দুৰ্গা পূজা ৰচনা || essay on durga puja in assamese

দুৰ্গা পূজা ৰচনা

আৰম্ভণি

ধর্মীয় উৎসৱসমূহৰ ভিতৰত ঘাইকৈ হিন্দুসকলৰ দুর্গা পূজা, সৰস্বতা পূজা, ৰাস উৎসৱ, লক্ষ্মীপূজা, বাসুদেউ পূজা আদি; মুছলমানসকলৰ ঈদ, ফাতেহা, আদি, খ্রীষ্টানসকলৰ বৰদিন আদি, আৰু অন্যান্য ধর্মৰাে অনেক ধর্মীয় উৎসৱ পালন কৰি অহা হৈছে।

মই পালন কৰা ধর্মীয় উৎসৱসমূহৰ ভিতৰত দুর্গা পুজাৰ বিষয়েই বর্ণনা কৰিবলৈ লােৱা হ’ল। ইতিহাসে ঢুকি নােপােৱা সময়ৰ পৰাই ভাৰতবৰ্ষত শক্তি উপাসনাৰ পৰম্পৰা চলি আহিছে। ৰামায়ণ আৰু অন্যান্য প্রাচীন সাহিত্যৰাজি তথা বিভিন্ন ধর্মীয় ক্ষেত্রই এই কথাৰ প্রমাণ দাঙি ধৰে।

ৰামায়ণত শ্ৰীৰামে যুদ্ধজয়ৰ মানসেৰে শক্তিস্বৰূপা দুর্গাদেৱীৰ আৰাধনা কৰাৰ উল্লেখ পােৱা যায়। সেই অকালত অর্থাৎ শৰৎকালত আয়ােজন কৰা দুর্গা পূজাই আজিৰ আড়ম্বৰপূৰ্ণ মহােৎসৱৰ ৰূপলােৱাৰ কথা ঠাৱৰ কৰিব পাৰি।

কোনাে কোনাে স্থানত বসন্ত কালতাে দুর্গা দেৱীক পূজা-উপাসনা কৰা দেখা যায় আৰু বহুতৰ মতে সেয়াহে দুর্গা পূজাৰ প্ৰকৃত সময়। কিন্তু বর্তমান শৰৎ কালতহে দুর্গাপূজা পূর্ণোদ্যমে অনুষ্ঠিত হয়। সেই বাবেএই উৎসৱক শাৰদীয় দুর্গাপূজা বা শাৰদীয় পূজা বােলা হয়।

মূল পূজাভাগ

দুর্গা পূজাৰ মূল পূজাভাগ অতি গাম্ভীর্যপূর্ণ। দেৱী দুর্গা শক্তিৰ প্রতীক; তেওঁ বিপদ আৰু দুর্গতিৰ পৰা ভক্তক উদ্ধাৰ কৰে, দুর্জনক সংহাৰ কৰে।

পাপাত্মা মহিষাসুৰ দমন দ্বাৰা মহাজগতক উদ্ধাৰ কৰাৰ আনন্দত ভক্তসকলে নানা প্রকাৰে দেৱীৰ আৰাধণা কৰে। শিল্পীয়ে প্রাণ উজাৰি দেৱী-প্রতিমা সাজে। সিংহ বা বাঘৰ পিঠিত আৰােহিতা দেৱীয়ে বর্শাৰে খুচি মহিষাসুৰক বধ কৰাৰ দৃশ্য অতিশয় জীৱন্ত।

তেওঁৰ সোঁফালে থাকে ধন-সম্পদৰ দেৱী লক্ষ্মী। বাওঁফালে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী। সিদ্ধিদাতা বিনায়ক আৰু দেৱতাগণৰ সেনাপতি কার্তিক দেরীৰ দুয়ােফালে থাকে।

বহুভূজা, মহিষমর্দিনী দেৱীৰ পূজা আৰম্ভ হয় শুক্লাষষ্ঠীত। সেইদিনা দেৱীৰ বােধনৰ পাছত পূজাৰীয়ে আৱাহন, অধিবাসাদি পূজা সম্পন্ন কৰে। ইয়াৰ পিছত তিথি অনুসৰি ক্রমে, সপ্তমী, অষ্টমী আৰু নৱমী পূজা অনুষ্ঠিত হয়। ধূপ-দীপ-নৈবেদ্যৰে গাম্ভীর্যপূর্ণ।

