৩৫৪ কোটিৰ পাছত ধীৰাজ চাহুৰ ‘সোণৰ ভাণ্ডাৰ’ বিচাৰি অভিযান

ঝাৰখণ্ডৰ সুৰা ব্যৱসায়ী তথা কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ প্ৰসাদ চাহুৰ পৰা আয়কৰ বিভাগে প্রায় ৩৫৪ কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰাৰ লগতে ঘৰ আৰু বেংকৰ লকাৰৰ পৰা কেইবা কিলোগ্রাম সোণ কৰে।

কিন্তু আয়কৰ বিভাগে সন্দেহ কৰিছে যে ধন কুবেৰ ধীৰাজ চাহুৱে ইয়াতকৈও কেইবাগুণ বেছি সম্পত্তি লুকুৱাই ৰাখিছে।

বিশেষকৈ ধীৰাজ চাহুৱে ‘সোণৰ ভাণ্ডাৰ’ লুকুৱাই ৰাখিছে।

ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগৰ কেইবাটাও স্থানত অভিযান চলাই আয়কৰ বিভাগে এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণ জব্দ কৰাৰ পাছত এতিয়া ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচিৰ ৰেডিয়াম ৰোডত থকা চাহুৰ ঘৰৰ ভিতৰত সোণৰ ভাণ্ডাৰ বিচাৰি আৰম্ভ কৰিছে।

আয়কৰ বিভাগে ভূ-নিৰীক্ষণ পদ্ধতিৰ জৰিয়তে চৌহদ আৰু ঘৰৰ ভিতৰৰ ফ্লৰত অভিযান অব্যাহত ৰাখিছে।

এই নিৰীক্ষণৰ জৰিয়তে মাটিৰ তলত পুতি ৰখা সোণৰ ভাণ্ডাৰ আৰু বা আন সামগ্ৰীৰ সন্ধান উলিওৱা হ’ব আৰু খননৰ জৰিয়তে সেইবোৰ উলিয়াই অনা হ’ব।

ইপিনে, লোহাৰদাগাত থকা ধীৰাজ চাহুৰ ঘৰত থকা তিনিখন গাড়ীতো বুধবাৰে তালাচী চলায় আয়কৰ বিভাগৰ লোকে। তেওঁলোকে লগত লৈ আনে ভূ-নিৰীক্ষণ মেচিনো। ধীৰাজ চাহুৰ পৰিয়ালৰ তিনিজন লোককো আয়কৰ বিভাগে লৈ যায়।

0Shares

Leave a Comment

Exit mobile version