৈছিল।
Q. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল- আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিঁহতক কোনে উদ্ধাৰ কৰিছিল?
পাহি- পলহত কাজিৰঙা গৈ পোৱাৰ পিছত শিক্ষক- শিক্ষয়িত্ৰীসকলৰ পৰামৰ্শক্ৰমে আলহীঘৰৰ নিৰ্দিষ্ট কোঠাত নিজা নিজা বিছনাপত্ৰ পাৰি খেলত ব্যস্ত হ’ল আৰু কিছুমানে ৰং, কাগজ উলিয়াই ছবি অঁকাত লাগিল। পিছে পল, আফতাব আৰু সৌৰভে এইবোৰ একো নকৰি কোনেও ক’ব নোৱাৰাকৈ আবাসৰ পিছফালে গৈ শিকলিৰে বান্ধি থোৱা জপনা বগাই পাৰ হ’ল।
সিহঁতৰ আটাইৰে মন ৰোমাঞ্চিত হৈ পৰিল। একেবাৰে নিৰ্জন ঠাইখনত মনৰ আনন্দতে তিনিও অলপ আগুৱাই গৈ আধা অংশ মেটেকাৰে আগুৰি থকা এটা পুখুৰী আৰু তাত বান্ধি থোৱা এখন নাও দেখা পালে।
নাও বোৱাৰ আনন্দত বান্ধি থোৱা ঠাইৰ পৰা নাওখন এৰি দি তিনিও নাৱত উঠি বাই নিবলৈ ধৰিলে। সিহঁতৰ এজনেও ভালদৰে নাও বা হাতুৰিব নাজানিছিল। নাও গৈ মেটেকাৰ মাজত সোমোৱাৰ লগে লগে নাওৰ এটা ফুটাইদি নাৱৰ ভিতৰলৈ জোৰেৰে পানী সোমাবলৈ ধৰিলে। তাৰ পৰা ৰক্ষা পাবলৈ কোনো উপায় নাছিল।
নাওখন পানীত ডুবিলেই তিনিউজনৰে মৃত্যু অনিবাৰ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পলহঁত এই বিপদত গৈ পৰিছিল। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তিনিও কান্দি কান্দি চিঞৰিবলৈ ধৰিলে (আমি মৰিলোঁ, বচোৱা, কোন আছা আমাক বচোৱা)। ইতিমধ্যে নাওখন কাতি হৈ পল পানীত পৰিল।
আফতাব আৰু সৌৰভে চিঞৰত গগণ ভেদিলে। এনেতে পাঁচজনী মাছমৰীয়া ছোৱালী জাকৈ- খালৈ লৈ সেইপিনে গৈ থাকি সিহঁতৰ চিঞৰ শুনি আৰু অৱস্থা দেখি তালৈ দৌৰি গ’ল আৰু সিহঁতৰ দুজনী ডাঙৰ ছোৱালীয়ে একে জাঁপে পানীত নামি সাঁতুৰি গৈ নাওসহ সিহঁত তিনিওকে পাৰলৈ তুলি আনিলে। পলে যথেষ্ট পানী খাইছিল।
তাৰ এজনী ছোৱালীয়ে তাৰ পেটত হেচুকি পানীখিনি উলিয়াই তাক সুস্থ কৰি তুলিলে। এনেদৰেই সেই মাছমৰিয়া ছোৱালীকেইজনীয়ে সেই বিপদৰ পৰা সিহঁতক উদ্ধাৰ কৰিছিল।
Q. শিক্ষক- শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছত পৰিস্থিতি কি হ’ল বহলাই লিখা।
পল, আফতাব আৰু সৌৰভে শিক্ষকৰ কথা অমান্য কৰি যি বিপদত পৰিছিল আৰু কোনো ৰকমেহে প্ৰাণ ৰক্ষা পৰিল বিদ্যালয়খন। এই ডাঙৰ বদনামৰ পৰা উদ্ধাৰ পালে। সিহঁতৰ এই দুর্ঘটনাই আৰু কাৰ্যই সকলোকে দুখ দিছে। এই কাৰণেই শিক্ষক- শিক্ষয়িত্ৰীসকলে অৰণ্য কাৰ্যসূচী বাতিল কৰিব খুজিছিল।ছাৰসকলৰ এই কথাত ছাত্ৰ- ছাত্ৰীসকলৰ মন মনত বৰ বেয়া লাগিল আৰু পলহঁতলৈ খং উঠিল।
তেতিয়া পলে সকলোৰে ওচৰত ক্ষমা খুজি ছাত্ৰসকলে যি শাস্তি দিয়ে তাকে ল’বলৈ সাজু বুলি কৈ সিহঁতৰ বাবেই অৰণ্য দৰ্শন বাতিল কৰিব নালাগে বুলি অনুৰোধ জনালে। সিহঁত তিনিওকে এৰি বাকীসকলক অৰণ্য দর্শনলৈ লৈ গ’লেই সিহঁতৰ ডাঙৰ শাস্তি হ’ব বুলি ক’লে। ইয়াৰ পিছত নিশা ভাত খাই উঠি ছাত্ৰ- ছাত্ৰীসকলৰ আগত ঘোষণা কৰিলে ‘ইয়াৰ পৰা গৈ তোমালোকে এই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি আমাক দিব লাগিব।
পল, সৌৰভ আৰু আফতাবে আজি কৰা বেয়া কামটোৰ বিষয়ে আৰু কথামপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলো কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব। তেতিয়াহে কাইলৈ পুৱাই আমি সকলো সাজু হম অৰণ্য দৰ্শন কৰিবলৈ।’
