বিষাদযােগ class 10 Assamese Notes
শ্ৰীভট্টদেৱ
লেখক পৰিচিত
অসমীয়া গদ্যৰ জন্মদাতা ভট্টদেৱৰ (খ্রী. ১৫৫৮-১৬৩৮) সম্পূর্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
কামৰূপ জিলাৰ বৰনগৰ অঞ্চলৰ ভেগ্রাম নিবাসী চন্দ্রভাৰতীৰ তেওঁ দ্বিতীয় পুত্র। পিতৃৰ নির্দেশানুক্রমে তেওঁ শ্রীদামােদৰদেৱত শৰণ লয়। ভাগৱতত বিশেষ ব্যুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁ পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচার্য উপাধি লাভ কৰে।
(গুৰুৰ নির্দেশমতে সর্বসাধাৰণে বুজিব পৰাকৈ কথাত (গদ্যত) ভট্টদেৱে ভাগৱত পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰে।
ইয়াৰ উপৰি অসমীয়া ভাষাত শৰণ মালিকা, গুৰু বংশাৱলী, প্রসংগমালা আৰু সংস্কৃত ভাষাত ভক্তিসাৰ আৰু ভক্তিবিবেক ৰচনা কৰে। ভট্টদেৱৰ পূর্বে কোনাে উত্তৰ ভাৰতীয় ভাষাতে গদ্যত পুথি ৰচিত হােৱা নাছিল।
ভট্টদেৱে অসমীয়া গদ্যত তত্বগধুৰ ব্যাখ্যা ৰচনা কৰি আহি দেখুৱাই গ’ল। তেওঁৰ গদ্য অৱশ্যে বুৰঞ্জীৰ গদ্যৰ দৰে কথিত গদ্য নহয়। তেওঁ সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈছিল- ছদৰীতিৰ কিছু লক্ষণ তেওঁৰ ভাষাত বিদ্যমান।
শব্দার্থ আৰু টোকা
- অগ্রগণী – মুখ্য, প্রধান।
- অক্ষৌহিণী – এক অক্ষৌহিণীত ২১,৮৭০ ৰথ আৰু হাতী, ৬৫,৬১০ ঘোঁৰা আৰু ১,০৯,৩৫০ পদাতিক বীৰ থাকে।
- কপিধ্বজ – যাৰ ধ্বজ বা পতাকাত বান্দৰৰ প্ৰতীক আছে।
- জনাৰ্দ্দন – দুষ্টজনক পীড়ন কৰে কাৰণে কৃষ্ণ বা বিষ্ণুক জনাৰ্দ্দন বোলে।
- জলাঞ্জলিহীন – যাৰ উদ্দেশ্য তৰ্পণ কৰা নহয়।
- ধানুকী – ধনুৰ্দ্ধৰ বিদ্যা।
- নয় – নহয়।
- নিবৃত্তি – বিৰতি।
- পিতৃব্য – পিতৃৰ ভাই, খুড়া, সম্পৰ্কীয় বয়সীয়া পুৰুষ।
- পুৰি – পূৰ্ণ কৰা।
- বৰ্ণ শংকৰ – ভিন ভিন জাতিৰ স্ত্ৰী – পুৰুষৰ মিলনত জন্মা সন্তান।
- বৰ্ণাশ্ৰয় ধৰ্ম – ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰি বৰ্ণ বা জাতিৰ ব্ৰহ্মচৰ্য, গহৰস্থ, বানপ্ৰস্থ আৰু সন্যস এই চাৰি আশ্ৰমৰ শাস্ত্ৰবিহিত ধৰ্ম।
- বেহুৰুপে – যুদ্ধৰ কাৰণে প্ৰণালীবদ্ধৰূপে সজাই থোৱা অৱস্থা।
- লুপ্তপিণ্ড – যাৰ পিণ্ড লোপ হয়।
- হয় – ঘোঁৰা।
- হ্রষিকেশ – ইন্দ্ৰিয়ৰ গৰাকী, ইন্দ্ৰিয়ৰ অধিপতি, জিতেন্দ্ৰীয়।
পাঠভিত্তিক প্রশ্নোত্তৰ প্রশ্ন
১। চমু উত্তৰ লিখা।
(ক) মহাৰথী কাক বােলে?
