দ্বিজেন কাকতি
এনেকৈয়ে এদিন এই মাটিৰ বুকুত
ফুটি ওলাইছিল এটি বীজ।
ৰ’দৰ উত্তাপ লৈ পোখা মেলিছিল,
নোৱাই খুৱাই বৰষাই সাবটিছিল।
বিজুলী-ঢেৰেকণি মাৰিছিল,
ধুমুহাই কঁপাইছিল বুকু।
সি গৈ আছিল ইটোৰ পিছত সিটোকৈ
আলি কেঁকুৰি পাৰ হৈ
পিতাইৰ ফটা ধুতীখনত তাৰ
প্রতিচ্ছবি চাই চাই।
দিনৰ পোহৰবোৰে তাক
বৰকৈ জোকাইছিল।
ভয়ত সি মূৰ তুলি
সূৰুযটোলৈ চাইছিল ।
সন্ধিয়াটোৱে তাক ঘেৰি ধৰিছিল।
মানুহবোৰৰ কলিজাত যি
ৰস বিচাৰি সি হাবাথুৰি খাইছিল।
জন-অৰণ্যত বাট কুৰি বাই
সি দিহিঙে দিপাণ্ডে ঘুৰি ঘূৰি
এদিন সময়ক সুধিছিল,
তোৰ কিহৰ ইমান লৰা-ধপৰা ।
অলপো তোৰ ৰোৱাৰ সময় নাইনে?
কিয় আহা বাৰে বাৰে
একোটা নতুন বছৰ লৈ ?
মইচোন আলি কেঁকুৰিটোতে
আছোঁ ৰৈ
তই জানো দেখা নাই ?