মেজিটো জ্বলাওঁতে || Assamese poem

হৰেকৃষ্ণ ডেকা

সমূহীয়াকৈ মেজিটো জ্বলাওঁতে তোমালোকে
জুইলৈ পিঠা দলিয়াইছিলা।
দুই এখন বাহিৰত পৰিছিল।
তোমালোকে সম্প্ৰীতিৰ
মিঠা উত্তাপ লৈ
ঘৰে ঘৰে উভতি গৈছিলা।
উৰি অহাৰ দৰে তাই থপিয়াই নিছিল
মেজিৰ নজ্বলা পিঠা।
তাই কাউৰী নাছিল।
কিন্তু তোমালোকৰ উছৱৰ আনন্দত
পেটৰ পোৰণি লৈ তাই
ঘৰে ঘৰে যাব পৰা নাছিল।
সমজুৱাকৈ মেজিৰ সেক লওঁতে
তাইৰ বাবে তোমালোকৰ
কতনো সময় আছিল!

0Shares

Leave a Comment

Exit mobile version