উত্তৰঃ যি অকলে দশ হেজাৰ ধানুকীক খুঁজে, তাক মহাৰথী বােলে।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰ গুৰু দ্রোণ, ভীষ্ম পিতামহ, কর্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ, সােমদত্ত পুত্র ভূৰিশ্ৰৱা।
(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণৰাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰ : সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলাে ঠাইতে শংখ, ভেৰী, আনক, গােমুখ আদি নানা বাদ্য বাজি উঠিল, তাৰ মহাশব্দ হ’ল।
(ঘ) আততায়ী কাক বােলে ? [HSLC;2019]
উত্তৰঃ যি বিষ দিব বিচাৰে, অগ্নি দিয়ে, ধর্ম সর্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভার্যাকো অপকাৰ কৰিছে, অস্ত্র ধৰি যুঁজিছে, এই ছয়দোষত দোষীসকল আততায়ী।
(ঙ) কুলক্ষয় দোষ কি? [M.Q. 2015, HSLC’17]
উত্তৰঃ কুলক্ষয় হ’লে কলধর্ম নষ্ট হয়, ধর্ম নষ্ট হলে অরশিষ্ট কুলকো অধর্মই বিৰাজ কৰে। অধর্ম বিয়পিলে কলস্ত্রীসকল দুষ্টা হয়।
(প্রশ্ন ২। তােমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্দোৎসৱৰ বিষয়ে লিখা। [HSLC.’17/18]
উত্তৰঃ সঞ্জয়ে ক’লে জানা ৰাজা, পাণ্ডৱৰ সেনাসকলে বেহুৰূপে থকা দেখি পুত্র দুর্যোধনে দ্রোণাচার্যৰ ওচৰলৈ গৈ ক’বলৈ ধৰিলে- ‘হে আচার্য, পাণ্ডৱসকলৰ বিস্তৰ সেনালৈ চোৱা, দ্ৰুপদৰ পুত্র শিষ্য ধৃষ্টদ্যশ্নই বেহু পাতি আছে।
ভিমাৰ্জ্জুনসম মহা ধুৰণ্ডৰসবো আছে। তাৰ নাম শুনা– সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, সুধাম, দ্রৌপদীৰ পাঁচ পুত্র, প্রতিবিন্ধ্যাদি, এই সকলাে মহাৰথী।
কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ ভিতৰত গুৰু দ্রোণ, ভীষ্ম পিতামহ, কর্ণ মহাৰথী, কপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ আৰু সােমদত্তৰ পুত্র ভূৰিশ্ৰৱা। ইয়াৰ বাহিৰে anek যুদ্ধবিশাৰদ সেনাবাহিনী আছে। কিন্তু একাদশ অক্ষৌহিণী সেনায়াে যেন পাণ্ডৱৰ বিপলে যুঁজিবলৈ সক্ষম নহয়, এনে ধাৰণা জন্মে।
আনহাতে পাণ্ডৱে সাত অক্ষৌহিণী সেনা লৈয়েই, কৌৰৱৰ সৈতে যুঁজিবলৈ সামর্থ্য প্রকাশ কৰিছে। গতিকে কৌৰৱসকলে সাৱধানে যুদ্ধক্ষেত্ৰত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিব লাগে।
ভীষ্মৰ জীৱনেই কৌৰৱৰ জীৱন। এনেয়ে ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে ভীষ্মই সিংহৰ দৰে মহানাদ কৰি উচ্চ স্বৰত শংখ বজালে। ভীষ্মক অনুসৰণ কৰি অন্যান্যসকলেও শংখ, ভেৰী, আনক, গােমুখ আদিবাদ্য বজালে।
ইতিমধ্যে শুক্লবর্ণ চাৰিটা ঘোঁৰাসজ্জিত মহাৰথত উঠি কৃষ্ণাজ্জনে দিব্য শংখ বজালে। কৃষ্ণই পাঞ্চজন্য, অর্জুনে দেৱদত্ত, ভীমে পৌণ্ড্রক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘােষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজালে।
