নতুনৰ আৱাহন | অসমীয়া কবিতা 2024

কৃষ্ণালী দেৱী

নতুনৰ গজালি মেলে, পুৰণিৰ বুকুতে
বন্ধু তুমি জানানে?
হেঁপাহবোৰ হুমুনিয়াহ নহয় যাতে
আশাৰ কঠীয়াবোৰ গঠীয়া নালাগে,
তাৰ কিটিপটো শিকি ল’বা অতি গোপনে।
পুৰণি এলান্ধুবোৰ চাফ কৰি থ’বা
মনৰ বৰঘৰ ধুই কৰা নিকা,
তেহে জ্বলাবা থাপনাত বস্তিগছি,
বজাবা নতুনক আদৰাৰ মংগলধ্বনি ।।

More Poem

0Shares

Leave a Comment

Exit mobile version