দৃশ্যান্তৰ class 10 || class 10 assamese chapter 5 question answer

দৃশ্যান্তৰ class 10

হৰেকৃষ্ণ ডেকা

কবি পৰিচিত

১৯৪৩ চনত জন্ম। ল’ৰালি কাল তিনিচুকীয়াত কটায় আৰু তাৰে পৰাই ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম. এ. পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰি ভাৰতীয় প্ৰশাসনীয় সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে।
তেওঁ ‘ The Sentinel ‘, ‘ গৰীয়সী ‘, প্ৰভৃতি আলোচনীৰো সম্পাদক আছিল। তেওঁৰ ৰচিত গ্ৰন্থসমূহ এনেধৰণৰ –
কবিতাপুঠি – ৰাতিৰ শোভাযাত্ৰা, আন এজন, Sea-scare

গল্পপুথি – গল্প আৰু কল্প, মধুসুদনৰ দলং, মৃত্যুদণ্ড।
উপন্যাস – আগন্তুক। তেওঁ ১৯৮৭ চনত সাহিত্য একাডেমি বঁটা, ১৯৯৬ চনত ‘ কথা বঁটা ‘ আৰু ১৯১০ চনত ‘ আসাম ভেলি লিতাৰেৰী বঁটা ‘ লাভ কৰে।

শব্দৰ অৰ্থ আৰু টোকা

  • কাকিনী তামোল – বৰ ওখ তামোল। [HSLC,18]
  • দাহ – পোৰণি, পোৰা কাৰ্য, দহন, শোক, সন্তাপ।
  • দৃশ্যান্তৰ – ভিন্ন বা অন্য দৃশ্য। [HSLC,17]
  • নিউঞ্জ – কুজা।
  • যক্ষ – পুতি থোৱা ধন – সোণ ৰাখি থাকে বুলি ভবা অপদেৱতা, অতিশয় কৃপণ লোক।

পাঠভিত্তিক প্ৰশ্নোত্তৰ

১/ চমু উত্তৰ দিয়া /
(ক) কবিয়ে কিমান বছৰ পিছত মানুহজনক লগ পাইছিল? [HSLC,16]
উত্তৰ: পঁচিশ বছৰৰ পাছত।

(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰ : কুকুৰীকনা হোৱা কাৰণে জোনৰ পোহৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?
উত্তৰ: আলি কেকুৰীটোৰ কাষত।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
উত্তৰ: আগলি বাঁহে।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
উত্তৰ: গধূলি সময়ত।

(চ) নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? [HSLC,17]
উত্তৰ: কবিয়ে দৃশ্যান্তৰ কবিতাত বৰ্ণনা কৰা মতে ঘৰ বিচাৰি নোপোৱা মানুহজন আছিল কুকুৰিকনা।

পূৰ্ণ জোনৰ পৰিপূৰ্ণ জোনাকৰ পোহৰতো তেওঁৰ পদুলিত থকা পজা ঘৰটো বিচাৰি নোপোৱাত কবিয়ে তেওঁক হাতত ধৰি আগবঢ়াই দিছিল।

(ছ) কবিয়ে লগ পোৱা বৃদ্ধ কুঁজা মনুহজনক লগ পোৱা আলি কেকুৰিটো কেনে আছিল? [HSLC,15]
উত্তৰ: কবিয়ে লগ পোৱা মানুহজনৰ আলি কেকোৰিটো আছিল কেঁচা। কবিয়ে মানুহজনক পঁচিশ বছৰৰ আগে লগ পাইছিল। কবিৰ ভাষাত –

পঁচিশ বছৰ আগতে
এই ঠাইতেই এজনক লগ পাইছিলো
আলি কেকুৰিতো আছিল কেঁচা।

২/ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল, তোমাৰ নিজৰ কথাৰে লিখা। [HSLC,15/16]
অথবা ‘ দৃশ্যান্তৰ ‘ কবিতাটোত কবিয়ে কিদৰে পৰিবৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, তোমাৰ ভাষাৰে বুজাই লিখা।
উত্তৰ: পঁচিশ বছৰৰ পিছত একে ঠাইতেই কবিয়ে আৰু এজন মানুহক লগ পালে, বৃদ্ধ কুজা মানুহজন সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ আছিল।