অন্যান্য বীৰসকলেও পৃথকে পৃথকে শংখ বজালে। পাণ্ডৱ পক্ষৰ শংখৰ মহাশব্দই আকাশ পৃথিৱীসমে চৌদিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মালে, হৃদয় বিদীর্ণ কৰিলে।
প্রশ্ন ৩। অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? [HSLC;15/16/18]
উত্তৰঃ অর্জুনে সন্মুখত দেখি গাণ্ডীৱ ধনু ধৰি হৃষীকেশ ভগৱন্তক এই বাক্য বুলিলে— ‘হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মােৰ ৰথখন ৰাখা।
মই পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ অহা বীৰসকলক চাওঁ। যদি তুমি কোৱা যে তুমি যুঁজাৰু, যুদ্ধ চোৱা তােমাৰ কাম নহয়।
তেন্তে অর্জুনেনাে কাৰ বিৰুদ্ধে যুদ্ধ কৰিব, দুর্বুদ্ধি দুর্যোধনৰ প্রতি অনুগত হৈ যিসকল বীৰ আহিছে তেঁওলোকক চাওঁ। গতিকে উভয় সেনাৰ মাজত মােৰ ৰথখন ৰাখিবা।
প্রশ্ন ৪। অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলােকক দেখা পাই শ্রীকৃষ্ণক কি কৈছিল তােমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ শ্রীকৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখাৰ পিছৰ বিপক্ষৰ সেনাৰ প্রতি অর্জুনে দৃষ্টি নিক্ষেপ কৰিলে। তেওঁ দেখিলে যে পিতৃব্য, পিতামহ, আচার্য, মাতুল, ভাতৃ, পুত্র, পৌত্র, সখি, শশুৰ আৰু সুহৃদসবক উভয় সেনাৰ মাজত দেখিলে।
সেই সকলাে আত্মীয়সকল যুদ্ধৰ কাৰণে বিপক্ষত সমবেত হােৱা দেখি অর্জুনৰ মনত বৰ দুখ লাগিল আৰু শ্রীকৃষ্ণক ক’লে যে এই জ্ঞাতি-কুটুম্বসকল যুদ্ধৰ বাবে যুদ্ধস্থলীত উপস্থিত হােৱা দেখি তেওঁৰ হাত-ভৰিৰ কঁপনি উঠিছে, মুখ শুকাই গৈছে, শৰীৰ কপিছে, নােম শিয়ৰি উঠিছে, হাতৰ পৰা গাণ্ডীৱ খহি পৰিব ধৰিছে, গাত উত্তাপ বৃদ্ধি পাইছে। মনলৈ ভ্ৰম আহিছে, যুঁজিব পাৰিম নে নােৱাৰিম।
সমুখত নানা ধৰণৰ অমংগলৰ চিহ্ন দেখা গৈছে। যুদ্ধত আত্মীয়সকলক বধ কৰি একো ফল নেদেখাে, বিজয়ৰ আকাংক্ষাও নকৰো, ৰাজ্যৰ ইচ্ছাও নকৰো, সুখৰ বাঞ্ছাও নকৰো।
হে গােবিন্দ, আমাৰ ৰাজ্যভােগত কি প্রয়ােজন? যি বন্ধুসকলৰ অর্থে আমি ৰাজ্যভােগৰ বাঞ্ছা কৰোঁ বন্ধুসকলৰ প্রাণত্যাগৰ অংগীকাৰ স্বীকাৰ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈ আচার্য, পিতৃব্য, পিতামহ, মাতুল, শশুৰ, শ্যালা, প্রভৃতি সম্বন্ধসকলে আমাক হত্যা কৰিলেও আমি তেওঁলােকক মাৰিবৰ বাবে যােগ্য নহয়?
তাতে ধৃতৰাষ্ট্ৰৰ পুত্রসকলক বধ কৰি আমাৰ কি লাভ হ’ব? যদিও তেওঁলােক আততায়ী আৰু আততায়ীক বধ কৰাত কোনাে দোষ নাই, তথাপি ধর্মশাস্ত্রমতে তেওঁলােকক বধ কৰিলে আমাৰ দোয় হ’ব। যিহেতু ধৃতৰাষ্ট্ৰৰ পুত্রসকল আমাৰ বান্ধৱ, গতিকে তেওঁলােকক বধ কৰিলে আমাৰ অন্যায় হ’ব। গতিকে বন্ধুসকলক বধ কৰি ইহলােকত কেনেদৰে সুখী হ’ম?