লগে লগেই সকলোৱে ফুৰ্তিত চিঞৰি উঠিল আৰু হাতচাপৰি বজালে। পলহঁতে ক’লে, ‘আমি ৰচনাত সকলো লিখিম আৰু জীৱনত এনে কাম নকৰোঁ ছাৰ – ধন্যবাদ, আমাকো যাবলৈ দিয়া বাবে।
Q. মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
মহিচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল, সেই কথা সমগ্ৰ জগতক প্ৰথম জনালে। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী হ’ল মহিচন্দ্ৰ মিৰি।
Q. নিগিনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
নিগিনা চিকাৰীৰ প্ৰকৃত নাম হ’ল– বাপীৰাম হাজৰিকা। তেওঁ প্ৰথম লেডী কাৰ্জনক কাজিৰঙাৰ গঁড় দেখুৱাইছিল।
Q. কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক – শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? [HSLC,’20]
কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে যি বিশেষ শিক্ষা লাভ কৰিলে তাক শিক্ষক- শিক্ষয়িত্ৰীসকলৰ আগত এইদৰে অৱগত কৰিছিল – পাহিয়ে ক’লে যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। পলে ক’লে ল’ৰা আৰু ছোৱালী সকলো সমান।
ছোৱালীকেইজনীয়ে সিহঁতক সেই বিপদৰ পৰা উদ্ধাৰ নকৰিলে সিহঁতে কাজিৰঙাই দেখা নাপালেহেঁতেন। আফতাবে ক’লে যে আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ কৰাটো মূৰ্খৰ কাম।
শেষত সৌৰভে ক’লে যে দলিয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন- শৃংখলা মানি চলাটো জৰুৰী কথা।
বাক্য ৰচনা কৰা
ককাই- ভনী, টুলুং ভুটুং, চিঞৰ- বাখৰ, মানুহ- দুনুহ, তিতি বুৰি।
- ককাই- ভনী : ঘৰখনত ককাই- ভনী আটায়ে মিলা – প্ৰীতিৰে থাকিব লাগে।
- টুলুং – ভুটুং : নাওখনে পানীত টুলুং- ভুটুং কৰাত নাওখনত থকা সৰু ল’ৰা- ছোৱালীকেইটিয়ে ভয়তে চিঞৰিলে।
- চিঞৰ – বাখৰ : চিঞৰ- বাখৰ কৰি থাকিলে বৰ অশান্তি লাগে।
- মানুহ- দুনুহ : মানুহ দুনুহ কোনো নাই, ঘৰখন উদং হৈ আছে।
- তিতি- বুৰি : নাৱৰ পৰা পানীত পৰি পলহঁত তিতি- বুৰি আছিল।
মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা :
অৰণ্য, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বন
- অৰণ্য = ‘ৰ’ ৰ পিছত মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
- অৰ্পণ = ‘ৰ’ ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
- ওৰণি = ‘ৰ’ ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
- পোৰণি = ‘ৰ’ ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
- আডম্বন = ‘ৰ’ ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
- কণ্ঠ = ‘ঠ’ ৰ লগত যুক্ত হোৱাৰ কাৰণে।
অতিৰিক্ত চমু প্ৰশ্নোত্তৰ
‘অৰণ্য যাত্ৰা’ প্ৰবন্ধটোৰ লেখক কোন?
অনুৰাধা শৰ্মা পূজাৰী।
অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম ক’ত হৈছিল?
১৯৬৪ চনত যোৰহাটত।
অনুৰাধা শৰ্মা পূজাৰীযে সাংবাদিকতাৰ পাঠ্যক্ৰম ক’ত সম্পূৰ্ণ কৰিছিল?
কলিকতাৰ বিৰলা ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টত।
অনুৰাধা শৰ্মা পূজাৰী কোনখন কাকতৰ বৰ্তমান সম্পাদকৰ দায়িত্বত আছে?