ওচৰে – পাজৰে কেইবাটাও অট্টালিকা সগৌৰৱে থিয় হৈ আছিল। কবিক দেখি সন্দেহপূৰ্ণ চাৱনিৰে চাই মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি আহিছে নেকি সুধিলে। তেওঁ লগতে ক’লে যে – এই কুবেৰৰ মহলাত ভাৰাঘৰ নাই, থাকিলেও তাত শান্তিৰে থাকিব পৰা নাযাব।

এই ঘৰটোত কিছুমান স্বাৰ্থপৰ মানুহ বাস কৰে। এইবুলি কৈয়েই বৃদ্ধ মানুহজন সাতমহলীয়া ঘৰৰ ভিতৰত সোমাই গ’ল।

৩/ ‘ দৃশ্যান্তৰ ‘ কবিতাটোৰ মূলভাৱ লিখা। [HSLC,15/16/17/18/19]
উত্তৰ: ‘ দৃশ্যান্তৰ ‘ কবিতাটোত কবিয়ে পঁচিশ বছৰৰ আগতে আৰু পঁচিশ বছৰৰ পিছত দৃষ্টিগোচৰ হোৱা দুটি ভিন্ন দৃশ্যৰ অৱতাৰণা কৰিছে।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজ জীৱনলৈ যেন ধৰণৰ পৰিবৰ্তন আহে, সেই পৰিৱৰ্তনে মানুহক বৈষয়ীক সুখ সমৃদ্ধি প্ৰদান কৰিলেও আচলতে যে মানুহ প্ৰকৃত সুখ লাভৰ পৰা বঞ্চিত হয়, সেই কথা কবিতাটোৰ দুটি ভিন্ন দৃশ্যৰ মাধ্যমেদি কবিয়ে প্ৰকাশ কৰিছে।

পঁচিশ বছৰৰ আগতে জোনাকৰ পোহৰত নিজৰ পজাঘৰটো বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱা এগৰাকী মানুহক কবিয়ে হাতত ধৰি আগুৱাই দিওঁতে উক্ত পজা ঘৰটিতে তেওঁ অতি শান্তিত জীয়াই থকা বুলি মত প্ৰকাশ কৰিছিল। সুদীৰ্ঘ পঁচিশ বছৰৰ মূৰত কবিয়ে উক্ত স্থানত পজাঘৰ, কেঁচা আলি, কাকিনী তামোল আৰু বাঁহ গছ দেখা নাপালে।
তাৰ পৰিৱৰ্তে এটি সাতমহলীয়া ঘৰৰ ওচৰত গৈ তেওঁ উপস্থিত হৈছিল। সেই ঠাইত বহুতো অট্টালিকা গঢ় লৈ উঠিছিল আৰু মানুহবোৰে ব্যস্ততাৰে নিজৰ কৰ্তব্য সম্পাদন কৰিছিল।

অচিনাকি কবিক দেখি মানুহজনে তেওঁক ভাৰাঘৰ বিচাৰি যোৱা বুলি সন্দেহ কৰি তেওঁক এই কুবেৰৰ মহলাত ঘৰ নাই আৰু থাকিলেও ইয়াত কোনো ধৰণৰ শান্তি নাই বুলি সতৰ্ক কৰি দিছিল।

দুটি দৃশ্যৰ মাজেদি কবিয়ে গ্ৰাম্য জীৱনৰ সৰলতা আৰু সহজ আন্তৰিকতাৰ বিপৰীতে নাগৰিক সভ্যতাৰ বিকাশে সৃষ্টি কৰা কংক্রীটৰ অৰণ্যত যে মানুহ প্ৰকৃত সুখ – শান্তি লাভৰ পৰা বঞ্চিত, সেই কথা সোঁৱৰাই দিছিল।

৪/ ‘বোৰ শান্তিত আছোঁ এই পজাটিত’। কোনে, কিয় এইদৰে কৈছিল? কথাশাৰীৰ অন্তৰনিহিত ভাৱ মোকলাই লিখা। [HSLC,17]
উত্তৰ: পঁচিশ বছৰৰ আগতে ‘ দৃশ্যান্তৰ ‘ কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকাই গধূলি সময়ত এটা কেঁচা আলিৰ কেকুৰিত নঙলামুখত নিজৰ পদুলিটো খেপিয়াই ফুৰা এজন মানুহ লগ পাইছিল।

তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজাঘৰৰ। সেই পজাঘৰটোৰ দাঁতিত কেইজোপামান কাকিনি তামোল আকাশলৈ ধিয়াই থিয় হৈ আছিল।

