মোৰ জীৱনৰ লক্ষ্য ৰচনা | my aim in life 2024

মোৰ জীৱনৰ লক্ষ্য ৰচনা

আৰম্ভণি :

লক্ষ্যহীন জীৱন গুৰিয়ালবিহীন নাৱৰ দৰে। বিশাল জল ৰাশিৰ মাজত চলা নাৱত যদি গুৰিয়াল নাথাকে সেই নাও সুস্থিৰে চলাই নিবতাে নােৱাৰিয়েই সি বিপদৰ সন্মুখীন হৈ ধ্বংসও হ’ব পাৰে; ঠিক সেইদৰে লক্ষ্যহীন জীৱনাে সুনির্দিষ্ট পথত আগবাঢ়িব নােৱাৰে।

আগবাঢ়িলেও পদে পদে নানান বিপদ আৰু অসবিধাৰ সন্মুখীন হ’বলগীয়া হয়; সানকি সঠিকভাৱে জীৱন গঢ়াতাে ব্যর্থ হােৱাৰ ভয় থাকে।

লক্ষ্য স্থিৰ কৰাৰ আৱশ্যকতা :

আকাংক্ষা মানুহৰ জীৱনৰ এটি সহজাত প্রবৃতি। দুখীয়া-নিচলা, খুজিখােৱা মগনীয়াও আকাংক্ষা কৰে এদিন সিহঁতৰ অৱস্থা ভাল হ’ব, দুখৰ দিন আঁতৰিব।

খেতিয়কে ভাবে তেওঁলােকে খেতিৰ পৰা অধিক উৎপাদন লাভ কৰিব; টকা-পইচা অলপ অলপকৈ সাঁচি হলেও মাটি-বাৰী বঢ়াব; হালােৱা গৰুৰ সলনি টেক্টৰ আদি ল’ব পাৰিব। কম টকাৰে আৰম্ভ কৰা ব্যৱসায়ীয়েও আকাংক্ষা কৰে ব্যৱসায়ৰ জৰিয়তেই তেওঁ এদিন লাখপতি হ’ব।

ছাত্র-ছাত্রীসকলেও ভাবে পঢ়ি শুনি ডাঙৰ মানুহ হ’ব; ভাল চাকৰি কৰিব, সা-সম্পত্তি, গাড়ী-মটৰ ঘটিব। পিছে এই আকাংক্ষা মনত পুহি থাকিলেই ই পূৰ নহয়।

তেনে হ’বলৈ সঠিকভাৱে জীৱনত লক্ষ্য কৰি লব লাগিব আৰু যেতিয়াই তেনে ভাৱে লক্ষ্য কৰি লােৱা যায় তেতিয়াই সেই লক্ষ্যত উপনীত হ’বলৈ মনত আৰু দেহত কঠোৰ দৃঢ়তা আৰু প্ৰেৰণা আনি দিয়ে। মনৰ দৃঢ়তা আৰু প্ৰেৰণাই হৈছে জীৱনৰ উন্নতিৰ মূলমন্ত্র।

মােৰ লক্ষ্য আৰু আদর্শ :

ওপৰৰ এই সমূহ কথা চিন্তা কৰি কিছু জনা-বুজা হােৱাৰে পৰাই মই মােৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈছাে। আজিকালিৰ দিন আগৰ দিনৰ দৰে নহয়।

আগতে এনে আছিল কি কৰাে, কি হ’ম, পিছৰ কথা, প্রথমে কিছু পঢ়ি শুনিয়েই লওঁচোন। জীৱনৰ কোনাে লক্ষ্য নােহােৱাকৈ তেনেকৈ পঢ়ি শুনিয়েই সেই সময়ত ঘপকৰে মনােমত চাকৰিও পাইছিল অথবা জীৱিকাৰ উপায়াে পাইছিল।

কোনাে বহি থাকিবলগীয়া নহৈছিল। বর্তমান সেইদিন নাই। ভালদৰে পঢ়া-শুনা কৰিও আজিৰ অনেক ল’ৰা-ছােৱালীয়ে।