৫। কুলক্ষয় দোযক কিয় মহাপাপ বােলা হৈছে, আলােচনা কৰা। [HSLC’17]
উত্তৰঃ কুলক্ষয় হলে কুলধর্ম নষ্ট হয়, ধর্ম নষ্ট হলে অৱশিষ্ট কুলতাে অধর্ম বিয়পে। অধর্ম বিয়পিলে কুলস্ত্রীসকল দুষ্টা হ’ব।
স্ত্রী দুষ্টা হলে বর্ণসংকৰ হ’ব, কুল নৰকগতি হ’ব, ততিয়া পিতৃসকল লুপ্তপিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই কথা শ্রুতিত আছে। ৰাজ্যসুখ লােভত স্বজন বধ কৰাৰ দৰে মহাপাপ আচৰণ কৰিবলৈ আগবঢ়া বুলি মনলৈ অহাত তেওঁ অস্ত্র নধৰাে বুলি অংগীকাৰ কৰে।
প্রশ্ন ৬। জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহিবাক্য বুলি ধনশৰ এৰি কল্পিত হৈলা..।” এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তােমাৰ কথাৰে লিখা।[HSLC;2019]
উত্তৰঃ এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্রৰ আগত কৈছিল। অর্জুনে জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মনুষ্যসকল নৰকত বাস কৰিব।
ৰাজ্যসুখৰ লােভত স্বজনক বধিবলৈ উদ্যত হৈ এনে মহাপাপ কাৰতকৈ মৃত্যুয়েই শ্রেয়। এই বুলি কৈ অস্ত্র নধৰি অৰ্জুন মনে মনে থাকিল। তাৰ পৰিৱর্তে দুর্যোধনতে অস্ব ধৰি আৰ্জনক বধ কৰিলেও তেওঁৰ মঙ্গল। এইবুলি অৰ্জুনে কৃষ্ণক ক’লে।
প্রশ্ন ৭। তলত দিয়া শব্দবােৰৰ একোটিকৈ সমার্থক শব্দ লিখা।
নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য, কৰ-চৰণ, চর্ম, শ্রুতি
- নিপুণ – পাকৈত
- সমীপ— নিকট
- বিস্তৰ – প্ৰচুৰ
- সহস্ৰ – হাজাৰ
- সদৃশ – সাদৃশ্য
- বাদ্য – বাজনা
- কৰ – চৰণ – হাত-ভৰি
- চর্ম – ছাল
- শ্রুতি- বেদ
প্রশ্ন ৮। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
হয়া, কহা, চক্ষু, কৰিলা, চাঞো , মঞি, বুলিলা, খাম, ফঙ্কিলা, বাইলা, ৰহিবে, ৰহে।
- হুয়া – হৈ
- কহা – কয়
- চক্ষু – চকু
- কৰিলা – কৰিলে
- চাএো – চাওঁ
- মঞ্চি – মই
- বুলিলা – ক’লে
- খাম – খায়
- ফুঙ্কিলা – ফুকিলে
- বাইলা – ক’লে
- ৰহিবে – ৰ’বা
প্রশ্ন ৯। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।[HSLC;17]
উত্তৰঃ কথা ভাগৱত ৰচনা কৰোঁতে ভট্টদেৱে কিছু পৰিমাণে কাব্যিকতাৰ সহায় লৈছে। তেওঁ কথাগীতা, কথা ভাগৱত আৰু কথা-ভক্তিৰত্নাৱলী ৰচনা কৰি পুৰণি অসমীয়া কথা সাহিত্যৰ ভেটি টনকিয়াল কৰে।
ভট্টদেৱে দামােদৰ দেৱৰ আজ্ঞা অনুসাৰে ভাগৱত কথা ৰচনা কৰিছিল। কিথা-ভাগৱত’ আৰু কথা-গীতাত কবিয়ে নিজকে কবিৰত্ন হিচাপে আত্ম-পৰিচয় প্রদান কৰা দেখা যায়।
বাণীকান্ত কাকতিয়ে কথা-ভাগৱতৰ শব্দচয়ন সংস্কৃত শব্দেৰে ভাৰাক্রান্ত বুলি উল্লেখ কৰিছে। তেওঁৰ ভাষা কাব্যত ভাগৱতৰ ভাঙনি কৰোতাসকলতকৈ কম ঘৰুৱা বুলি উল্লেখ কৰিছে।
কিন্তু কথা-গীতা, কথা ভাগৱতৰ দৰে দার্শনিক তত্ত্বৰে পৰিপূৰ্ণ গ্রন্থ ঘৰুৱা ভাষাত ৰচনা কৰাটো অতি কঠিন। কিয়নাে, ভট্টদেৱে গদ্য ৰচনা কৰাৰ সময়ত তেওঁৰ আগত তেনে কোনাে আদর্শ নাছিল।
আনহাতে গ্রন্থ দুখনিৰ মহত্ব আৰু গাম্ভীর্যৰ প্রতিও সততে লক্ষ্য ৰাখিবলগীয়া হৈছিল। কিন্তু, তৎসম শব্দৰ মাজে মাজে য’তেই সুবিধা পাইছে।
তাতেই ভট্টদেৱে দেশজ শব্দৰ প্ৰয়ােগ কৰিছে। মাজে মাজে জতুৱা ঠাচৰ প্রয়ােগাে দেখা যায়। ভট্টদেৱৰ কথা ভাগৱতখন মূল ভাগৱতৰ শ্লোকানুবাদ নহয় সাবানুবাদহে।
কথাৰ ওপৰত ভট্টদেৱৰ অগাধ দখল থাকিলেও কথা-ভাগৱত কাব্যিক সৌন্দর্যৰে পৰিপূর্ণ। ভট্টদেৱৰ গদ্যই বৈয়াকৰণিক দিশৰ উপৰি ধৰ্মীয় তত্ত্বক যুক্তিপূর্ণভাৱে উপস্থাপন কৰাত গুৰুত্ব দিছিল। দুয়ােখন গ্রন্থ ৰচনা কৰোঁতে ভট্টদেৱে শ্ৰীধৰ স্বামীৰ টীকাক অনুসৰণ কৰিছে।
মূলৰ অধ্যয়নসমূহৰ সৈতে সংগতি ৰাখি ভট্টদেৱে গদ্যত সংস্কৃত ব্যাকৰণ ৰীতি অনুসৰণ কৰা দেখা যায়।
ভট্টদেৱে গীতা অনুবাদ কৰোঁতে শ্রীধৰ স্বামীৰ সুবােধিনী টীকা অনুসৰণ কৰিছে। তেওঁৰ গীতা ব্যাখ্যা ভক্তিপ্রধান। ইয়াত জ্ঞান আৰু কৰ্মতকৈ ভক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়।
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১। অতি চমু উত্তৰ দিয়া।
(ক) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰ : বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
(খ) ভট্টদেৱ ৰচনা কৰা গদ্যপুথিকেইখন কি কি ?
