গেছৰ পৰা এইদৰে উপশম পাওক

জাংকফুড আৰু জীৱন শৈলীৰ বাবে বহু লোক এচিডিটিৰ সমস্যাত ভোগে। ইয়াৰ ফলত পেট ফুলাৰ উপৰি পেট, বুকু, বা মূৰৰ বিষ অনুভৱ হয়। এইদৰে গেছৰ সমস্যাত ভুগিলে তাৎক্ষণিকভাবে এইখিনি কৰক।

জিৰা পানী :

গেছৰ বাবে অশান্তিত ভুগিলে এগিলাচ গৰম পানী লৈ তাত কেইটামান জিৰাগুটি মিহলাই এই পানী খালে তাৎক্ষণিকভাৱে গেছৰ পৰা সকাহ পাব।

ডাল চেনিঃ

ডাল চেনি খালেও গেছৰ সমস্যাৰ পৰা সকাহ পাব পাৰি। ডাল চেনিয়ে এণ্টাচিড হিচাপে কাম কৰে। ডাল চেনিৰ গুৰি কুহুমীয়া পানীৰ সৈতে মিলাই খালে গেছৰ পৰা সকাহ পাব পাৰি ।

তুলসীৰ ৰস :

তুলসীপাত ৰস খালেও গেছৰ সমস্যাৰ পৰা | সকাহ পাব পাৰি। এগিলাছ গৰম পানীত চাৰিটমান তুলসীপাত দি সেই পানী খালে গেছৰ পৰা
সকাহ পাব।

মাখন :

গেছৰ সমস্যাত ভুগিলে মাখন খালেও সুফল পাব পাৰি। মাখনত লেকটিক এচিড থাকে। এই এচিডে এচিডিটিৰ পৰা সকাহ দিয়ে।

0Shares

Leave a Comment

Exit mobile version