মোৰ ঠিকনা/ কবিতা অসমীয়া

কবিতা
মোৰ ঠিকনা
সঞ্জীৰ শইকীয়া

সোধে যদি মোক মোৰ সুখৰ ঠিকনা,
আইৰ কোলাত মই মূৰটো থ’ম ।
সোধে যদি মোক,
বিষেৰে কেনেকৈ জোখে সুখক
মই মনত পেলাম,
মোৰ জন্মদিন আৰু
আইৰ মুখৰ হাঁহিটি ।
কেতিয়াবা আহিব মোৰ পঁজালৈ,
মৰমৰ কথাৰে এপিয়লা চাহ খাম ।
কথা যদি ভাল পাই,
মোৰ আই
এগৰাকী ভাল বক্তা ।
আখৰ নিচিনিলেও
কৈ যাব জীৱন কাব্যৰ মহামন্ত্র ।
কেতিয়াবা যদি কয় মোক
বেলিটোৰ কথা
মোৰ পিতাই মোৰ ছাঁ হ’ব।
গলিব নাজানে ডাৱৰ হৈ
বৰষিব নাজানে
প্রতিবিম্ব এটি সূর্য,
মোক পোহৰাই ৰাখে ।
সময়ৰ কামোৰত
কঁপি উঠা হাত কেইখন
মুঠি মাৰি ৰাখিছে ।
নিদিয়ে সপোন মোৰ উৰুৱাই নিব
এয়াই তেওঁলোকৰ সপোন ।


ম’বাইল নং-৯৩৯৫৩০০১৪৭

0Shares

Leave a Comment

Exit mobile version