ইজৰাইলৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধৰ ভাবুকি ইৰাণৰ

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ উপকণ্ঠত ইজৰাইলী বাহিনীয়ে চলোৱা বিমান আক্রমণত ইৰাণৰ বিপ্লৱী গার্ড বাহিনীৰ শীৰ্ষ উপদেষ্টা ৰাজি মুছাভিৰ নিহত হোৱা ঘটনাৰ প্ৰতিশোধ ল’ব ইৰানে।

ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছীয়ে এই সন্দৰ্ভত কয় যে ইজৰাইলে ইয়াৰ পৰিণাম ভূগিব লাগিব।

তেওঁ লগতে কয়— ছিৰিয়াত ইৰানৰ সামৰিক উপদেষ্টা হত্যা কৰাটো দখলদাৰী ইজৰাইলৰ হতাশাৰ লক্ষণ। ইয়াৰ পৰিণাম ইজৰাইলে নিশ্চিতভাৱে ভূগিব লাগিব।

ইৰানৰ ৰাষ্ট্ৰপতিৰ এই ভাবুকিক কেন্দ্ৰ কৰি ইজৰাইলী সেনাবাহিনীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদুপৰি ইৰানৰ সম্ভাৱ্য আক্ৰমণৰ বাবে সাজু থাকিবলৈ সষ্টম হৈ পৰিছে।

0Shares

Leave a Comment

Exit mobile version