পষেকীয়া কাকত ‘সাদিন’ৰ।
অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰা আলোচনীৰ নাম কি?
‘সাতসৰী’।
অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাসৰ নাম লিখা?
‘হৃদয় এক বিজ্ঞাপন’।
অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা।
‘ডায়েৰি’।
কোন কোন শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীক কাজিৰঙালৈ লৈ গৈছিল?
অষ্টম আৰু নৱম শ্ৰেণীৰ।
ছাত্ৰ- ছাত্ৰীসকলক কোনখন অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত কৰিছিল?
কাজিৰঙা অভয়াৰণ্যলৈ।
কাজিৰঙালৈ যোৱা ছাত্ৰ- ছাত্ৰীৰ দলটোত কিমান গৰাকী ছাত্ৰ- ছাত্ৰী আছিল?
পঞ্চাশগৰাকী।
পল আৰু পাহি সম্বন্ধত কি আছিল?
ককাই- ভনী।
কাজিৰঙালৈ যাওঁতে ছাত্ৰ- ছাত্ৰীসকলক লগত কি নল’বলৈ কোৱা হৈছিল?
কেমেৰা, ম’বাইল ফোন।
মাকে পল আৰু পাহিৰ যুঁজৰ সামৰণি কেনেকৈ মাৰিছিল?
পকা কল দুটা সিহঁতৰ হাতত দি বা মিঠাই, বিস্কুট দি।
‘পাহি আৰু পলে মাক- দেউতাকৰ ভৰি চুই আশীৰ্বাদ ল’লে।’- কিহৰ আশীৰ্বাদ লৈছিল?
শিক্ষক- শিক্ষয়িত্ৰীসহ অন্যান্য ছাত্ৰ- ছাত্ৰীৰ লগত কাজিৰঙালৈ যাবলৈ ওলাই আশীৰ্বাদ লৈছিল।
কেইখন বাছত কাজিৰঙালৈ পলহঁত যাত্ৰা কৰিছিল?
দুখন বাছত।
পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল?
বাছত থকা ছাত্ৰ- ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ মন দিবলৈ।
সৌৰভ আৰু আফতাবক কি দায়িত্ব দিয়া হৈছিল?
খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমবিতৰণ কৰিবলৈ।
সৌৰভ আৰু আফতাব কোন শ্ৰেণীৰ ছাত্ৰ?
নৱম শ্ৰেণীৰ।
বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকীৰ নাম কি আছিল?
মালবিকা।
অংকৰ শিক্ষকজনৰ নাম কি?
ৰঞ্জিত হাজৰিকা।
বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেউৱে ছাত্ৰ- ছাত্ৰীসকলক কি বুলি কৈছিল?
তেওঁ কৈছিল – “তোমালোকক আমি এই কেইদিন প্রতিমুহূৰ্ততে পৰ্যবেক্ষণ কৰিম।
তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলা- প্ৰীতিৰে থাকিবা। শিক্ষকৰ কথা শুনিবা আৰু কি কি দেখিলা, শিকিলা তোমালোকৰ টুকাবহীত লিখি যাব ।”
অসমীয়া বিষয়ৰ শিক্ষকজনৰ নাম কি ?
তপন বৰুৱা।
গঁড়, হাতী হৰিণা পহু চাবলৈ কেই বজাত ছাত্ৰ- ছাত্ৰীসকলক ৰাতিপুৱা উঠিবলৈ কৈছিল?
ৰাতিপুৱা চাৰি বজাত।
খোৱা ঘৰৰ বেৰত কি লিখা আছিল?
‘Self Service’.
“এনেকৈ নহয়, শাৰী পাতা সকলোৱে” বুলি কোনে কৈছিল?
পাহিয়ে।
ভাত খোৱাৰ পাছত ছাত্ৰ- ছাত্ৰীসকলক ক’লৈ যাবলৈ কোৱা হৈছিল?
জিৰণি ঘৰলৈ।
পলহঁত উঠা নাওখনত কেনেকৈ পানী সোমাইছিল?
নাওখনৰ তলীত থকা ফুটাৰে।
“বচোৱা,কোন আছা, আমাক বচোৱা”—- বুলি কোনে চিঞঁৰিছিল?
পলে।
পলহঁতক বিপদৰ পৰা কোনে উদ্ধাৰ কৰিছিল?
মাছমাৰিবলৈ যোৱা ছোৱালীকেইজনীয়ে।
পলহঁতক বিপদৰ পৰা উদ্ধাৰ কৰা ছোৱালীকেইজনীৰ নাম কি কি?
দিপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষী।
পলহঁতক বিপদৰ পৰা উদ্ধাৰ কৰা মাছমৰিয়া ছোৱালী কেইজনী আছিল?
পাঁচজনী।
ছোৱালীকেইজনীয়ে গুচি যাওঁতে পলহঁতক কি বুলি কৈ গ’ল?
“ঠিক আছে, ভালকৈ যাবা আৰু আগলৈ নজনা কামত মৰসাহস নেদেখুৱাবা।”
গা- পা ধুই অহাৰ পাছত পলহঁতক কি খাবলৈ দিছিল?
গৰম গাখীৰ।
ফুৰিবলৈ যাবলৈ ওলাই “পল, সৌৰভ আৰু আফতাব যাব নালাগে । সিহঁতে জিৰণি লওক।”—– বুলি কোনে কৈছিল?
অংকৰ ছাৰে।
কাজিৰঙা যাত্ৰাৰ দলপতি কোন আছিল?
হাজৰিকা ছাৰ।
“তোমালোকে সকলোৱে ভাত খাই লোৱাৰ পাছত আমি সিদ্ধান্ত ল’ম।” – ইয়াত কিহৰ সিদ্ধান্ত লোৱাৰ কথা কৈছে?
কাজিৰঙা অভয়াৰণ্যৰ ভিতৰলৈ গৈ দৰ্শন কৰা নকৰাৰ সিদ্ধান্ত।
মানসী কোন শ্ৰেণীৰ ছাত্ৰী?
অষ্টম শ্ৰেণীৰ।
এটা খৰ্গৰ গঁড় সৰ্বাধিক ক’ত পোৱা যায়?
অসমৰ কাজিৰঙাত।
ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল?
১৮২৬ চনত।
ব্ৰিটিছ ভাইচৰয় জনৰ নাম কি?
লৰ্ড কাৰ্জন।
ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নীৰ নাম কি আছিল?
মেৰী কাৰ্জন।
বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজন কোন আছিল?
বন বিষয়া মহিচন্দ্ৰ মিৰি।
গৰমৰ বন্ধত পল আৰু পাহিয়ে কি কৰিছিল?
গৰমৰ বন্ধ আৰম্ভ হোৱাৰ দিনৰে পৰাই পলে পুৱা পঢ়া- শুনা কমকৈ কৰিছিল, দেৰিকৈ শুই উঠিছিল। পাহিয়ে কিন্তু পুৱা চাহ- জলপান খোৱাৰ পাছত মাকক বাচন – বৰ্তন ধোৱা আৰু ঘৰৰ আচবাবৰ ধূলি মচা- সৰাত সহায় কৰিছিল।
অৰণ্যযাত্ৰাৰ আগদিনা পাহিয়ে বেগত কি কি বস্তু বেগত ভৰাই লৈছিল?
এখন ডাঙৰ আৰু এখন সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপী, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চলাইট, কপাহী কাপোৰ, কলম ইত্যাদি।
পলৰ ঠেহ ভাঙিবলৈ মাকে কি বুলি কৈছিল?
“তুমি নিজৰ বস্তু সামৰি গোটাই লোৱা নাই কিয়? এয়া পাহিৰ দোষ নহয়, তোমাৰ দোষ। ঠিক আছে নোযোৱাকৈ থাকিব নালাগে, মই তোমাৰ নিবলগা বেগটো সাজু কৰি দিম – এতিয়া মন মাৰি নাথাকিবা।”
“একোখন অৰণ্যৰ মানুহৰ হাওঁফাওঁৰ দৰে।” — কথাষাৰি বুজাই লিখা?
অৰণ্যত থকা গছ- গছনি আৰু কিছুমান জীৱ- জন্তুই বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে। এই অম্লজানেই মানুহক সুস্থ শৰীৰে জীয়াই ৰাখে। গছ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে। কিছুমান ৰোগীকো জীয়াই ৰাখিবলৈ অম্লজানৰ মুখা পিন্ধাই দিয়া হয়।
পানীৰ তললৈ যোৱা ডুবাৰুসকলে অম্লজানৰ চুঙা পিঠিত বান্ধি লৈ যায়। এই অম্লজান তৈয়াৰ কৰিব পাৰে একমাত্ৰ গছ-গছনি আৰু অৰণ্যত থকা কিছুমান জীৱ জন্তুৱেহে। সেই কাৰণেই অৰণ্যক মানুহৰ হাওঁফাওঁৰ লগত তুলনা কৰিছে।
হাওঁফাওঁৰ অবিহনে মানুহ জীয়াই নাথাকে। সেইদৰে মানুহক জীয়াই ৰখা অম্ললজন তৈয়াৰ কৰা অৰণ্য ন’হলেও মানুহ বাচি নাথাকিব।