পৰিৱেশত এইকেইদনৰ পূজা চলে। পূজাৰী আৰু ভক্তসকলে দেৱীৰ আৰতি কৰে। দশমীৰ দিনা পূজাৰ শেষ দিন। বিজয়া দশমীত ভক্তসকলে মাংগলিক ধ্বনিৰে সমদল কৰি পৱিত্ৰজলত মূর্তি বিসর্জন দিয়ে।

দুর্গা পূজাৰ আনুষগিংক কার্যাবলী

মূল গাম্ভীর্যপূর্ণ পূজাভাগৰ লগতে পূজাৰ মেলা আদি অনুষ্ঠিত হয়। আটকধুনীয়াকৈ সজোৱা মণ্ডপত দেৱী দুর্গা আৰু অন্যান্য দেৱ-দেৱীৰ মূর্তি স্থাপন কৰা হয়। ভক্তবৃন্দৰ বাবেও ৰভা সজোৱা হয়।

থলুৱা পৰম্পৰা অনুসৰি এই ৰভাৰ তলতে বিভিন্ন লােক অনুষ্ঠান চলে। অসমত ওজাপালি, ঢুলীয়া আৰু আয়তীসকলে সভক্তিৰ নানান অনুষ্ঠান পৰিবেশন কৰে।

দুর্গা পূজাৰ লগতে নানা দোকান-পােহাৰ আৰু বৈদ্যুতিক সজ্জাই আধুনিক যুগত মেলাৰ দৃষ্টি কৰে। এই মেলালৈ জাতি-ধর্ম-নির্বিশেষে সকলাে মানুহে ঢাপৰি মেলে।

এনেদৰে দুর্গা পূজাই এক সার্বজনীন ৰূপ পৰিগ্ৰহণ কৰিছে। প্ৰকৃতিৰ ফালৰ পৰাও দুর্গা পূজাৰ সময়খিনি আনন্দ-উৎসৱৰ বাবে অতিশয় প্রশস্ত। নির্মল আকাশৰ তলত সকলােৱে নির্বিঘ্নে এই উৎসৱৰ আনন্দ উপভােগ কৰে।

এই সময়ত গৰমৰ প্রকোপ লােপ পায়, অথচ ঠাণ্ডাও নপৰে। বৰষুণ আৰু ব’দৰ তাপৰ পৰা মুক্ত হৈ সকলােৱে মুকলি মনেৰে ভাতৃত্ববােধৰ মাজেদি দুর্গা পূজা পালন কৰে। ছাত্র-ছাত্রীয়ে দীঘলীয়া ছুটী পায়।

অফিচ-কাছাৰীও যথাবিধি বন্ধ থাকে। পূজাৰ আনন্দত অৰিহণা যােগাবলৈ কাকত-আলােচনীও তৎপৰ হৈ উঠে আৰু বিশেষ পূজা সংখ্যা বা শাৰদীয় সংখ্যা প্রকাশ কৰে।

এইদৰে শাৰদীয় দুর্গা পূজা ভাৰতবৰ্ষৰ এক জাতীয় উৎসৱত পৰিণত হৈছে। সকলােৱে নিজৰ সাধ্যানুসাৰে নতুন কাপােৰ পিন্ধি এই উৎসৱত ভাগ লয়।

সামৰণি

দুর্গা পূজা মূলতঃ এক গাম্ভীর্যপূর্ণ অনুষ্ঠান। অত্যধিক মেলামুখিতাৰ মাজত যাতে এই গাম্ভীর্য বিলুপ্ত হৈ নাযায়, তাৰ বাবে সকলােৱে যত্ন কৰা উচিত।

দুর্গা পূজাৰ অজুহাতত জুৱা, মদ আদিত লিপ্ত হােৱা দুষ্কৃতিকাৰীসকলৰ পৰা সকলােৱে মিলি পূজাৰ পৱিত্ৰতা ৰক্ষা কৰিব লাগে। তেতিয়াহে আমি বিশ্ববাসীৰ ওচৰত আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ পৰিচয় সগৌৰৱে প্ৰকাশ কৰিব পাৰিম।

0Shares

Leave a Comment

Exit mobile version