উত্তৰঃ কথা-গীত, কথা-ভাগৱত আৰু কথা-ভক্তি ৰত্নাৱলী।
(গ) ভট্টদেৱৰ সম্পূর্ণ নাম কি ? [HSLC.-20]
উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
(ঘ) ভট্টদেৱৰ পিতৃ-মাতৃৰ নাম কি ?
উত্তৰঃ পিতৃৰ নাম পুৰােষােত্তম ভাৰতী আৰু মাতৃৰ নাম তাৰা দেৱী।
(ঙ) ভট্টদেৱৰ ঘৰ ক’ত আছিল?
উত্তৰঃ বজালীৰ ওচৰৰ বিমানকুছিত ভট্টদেৱৰ ঘৰ আছিল।
(চ) ভট্টদেৱ কাৰ ওচৰত শৰণ লৈছিল?[HSLC;2019]
উত্তৰঃ বৈকুণ্ঠনাথে শিক্ষা সমাপ্ত কৰি দামােদৰদেৱৰ ওচৰত শৰণ লয়।
(ছ) ভট্টদেৱে কাৰ অনুৰােধত ভাগৱত ব্যাখ্যা কৰিছিল ?
উত্তৰঃ বৰনগৰৰ ৰাইজৰ অনুৰােধ ক্রমে ভাগৱত ব্যাখ্যা কৰি তেওঁ কবিৰত্ন উপাধি লাভ কৰে ।
(জ) ভট্টদেৱক কোনে কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামর্শ দিছিল?
উত্তৰঃ বৰনগৰত থকা কালতে দামােদৰদেৱে তেওঁক কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল ।
(ঝ) ভট্টদেৱৰ আগতে কোনে ভাগৱতৰ ভাঙনি কৰিছিল?
উত্তৰঃ ভট্টদেৱৰ আগতে শংকৰদেৱে ভাগৱতৰ ভাঙনি কৰিছিল।
(ঞ) ভট্টদেৱৰ কথা-ভাগৱতখন শ্লোকানুবাদ নে সাবানুবাদ?
উত্তৰঃ ভট্টদেৱৰ কথা-ভাগৱতখন শ্লোকানুবাদ নহয়, সাবানুবাদহে।
(ট) ভট্টদেৱৰ গদ্যত বৈয়াকৰণিক দিশৰ উপৰি কি আছে?
উত্তৰঃ ভট্টদেৱৰ গদ্যত বৈয়াকৰণিক দিশৰ উপৰি ধৰ্মীয় তত্ত্বৰ যুক্তিপূর্ণ উপস্থাপন কৰা হৈছে।
(ঠ) ভট্টদেৱে অনুবাদকর্মত কি টীকাৰ সহায় লৈছে?
উত্তৰঃ ভট্টদেৱে গীতা অনুবাদ কৰোঁতে শ্ৰীধৰ স্বামীৰ সুবােধিনী টীকাৰ সহায় লৈছে।
(ড) ভট্টদেৱে কি কাৰণে ভক্তিপ্রধান টীকা অনুসৰণ কৰিছিল ?
উত্তৰঃ বৈষ্ণৱসকলৰ প্ৰীতিৰ বাবে।
(ঢ) ভট্টদেৱ শ্ৰীধৰ স্বামীৰ লগতে কাৰ কাৰ টীকাৰ সহায় লৈছিল?
উত্তৰঃ ভট্টদেৱে শ্ৰীধৰ স্বামীৰ টীকাৰ লগতে ঠায়ে ঠায়ে শংকৰী আৰু ভাস্কৰী টীকাৰাে সহায় লৈছে।
(ণ) ভট্টদেৱে শংকৰী ভাস্কৰী, শ্ৰীধৰী আৰু দামােদৰী টীকাৰ ভিতৰত কাৰ টীকাৰ প্রতি অধিক আকর্ষিত হৈছিল ?
