১০ বছৰত নেপালে ভাৰতলৈ ৰপ্তানি কৰিব ১০ হাজাৰ মেগাৱাট বিদ্যুৎ

কাঠমাণ্ডু, : অহা ১০ বছৰত নেপালে ভাৰতলৈ ১০ হাজাৰ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰিব।

এই সন্দৰ্ভত দেশখনে ভাৰতৰ সৈতে এখন দীৰ্ঘম্যাদী চুক্তি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ আৰু নেপালৰ | বৈদেশিক মন্ত্রী এন পি সউদে কালি তিনিটা ক্ৰছব’ৰ্ডাৰ টেঞ্চমিছন লাইন উদ্বোধন কৰে।

দুদিনীয়া ভ্রমণসূচীৰে জয়শংকৰ নেপাললৈ আহিছে। ভাৰতৰ শক্তি সচিব পংকজ আগৰৱাল আৰু নেপালৰ শক্তি সচিব গোপাল সিগদেলে দ্বিপাক্ষিক চুক্তিখনত স্বাক্ষৰ কৰে ।

নেপাল-ভাৰত যুটীয়া আয়োগৰ সপ্তম বৈঠকৰ সময়ত চুক্তিখনত স্বাক্ষৰ কৰা হয়। পুনৰ নবীকৰণযোগ্য শক্তিত সহযোগিতাৰ বাবে নেপাল বিদ্যুৎ প্ৰাধিকৰণ আৰু ভাৰতৰ এন টি পি চিৰ মাজত বুজাবুজিৰ চুক্তি এখনতো স্বাক্ষৰ কৰা হয়।

ছ’চিয়েল মিডিয়াত জয়শংকৰে কয় যে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰা হয়।

নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহালে চুক্তিখনক নেপালৰ শক্তি খণ্ডত এক উল্লেখযোগ্য সফলতা বুলি অভিহিত কৰে। নেপালৰ বিদেশ মন্ত্ৰালয়ে কয় যে নেপাল-ভাৰতৰ আলোচনাত উভয় দেশৰ সম্পৰ্কৰ বিভিন্ন দিশ আলোচনা কৰা হয়।

0Shares

Leave a Comment

Exit mobile version