কোষ্ঠকাঠিন্যৰ পৰা মুক্ত হওক

খাদ্য গ্ৰহণৰ ওপৰত স্বাস্থ্যৰ বহু কথা নিৰ্ভৰ কৰে। কার্বহাইড্রেট বেছি পৰিমাণে থকা খাদ্য খালে যিদৰে কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি পায়, একেদৰে দুগ্ধজাত খাদ্য, ৰেডমীট বেছিকৈ খালে হজম প্রক্রিয়াত বাধা জন্মায়। একেদৰে উচ্চ চর্বিযুক্ত খাদ্য বা তেল, মাখন বেছিকৈ খালেও কোষ্ঠকাঠিন্যৰ সমস্যা বুদ্ধি পাব পাৰে। কম ফাইবাৰ থকা খাদ্য নিয়মীয়াকৈ খালে বদহজমৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যা সৃষ্টি কৰে।

  • ডিহাইড্ৰেচনৰ বাবেও কোষ্ঠকাঠিন্যৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ শীত কালত পানী কমকৈ খোৱাৰ ফলত এই সমস্যা বাঢ়ে।
  • কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে কমেও ২০ ৰ পৰা ৩০ গ্ৰামকৈ আঁহজাতীয় খাদ্য খাব লাগে।
  • ৰঙা আটা আৰু ঢেঁকীত খুন্দা চাউলৰ ভাত খালে কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি। দিনটোত পর্যাপ্ত পৰিমাণে পানী খাব লাগে।
  • নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিব লাগে।
  • ৰাতি ভাতৰ পৰিৱৰ্তে ৰুটি আৰু গৰম গাখীৰ খাব লাগে।
  • কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ফল-মূল খোৱাৰ অভ্যাস কৰিব লাগে।
  • পুৱা-গধূলি খোজ কঢ়াৰ অভ্যাস কৰিলেও এই সমস্যাৰ পৰা হাত | সাৰিব পাৰি।
0Shares

Leave a Comment

Exit mobile version