মাতৃ আৰু শিশু সুৰক্ষা (এম.চি.পি.) কার্ড

ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানো আহক

এম.চি.পি. কাৰ্ডৰ বিষয়ে

  • গৰ্ভধাৰণ, প্রসবপূর্বক, প্ৰসৱোত্তৰ কালত ল’বলগীয়া যতন আৰু গৰ্ভাৱস্থাৰ বিপদাশংকাৰ লগতে আৱশ্যকীয় স্বাস্থ্য পৰীক্ষাৰ বিষয়ে সবিশেষ উল্লেখ থাকে।
  • এম.চি.পি. কাৰ্ডত নবজাতকক ল’বলগীয়া যতন, টিকাকৰণৰ আৱশ্যকীয় তথ্য, শিশুৰ ডায়েৰীয়া, নিউমোনিয়া আদি বিভিন্ন বিপদৰ আশংকা থকা ৰোগ প্ৰতিৰোধৰ বিষয়ে উল্লেখ থাকে।
  • এম.চি.পি. কাৰ্ডত চৰকাৰী বিভিন্ন আঁচনি আৰু ইয়াৰ সা-সুবিধাৰ বিষয়ে উল্লেখ থাকে।

এম.চি.পি. কাৰ্ডৰ প্ৰয়োজনীয়তা

  • গৰ্ভৱতী মহিলাসকলৰ সকলো স্বাস্থ্য পৰীক্ষা, চিকিৎসা নিয়মিতৰূপে লাভ কৰিবলৈ সক্ষম হ’ব।
  • গৰ্ভৱতী মহিলাৰ সময়ে সময়ে স্বাস্থ্য পৰীক্ষাৰ সবিশেষ এ.এন.এম. বা চিকিৎসা বিষয়াই এম.চি.পি. কাৰ্ডত নথিভুক্ত কৰি ৰাখে ।
  • প্ৰসৱৰ সময়ত এম.চি.পি. কার্ডখন লগত থাকিলে চৰকাৰী আঁচনিসমূহৰ সা-সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ’ব।
  • শিশুসকলৰ স্বাস্থ্য যতনৰ সবিশেষ এম.চি.পি. কাৰ্ডত লিপিবদ্ধ থাকে যাতে মাক বা পৰিয়ালৰ আন সদস্যই শিশুটিক সঠিক মতন ল’ব পাৰে।
  • নবজাতকৰ জন্মৰ প্ৰমাণপত্ৰ উলিওৱাত সুবিধা হয়।
  • অংগনৱাড়ী কর্মীসকলে প্রত্যেকটি শিশুৰ ৰয়স অনুসৰি উচ্চতা আৰু ওজনৰ মাপ নথিভুক্ত কৰি ৰাখে যাৰ সহায়ত শিশুক সময়মতে যতন লোৱাত সহায় হয়।

More Article

0Shares

Leave a Comment

Exit mobile version