নতুন পোছাক | অসমীয়া কবিতা 2024

অমূল্য চেতিয়া

প্রাপ্তি-অপ্রাপ্তিৰ স্বীকৃতিৰে
সুখ-দুখৰ সংমিশ্ৰণত,
জীৱনে যি দি যায়
তাতে হৈ পৰোঁ সুখী,
সময়ৰ টিকনি দূৰ সীমনাত
চেষ্টা কৰা নাই ত্রুটি
ভাগৰি পৰা নাই
যদিও চিনাকি হৈ পৰিল অচিনাকি
সফলতা-বিফলতাক একাষৰীয়া কৰি
সময়ৰ উপহাৰ বুকুতে ৰাখি,
গাই যাব বিচাৰো আশাবাদৰ গান
যদিও দুখীয়া নিচলা বিষাদী পৰাণ
ভংগুৰ স্বপ্ন সমাধিস্থ পণ
নতুনত্বৰে কৌমুদীৰ আগমন,
অকৃত্রিম আত্মীয়তাই সিঁচিলে মৰম
বচ্ আৰুনো কি লাগিছে
এয়াইতো জীৱন,
পিন্ধিবলৈ সাজো নৱ পোছাক ।

0Shares

Leave a Comment

Exit mobile version