ঘৰৰ দাঁতিত আগলি বাঁহ জোপাই তললৈ হাউলি নমস্কাৰ জনাইছিল। গ্ৰাম্য জীৱনৰ এনে শান্তিময় পজাটিত অকলশৰীয়া মানুহজনক যেতিয়া কবিয়ে হাতত ধৰি প্ৰৱেশ কৰাই দিছিল, তেতিয়া কবিক তেওঁ কৈছিল যে এই পজাঘৰটোতেই তেওঁ অতি সুখেৰে আছে।

মানুহৰ কোলাহল নাই যদিও প্ৰকৃতিৰ নিবিড় পৰিৱেশ। মানুহজনে কবিক এই কথা জনাইছিল।

৫/ ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?’ – কোনে, কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
উত্তৰ: কবিয়ে পঁচিশ বছৰ আগতে দেখা পজাঘৰএটিৰ ঠাইত উঠা সাতমহলীয়া ঘৰৰ সমুখত ৰৈ থকা বৃদ্ধ লোক এজনে তাত তেওঁক দেখি এনেদৰে সুধিছিল।

বৃদ্ধ লোকজনে কবিক তালৈ ভৰাঘৰ বিচাৰি যোৱা বুলি ভাবিছিল। পঁচিশ বছৰ আগতে পজা ঘৰটোত মানুহজনৰ বৰ শান্তি আছিল। আজি সাতমহলীয়া ঘৰত থাকিও তেওঁ শান্তি পোৱা নাই।

কংকৃতৰ জংঘলত অকলশৰীয়াৰ দৰে বৰ অশান্তিত তেওঁ আছে। তেনে ঠাইত ভাৰাঘৰ নল’বলৈ যেন কবিক বৃদ্ধজনে ক’ব বিচাৰিছে।

৬/ দৃশ্যান্তৰ কবিতাটোৰ কবিৰ পৰিচয় লিখা। [HSLC,17]
উত্তৰ: ১৯৪৩ চনত জন্ম। ল’ৰালি কাল তিনিচুকীয়াত কটায় আৰু তাৰে পৰাই ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম. এ. পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰি ভাৰতীয় প্ৰশাসনীয় সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে।

তেওঁ ‘ The Sentinel ‘, ‘ গৰীয়সী ‘, প্ৰভৃতি আলোচনীৰো সম্পাদক আছিল। তেওঁৰ ৰচিত গ্ৰন্থসমূহ এনেধৰণৰ –
কবিতাপুঠি – ৰাতিৰ শোভাযাত্ৰা, আন এজন, Sea-scare
গল্পপুথি – গল্প আৰু কল্প, মধুসুদনৰ দলং, মৃত্যুদণ্ড।
উপন্যাস – আগন্তুক।
তেওঁ ১৯৮৭ চনত সাহিত্য একাডেমি বঁটা, ১৯৯৬ চনত ‘ কথা বঁটা ‘ আৰু ১৯১০ চনত ‘ আসাম ভেলি লিতাৰেৰী বঁটা ‘ লাভ কৰে।

৭/ বাখ্যা কৰা।

(ক) ‘ মৰিলে দাহ কৰিবলৈয়ো এজন মানুহ নাই।’
উত্তৰ :- উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য – সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ‘ দৃশ্যান্তৰ ‘ কবিতাৰ পৰা তুলি দিয়া হৈছে।

গ্ৰাম্য জীৱনৰ সৰলতা আৰু আন্তৰিকতাক ক্ৰমান্বয়ে আধুনিক জীৱন শৈলীয়ে গ্ৰাস কৰি পেলাইছে। মানুহবোৰ অধিক ব্যস্ত হৈ পৰিছে আৰু এই ব্যস্ততাৰত ইন্ধন যোগাইছে আধুনিক জীৱনশৈলীয়ে।

প্ৰতিযোগিতাৰে পৰিপূৰ্ণ এই জগতখনত মানুহবোৰ ক্ৰমে হৃদয়হীন হৈ পৰিছে, স্বাৰ্থপৰ আৰু সংকীৰ্ণ মানসিকতাই মানুহক মানৱীয় অনুভূতিশূণ্য কৰি পেলাইছে। সেয়ে, বিপদে – আপদে কোনেও কাকো সহায় নকৰে।

আনকি মানুহ কৰিলেও ওচৰ চুবুৰীয়াই সহায় কৰিবলৈ নাহে। এনে প্ৰসঙ্গতে কবিয়ে উক্ত কথাখিনি কৈছে।

