ডিছপজেল জনতা | অসমীয়া কবিতা 2024

অনির্বাণ দত্ত

মই ব্যৱহাৰ হৈ আছো
ব্যৱহাৰ হৈ থাকিব বিচাৰোঁ

ব্যৱহাৰযোগ্যতা হেৰুৱাই
ডিছপজেল হ’ব নিবিচাৰোঁ

আপোনাৰ টেবুলতে এদিন
কাঁহৰ কাঁহী হৈ বহিমগৈ

জনাকীর্ণ বাৰাণ্ডাত
লেম হৈ জ্বলিমগৈ

ওঁঠত হাঁহি এটা লৈ
আপুনিয়ে মোক সোঁৱৰিব।

0Shares

Leave a Comment

Exit mobile version