পুলিন ডেকা
এজাক ৰ’দে কঢ়িয়াই ফুৰিছে
এটুকুৰা ডাৱৰ
জোনৰ পোহৰ শুই আছে
এটা ৰঙচুৱা আৱেলিৰ টিলাত
শিলৰ চকুহালত তোমাৰ আঙুলিবোৰ
কপিছে
নৈখন সিপাৰলৈ উভতি যোৱাৰ দিনা
মই সুৰ্ত বন্দী হৈ আছিলো
পথাৰখনৰ অহৰহ বাজি আছিল
খোজৰ শব্দ
মহাশূণ্যৰ অঘৰী আত্মাত জিৰাইছে
এজাক সেউজ ছাঁ
উতনুৱা বতাহজাকত শিলাবৃষ্টি
জুৰিটিৰ পাৰত জিলিকি আছে
সাগৰখনৰ জীয়া কলিজা
সৰ্বত্ৰ এতিয়া ক’লা তেজৰ সুগন্ধি
গোলাপৰ ওঁঠত
এমুঠি হাঁহি
চিতাভস্মৰ মাজেৰে আকাশলে’
এটি পথ
য’ত জোনাকী সন্ধ্যাত তলমল কৰে
কেইটোপালমান নিয়ৰৰ গান
ৰ’দজাক আজি সোণালী পথাৰতে ৰৈ আছে
এতিয়া তাত নিৰৱতাৰ কোলাহল।
More Poem