উত্তৰঃ ভট্রদেরে ভাগৱত আৰু গীতাৰ অনুবাদত শ্ৰীধৰ স্বামীৰ টীকাৰ দ্বাৰা অধিক আকর্ষিত হৈছে।
(ত) ভীমৰ শটোৰ নাম কি?
উত্তৰঃ ভীমৰ শঙ্খটোৰ নাম পৌণ্ড্রক।
(থ) যুধিষ্ঠিৰৰ শংখটোৰ নাম কি ?
উত্তৰঃ যুধিষ্ঠিৰৰ মহাশংখটোৰ নাম আছিল অনন্ত।
(দ) নকুল আৰু মহাদেৱে বজোৱা শংখ দুটাৰ নাম লিখা।
উত্তৰঃ নকুলে সুঘােষ আৰু সহদেৱে মণিপুষ্প নামৰ শংখ বুজালে।
(ধ) ভট্টদেৱৰ সংস্কৃতত লিখা গ্রন্থদুখন কি কি ?
উত্তৰঃ ভক্তিসাৰ আৰু ভক্তিবিবেক।
(ন) বিষাদযােগ পাঠটি ক’ৰ পৰা লােৱা হৈছে?
উত্তৰঃ বিষাদযােগ পাঠটি কথা-গীতাৰ পৰা তুলি দিয়া হৈছে।
(প) ভট্টদেৱৰ গুৰু কোন? [HSLC, 2019]
উত্তৰঃ দামােদৰদেৱ।
প্রশ্ন ১। চমু উত্তৰ দিয়া
(ক) ধৃতৰাষ্ট্ৰই সঞ্জয় কি বুলি প্রশ্ন কৰিছিল ?
উত্তৰঃ হে সঞ্জয় মােৰ পুত্রসব, পাণ্ডুপুত্ৰসৱ ধৰ্মভূমি কুৰুক্ষেত্রত যুদ্ধৰ বাবে মিলিত হৈ কি কৰ্ম কৰিছে, মােক সবিশেষ কোৱা।
(খ) ধৃতৰাষ্ট্ৰৰ কথাত সঞ্জয়ে কি উত্তৰ দিলে?
উত্তৰঃ সঞ্জয়ে ক’লে—জানা ৰাজা পাণ্ডৱৰ সেনাসকলে বেহুৰ দৰে সজ্জিত হৈ থকা দেখি তােমাৰ পুত্ৰ দুর্যোধনে দ্রোণাচার্যৰ ওচৰলৈ গৈ ক’বলৈ ধৰিলে— “হে আচার্য, পাণ্ডৱসকলৰ বিস্তৰ সেনাবাহিনীলৈ চোৱা। দ্রুপদৰ পুত্র শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে।
ভীমার্জুনসহ মহা ধনুৰ্ধৰসবাে আছে। তেওঁলােকৰ ভিতৰত সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তীভােজ, সুধামনু, দ্রৌপদীৰ পাঁচপুত্র, প্রতিবিন্ধাদি প্রভৃতি মহাৰথীসকল আছে।
(গ) মহাৰথী কোন?
উত্তৰঃ যিসকলে অকলে দহ হাজাৰ ধানুকীৰ সৈতে যুঁজিব পাৰে তেওঁলােকক মহাৰথী বােলে।
(ঘ) কৌৰৱৰ মাজত কোন কোন বিশিষ্ট সেনাপতি আছিল?
উত্তৰঃ কৌৰৱ সেনাৰ মাজত উপস্থিত থকা বিশিষ্ট সেনাপতিসকল আছিল গুৰু দ্রোণ, পিতামহ ভীষ্ম, কর্ণ মহাৰথী, কূপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ আৰু সােমদত্ত পুত্র ভৰিশ্ৰ।
তাৰ বাহিৰেও দুর্যোধনৰ বাবে প্রাণ দিবলৈ আগবাঢ়ি অহা ভালেমান অস্ত্রত নিপুণ, যুক্তিবিশাৰদ বীৰ আছে।
(ঙ) পাণ্ডৱৰ সেনাবাহিনী দেখি দুর্যোধনৰ কেনে ধাৰণা হৈছিল?
উত্তৰঃ ইমানবােৰ বীৰযুদ্ধ হৈও ভীষ্টাকে ধৰি সেনাপতিসকল লগ হৈ একাদশ হাহিনী সেনায়াে যেন পাণ্ডবৰ সৈতে যুজিবলৈ সক্ষম নহয় এনে ধাৰণা হৈছিল।
(চ) পাণ্ডৱৰ সেনাবাহিনীৰ পৰিমাণ কিমান?