(খ) ‘ যশৰ পোৱালিহঁতে কাক কেনে চায়।’
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য – সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ‘ দৃশ্যান্তৰ ‘ কবিতাৰ পৰা তুলি দিয়া হৈছে।

সাতমহলীয়া ঘৰৰ সমুখত ৰৈ থকা বৃদ্ধ লোকজনে কবিক তাতে দেখি তালৈ তেওঁ ঘৰভাৰা বিচাৰি যোৱা বুলি ভাবি অশান্তিৰৰে এনেদৰে কৈছিল। পঁচিশ বছৰ আগতে সাতমহলীয়া ঘৰটোৰ ঠাইত এটি পজাঘৰ আছিল। সেই ঘৰটোত মানুহজন বৰ শান্তিত আছিল।

সেই সময়ত মানুহে মানুহক সংযোগ কৰিছিল। মানুহবোৰ সৰল আছিল। এতিয়া চাৰিওফালে ডাঙৰ ডাঙৰ অট্টালিকা গঢ়ি উঠিল। মানুহবোৰ নিজৰ স্বাৰ্থত অতি ব্যস্ত হৈ পৰিল। কোনেও কাৰো ফালে চোৱাৰ সময় নাই। যশৰ দৰে মানুহৰ মৰম চেনেহ আন্তৰিকতা নোহোৱা হ’ল।

এই নিষ্ঠুৰ পৰিবৰ্তনত অতিষ্ঠহৈয়ে মানুহজনে হৃদয়হীন এই মানুহবোৰক যশৰ পোৱালি বুলি কবিক কৈছে।

(গ) ‘ এই কংকৃতৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু।’ [HSLC,18]
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য – সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ‘ দৃশ্যান্তৰ ‘ কবিতাৰ পৰা তুলি দিয়া হৈছে।

মানুহবোৰ সৰু পজাঘৰত থাকোতেই অতি শান্তিত আছিল। পস্পৰে পৰস্পৰক সহায় কৰিছিল, মানুহৰ মাজত হৃদয়ৰ সম্পৰ্ক আছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে কংকৃতৰ অৰণ্যত পৰিণত হৈছে আমাৰ সমাজখন।

লগে লগে মানুহৰ হৃদয়বোৰো কংকৃতলৈ পৰ্যবসিত হৈছে। সেয়ে অচিনাকি কবিক ঘৰ বিচাৰি অহা বুলি সতৰ্ক কৰি দিয়া মানুহজন সাতমহলীয়া কংক্ৰিতৰ অৰণ্যত হঠাতেই ক’ত লুকাই পৰিল কবিয়ে বিচাৰি পোৱা নাই।

প্ৰেম আৰু আন্তৰিকতা নোহোৱা ঠাইত যে মানুহ কাহানিও সুখত থাকিব নোৱাৰে, সেয়া তাৰ নিদৰ্শন মাত্ৰ।

(ঘ) ‘ সময়টো আছিল গধূলি। তেওঁ নঙলামূখত বিচাৰি ফুৰিছিল নিজৰ ঘৰ পদূলি।’ [HSLC,19]
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্য পুথি সাহিত্য – সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত ‘ দৃশ্যান্তৰ ‘ কবিতাৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে এদিন গধূলি এটা কেঁচা আলিৰ কেকুৰীত নিজৰ নংলামুখত এজন কুকুৰিকণা মানুহ লগ পাইছিল। মানুহজন অকলশৰীয়া। তেওঁক সহায় কৰিবলৈ কোনো নাই। কবিয়ে জানিব পাৰিলে যে জোনাকৰ পোহৰতো নিজৰ নংলামুখত ঘৰৰ পদূলিটো বিচাৰি নোপোৱা মানুহজনক হাতত ধৰি নিজৰ পজাঘৰত সুমুৱাই দিছিল।

নিজৰ নংলামুখত থাকিও পদুলিতো আৱিষ্কাৰ কৰিব নোৱাৰা মানুহজনলৈ কবিৰ দয়া উপজিছিল। কবিৰ মতে মানুহজন কুকুৰিকনা ৰোগত ভুগি থকাৰ কাৰণেই হয়তো গধূলি সময়ত তেওঁ নিজৰ ঘৰটো বিচাৰি উলিওৱাত অসুবিধা হৈছিল।

0Shares

Leave a Comment

Exit mobile version