ৰম্ভা দেবী
পুৱাৰ কোমল ৰ’দজাকে মোৰ
শোৱা কোঠাৰ খিৰিকীৰে আহি
শেতেলীত পৰশৰ চুমা যাচিলে
সকীয়নি দিয়াৰ ছলেৰে এটা নতুন
পুৱাক কেনেদৰে জনাব প্ৰীতিভৰা
সম্ভাষণ,
জাগ্ৰত হোৱা সুখী হোৱা আলোক পথৰ
সন্ধানী লোক
গাঁৱলীয়া বাটেৰে লুইতৰ
ঘাটেৰে পৃথিৱী চাবলৈ যাওঁ ।
ক্ষণস্থায়ী মানৱ জীৱনত মৃত্যু অবশ্যম্ভাবী
তথাপি প্রিয়জনৰ সহযাত্ৰাত অপৰিসীম
কষ্ট, ত্যাগৰ বিনিময়ত নিৰ্মাণমুখী হৈ উঠক
পুনৰ গৃহসমূহ বিস্তাৰিত কৰি নিৰ্মাণ
দৰে সৃষ্টি জগতখনিত প্ৰেমৰ বৰষা
নামক দুটি মন এটি হৈ।
ভূমিকম্পৰ অগ্নিপাতত স্নান কৰি
নতুন পোহৰৰ বন্দনা কৰিবলৈ
নৱপ্ৰজন্মই সৃষ্টিৰে এই সময় নতুন
যাত্ৰাৰে যাত্ৰী হওক
তৰাটিৰ কাম হৈছে পোহৰ বিলোৱা
ন সৃষ্টিৰে সকলোকে হাঁহি বিৰিঙোৱা ।
More Poem