জোনাইত পাঁচ বছৰীয়া কন্যা শিশুক ধর্ষণ

ধৰ্ষণত অভিযুক্ত গৰ্গৰাম পাৱ পলাতক

‘আমাৰ অসম’ৰ জোনাইৰ প্ৰতিবেদক, ২৬ ডিচেম্বৰ : জোনাইৰ গালী মেচাকি গাঁৱত সংঘটিত হয় এক জঘন্য ধর্ষণ কাণ্ড।

একেখন গাঁৱৰে নিৱাসী গৰ্গৰাম পাৱ নামৰ ৪০ বছৰীয়া এজন যুৱকে এটি পাঁচ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে লম্পট গৰ্গৰাম পারে শিশুটিক বিস্কুট খুওৱাৰ উদ্দেশ্যে যোৱা বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিন ধৰি |

চোতালত থকা জলজীৱন মিছন আঁচনিৰ এটি কোঠালিলৈ মাতি নি ধৰ্ষণ কৰাৰ অভিযোগ তুলিছে পৰিয়ালে।

ঘটনা সন্দৰ্ভত শিশুটিয়ে সকলো কথা পৰিয়ালক অৱগত কৰাৰ পিছতে লম্পট গৰ্গৰাম পারে গাঁৱৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে শিশুটিক লগত লৈ লম্পট গৰ্গৰাম পাৱৰ বিৰুদ্ধে উচিত শাস্তি বিচাৰি জোনাই থানাত এজাহাৰ দাখিল পলাতক ধৰ্ষণকাৰী কৰিছে।

আৰক্ষীয়ে গৰ্গৰাম পাৱ এজাহাৰৰ ভিত্তিত US 376AB IPC, R/W Sec 6 of Pocso Actৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

0Shares

Leave a Comment

Exit mobile version