উত্তৰঃ কৌৰৱৰ বিপৰীতে মাত্র সাত অক্ষৌহিণী সেনা লৈয়েই ভীমৰ নেতৃত্বত পাণ্ডৱসকলে যুদ্ধৰ বাবে নিজৰ সমৰ্থত প্ৰকাশ কৰিছে।
গতিকে তোমালােকে যুদ্ধক্ষেত্ৰত থাকি ভীমক ভালমতে ৰক্ষা কৰিবা। ধর্মযুদ্ধত সমুখৰ পৰা যুদ্ধ কৰোঁতে যেন কোনেও পিছফালৰ পৰা প্ৰহাৰ নকৰে। কাৰণ ভীষ্মৰ জীৱনেই কৌৰৱৰ জীৱন।
(ছ) ৰজাক সন্তোষিত কৰিবৰ কাৰণে ভীষ্মই কি কৰিলে ?
উত্তৰঃ কুৰুবীৰ ভীষ্মই ৰজাক সন্তোষিত কৰিবৰ কাৰণে সর্বপ্রকাৰ ভয়ংকৰ সিংহসদৃশ মহানাদ ধ্বনি কৰি শংখ বজালে।
সেনাপতি ভীষ্মৰ ৰণােদ্যম দেখি অন্যান্যসকলেও শংখ, ভেৰী, আনক, গােমুখ আদি বাদ্যেৰে মহাকোলাহলৰ সৃষ্টি কৰিলে।
(জ) কৃষ্ণার্জুনে কি কি শংখ বজাইছিল ? তেওঁলােকে কিহত উঠি শংখ বজাইছিল ?
উত্তৰঃ শুক্লবর্ণ চাৰিটা ঘোঁৰাচালিত মহাৰথত উঠি কৃষাৰ্জ্জুনে দিব্য শংখ বজালে। শ্রীকৃষ্ণই পাঞ্জজন্য শংখ আৰু অৰ্জনে দেৱদত্ত শংখ বজালে।
(ঞ) পাণ্ডৱৰ মহাশংখৰ ধ্বনিয়ে কৌৰৱক কেনেদৰে শংকিত কৰিছিল ?
উত্তৰঃ পাণ্ডৱৰ সন্মিলিত মহাশংখৰ মহাধ্বনিয়ে আকাশ-পৃথিৱীৰ সৈতে দশােদিশে খলকনি তােলাত কৌৰৱৰ মহাভয় উপজিল, হৃদয় কম্পিত হ’ল।
(ট) অর্জুনে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি সন্মুখত কৌৰৱসেনাক দেখি কি কৰিলে?
উত্তৰঃ অর্জুনে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি সন্মুখত কৌৰৱসেনাক দেখি হৃষীকেশ ভগৱন্তক এই কথা জনালে- হে অচু্যত, এই উভয় সেনাৰ মধ্যত মােৰ ৰথক ৰাখিও, যাৱে যুজন্তা বীৰসবক চাঞে।
(ঠ) শ্রীকৃষ্ণই অৰ্জুনৰ অনুৰােধ শুনি কি কৰিলে ?
উত্তৰঃ অৰ্জুনৰ অনুৰােধ উপেক্ষা কৰিব নােৱাৰি হৃষীকেশ কৃষ্ণই উভয় সেনাৰ ত থখন ৰাখিলে আৰু ক’লে ‘হে পার্থ, কুৰুবীৰসকলক ভালদৰে চোৱা।
(ড) অর্জুনে উভয়পক্ষৰ মাজত কাক কাক দেখিলে?
উত্তৰঃ অর্জুনে চাই দেখিলে যে পিতৃব্য, পিতামহ, আচার্য মাতুল ভ্রাতৃ, পুত্র পৌত্র, শশুৰ আৰু সুহৃদসকল উভয় সেনাৰ মাজত আছে।
(ঢ) যুদ্ধৰ উদ্দেশ্যে আত্মীয়সকল সমবেত হােৱা দেখি কৃষ্ণ অর্জুনে কি কৈছিল ?