জীৱিকাৰ উপায় নােপােৱা হৈছে। কিন্তু যােগ্যভােগ্য বসুন্ধৰা,- এই কথাত সাৰােগত কৰি মই মােক এনেভাৱে যােগ্য কৰি তুলিম বুলি ভাবিছোঁ যাতে মই কোনাে প্রকাৰেই কাৰাে বােজা বা সমস্যা হৈ নপৰাে।

নিজৰ লগতে আন দহজনেও যাতে জীৱিকাৰ উপায় পায় তাৰ চিন্তা কৰিছোঁ। মােৰ জীৱনৰ লক্ষ্য হল এজন উপযুক্ত শিক্ষক হােৱা। মই দেখি শুনি বুজিব পাৰিছোঁ এজন উপযুক্ত শিক্ষক হােৱা একেবাৰে সহজ কথা নহয়। উপযুক্ত শিক্ষক হ’ব লাগিলে অনেক গুণৰ প্রয়ােজন।

সেই গুণবােৰ হ’ল কর্ম তৎপৰতা, বিনয়ী, সহনশীল, ধীৰ-স্থিৰ, সময়নিষ্ঠতা, গভীৰ অধ্যয়নশীল, বিষয়-জ্ঞান গভীৰতা, মৰমিয়াল, সহযােগী মনােভাব, নি পিপাসু, ব্যক্তিত্বসম্পন্ন আদি।

এনেবােৰ গুণ আহৰণ কৰিব লাগিলে কঠোৰ সাধনা যত্নৰ প্রয়ােজন। আজিকালি দেখিছাে এনে গুণসম্পন্ন প্রকৃত শিক্ষক খুব কমেইহে পোৱা যায়।

ৰাজনৈতিক হস্তক্ষেপত একেবাৰে অৰ্হতাহীন কোনাে কোনাে লােককো শিক্ষক শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিছে। ইয়াৰ ফলত শিক্ষাৰ অপচয় ঘটিছে, ছাত্র-ছাত্রীসকল সুশিক্ষা লাভৰ পৰা বঞ্চিত হৈছে, তেওঁলােকে প্রকৃত পথেৰে আগবঢ়াত অসুবিধা পাইছে; অৱশ্যে তাৰ মাজতে অনেক গুণী-জ্ঞানী শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আছে, যাৰ সহায়ত অনেক জীৱনত সুশিক্ষা লাভ কৰি সুপথে গতি কৰিব পাৰিছে।

মই তেনে এজন গুণী-জ্ঞানী শিক্ষক হ’ম বুলি লক্ষ্য স্থিৰ কৰি লৈছোঁ।তেনে গুণীজ্ঞানী শিক্ষক হ’ব লাগিলে যে কঠোৰ অধ্যয়ন লাগিব, কঠোৰ সাধনা লাগিব এই কথা বুজিয়েই পাঠ্য-পুথিৰ বিষয়জ্ঞানকে ভিতৰ কৰি সাময়িক বাহ্যিক জ্ঞান সমূহহা খৰচি মাৰি বুজিবলৈ, জানিবলৈ, আহৰণ কৰিবলৈ চেষ্টা কৰিছোঁ।

অর্থ আৰু সামর্থ্যই যিমানলৈকে আটে সিমানলৈকে পঢ়ি মই উপযুক্ত অহ আহৰণ কৰিম। শিক্ষকতা সময়ত যথেষ্ট অধ্যয়নপুষ্ট হ’ম। অধ্যয় কার্য মােৰ এৰাব নােৱৰা নিত্য কার্য হ’ব।

পাঠদান কৰিবলগীয়া বিষয়সমূহ আগতীয়াকৈ পুংখানুপুংখভাৱে পঢ়ি বা বুজিহে শ্ৰেণীত সােমাম। কোনাে কথাত ছাত্র-ছাত্রীক মিছা কথা কৈ ভান্দিবলৈ চেষ্টা নকৰিম।

শিক্ষক হলেই যে সকলাে কথা জানে এনে নহয়। শ্ৰেণীত পাঠ দান কৰোঁতে বা ছাত্র-ছাত্রীৰ লগত আলাপআলােচনা কৰোঁতে ছাত্র-ছাত্রীয়ে জানিব বিচৰা কোনাে কথাৰ উপযুক্ত উত্তৰ দিব নােৱাৰিলে সহজভাৱে নিজৰ অজ্ঞতা প্রকাশ কৰি তাক চাই-চিতি পিছত ক’ম বুলি ছাত্র-ছাত্ৰীক কৈ থম আৰু পিছত জানি-বুজি ছাত্র-ছাত্রীৰ সেই প্রশ্নৰ উত্তৰ দিম।

তাকে নকৰি অনেকে আকৌ নিজে নজনাটো নেদেখুৱাই চালে বেৰে লগােৱা একোটা উত্তৰ দি থৈ ছাত্র-ছাত্রীক ভান্দিবলৈ বিচাৰে। ই বৰ অন্যায় কাম। মই তেনে কাম নকৰিম।

কথাতে কয় – নজনাটো একো লাজৰ কথা নহয় কিন্তু জানিবলৈ চেষ্টা নকৰাটোহে ডাঙৰ লাজৰ কথা। সকলাে কথাতে ছাত্র-ছাত্রীৰ লগত সহযােগী আৰু মৰম-চেনেহৰ ভাবেৰে চলিম। সকলাে ছাত্র-ছাত্রী মােৰ চকুত সমান হ’ব।

মােৰ কোনাে ক্ষেত্ৰতে যাতে ছাত্র-ছাত্রীয়ে দুর্বলতা দেখিবলৈ নাপায়, তাৰ বাবে মই সততে সতর্ক হৈ চলিম। মদ, ভাং, বিৰি, চিগাৰেট আদি সেৱন কৰা শিক্ষকৰ বাবে মই ভাবাে একেবাৰে অনুচিত। তথাপি কোনাবাই তেনে কৰিলেও ছাত্র-ছাত্রীৰ অজ্ঞাতেহে কৰা উচিত।

মই ইয়াৰ পৰা বিৰত থাকিম। উপযুক্ত শিক্ষকৰ উপযুক্ত শিক্ষাৰেহে ল’ৰা-ছােৱালী ভৱিষ্যৎ উপযুক্ত মানুহ হ’ব পাৰে, এই কথা মই সততে মনত ৰাখি নিজ কর্তব্য কৰি যাম। সমাজ আৰু অভিভাৱকৰ লগত সততে সৎ সম্পর্ক ৰক্ষা কৰি চলিম।

দেশৰ একেবাৰে নিম্নস্তৰৰ চাকৰিয়ালৰ পৰা উচ্চস্তৰ চাকৰিয়াললৈকে, নেতাৰ পৰা মন্ত্ৰীলৈকে সকলােকে শিক্ষা দান কৰে শিক্ষকেই। গতিকে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য অতি পবিত্র আৰু মহান। শিক্ষক হিচাপে এই কথা মই সততে মনত ৰাখিম।

সামৰণি :

শিক্ষক অতি গুণসম্পন্ন হ’ব লাগে যদিও, শিক্ষকতা এটা অতি দায়িত্বপূর্ণ আৰু মহান কাম যদিও সমাজত এতিয়াও এটা ধাৰণা আন চাকৰি নাপাইহে শিক্ষকতা কৰিছে; আনকি শিক্ষক বুলি এচাম লােকে ছােৱালী দিবলৈকে ইচ্ছা নকৰে।

ইয়াৰ কাৰণ হ’ল শিক্ষকসকলে ভেটি নাখায়, অন্যায় টকা আহৰণ নকৰে, সহজ-সৰল জীৱন-যাপন কৰে। আজিৰ বিলাসী জগতত এনেস্থলত এইচাম চাকৰিয়ালৰ স্থানেইবা ক’ত এনে ধাৰণা কিছুমানৰ।

এই ধাৰণা আঁতৰ কৰিব পৰা যাব সকলাে শিক্ষকে মহান দায়িত্ব আন্তৰিকতাৰে পালন কৰি সমাজৰ সকলাে স্তৰৰ লােককে আকর্ষণ কৰিব পাৰিলে।

0Shares

Leave a Comment

Exit mobile version