উত্তৰঃ যুদ্ধৰ উদ্দেশ্যে আত্মীয়সকল সমবেত হােৱা দেখি অজুনে অতি দুখেৰে কৃষ্ণক ক’লে— “হে কৃষ্ণ, এই জ্ঞাতিসকল যুদ্ধৰ বাবে যুদ্ধক্ষেত্ৰত উপস্থিত হােৱা দেখি।
মােৰ হাত-ভৰি কঁপিছে, মুখ শুকাইছে, শৰীৰ কঁপিছে, নােম শিয়ৰিছে, চোৱা হাতৰ পত গাণ্ডীৱ খহি পৰিছে, গাত উত্তাপ বৃদ্ধি হৈছে।
যুঁজিব পাৰিম নে নােৱাৰিম, মনত মলিক হৈছে, চাৰিওফালে অমংগলৰ চিন দেখা পাইছোঁ। ওপৰত শগুন উৰিছে, শিয়ালকাে আৰাও কৰিছে।
যুদ্ধত স্বজনক বধি একো ফল নেদেখাে, বিজয়ৰাে আকাংক্ষা নকৰে। ৰাজ্যৰ ইচ্ছা নাই, সুখক নবাঞ্ছো। হে গােবিন্দ, আমাৰ ৰাজ্য ভােগক বা কি প্রয়ােজন?
(ণ) আততায়ী কোন? [HSLC;16/19]
উত্তৰঃ যদিও ধৃতৰাষ্ট্রৰ পুত্ৰসকলে পাণ্ডৱক বিষ দিব বিচাৰিছে, অগ্নি দিছে, ধনসর্বস্ব হৰিছে, ৰাজ্যভােগ কাঢ়ি নিছে, ভার্যাকো অপকাৰ কৰিছে, অস্ত্র ধৰি যুঁজিছে, — এই ছয় দোষত দোষী কাৰণে তেওঁলােক আততায়ী।
(ত) আততায়ীক বধত দোষ আছেনে?
উত্তৰঃ অর্থশাস্ত্ৰৰ মত অনুসৰি আততায়ীক বধ কৰিলেও কোনাে দোষ নহয়। তথাপি ধর্মশাস্ত্র মতে তেওঁলােকক বধ কৰিলে আমাক দোষে SUbo।
(থ) কুলক্ষয় হ’লে কি হ’ব?
উত্তৰঃ কুলক্ষয় হলে কুলধর্ম নষ্ট হ’ব, ধর্ম নষ্ট হলে অৱশিষ্ট কুললৈয়াে অধর্ম বিয়পিব। অধর্ম বিয়পিলে স্ত্রীসকল দুষ্টহ’ব আৰুবর্ণসংকৰ সন্তানৰ জন্ম হৈ কুলে নৰকগতি লাভ কৰিব।।
(ন) অর্জনে কেনেধৰণৰ মহাপাপ কৰিবলৈ আগবঢ়া বুলি আক্ষেপ কৰিছে?
উত্তৰঃ ৰাজ্যসুখৰ লােভত স্বজনক বধ কৰাটো মহাপাপ। অর্জুনে এনে মহাপাপ। কৰিবলৈ আগবঢ়া বুলি আক্ষেপ কৰিছে।
(প) অধর্মই ব্যাপিলে কি হয় ?
উত্তৰঃ অধর্মই ব্যাপিলে কুলস্ত্রীসকল দুষ্টা হয় আৰু তেওঁলােক দুষ্টা হ’লে বর্ণসংকৰ হ’ব। লগতে কুলে নৰকগতি লাভ কৰিব। পিতৃসকল সুপ্তপিণ্ড জলাঞ্জলিহীন হ’ব।
(ফ) ভট্টদেৱৰ ৰচনা সমূহ কি কি?
উত্তৰঃ কথা-ভাগৱত, কথা-গীতা, কথা-ভক্তিৰত্নাৱলী, শৰণ মলিকা, গুৰু বংশাৱলী, প্রসংগমালা আৰু ভক্তিবিবেক।
(ব) কুৰুক্ষেত্র বনৰ আৰম্ভণিত কৃষ্ণ অর্জুন, ভীম, যুধিষ্ঠিৰ, নকুল আৰু সহদেৱে বজোৱা শংখকেইটাৰ নাম লিখা। [HSLC.’20]
উত্তৰঃ কৃষ্ণই পাঞ্চজন্য, অর্জুনে দেৱদত্ত, ভীমে পৌণ্ড্রক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘােষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজাইছিল।
(ভ) ‘যুদ্ধত স্বজন বধে কিছু ফলক নেদখু, বিজয়কো আকাঙ্খ নকৰু, ৰাজ্যক ইচ্ছা নাই, সুখকো নবাগে।” কথাষাৰ কোনে, কাক কেতিয়া কৈছিল? [HSLC.’20]
উত্তৰঃ কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে দুই সেনাৰ মাজত ৰথ ৰখােৱাত অর্জনে যেতিয়া নিজৰ আত্মীয় স্বজন, ভাই, গুৰু আদি দেখিলে তেতিয়া শােকত অর্জনে সাথী শ্রীকৃষ্ণক এনেদেৰে কৈছিল।