নৱবৰ্ষৰ নৱচেতনা | অসমীয়া কবিতা

ড° ইকবাল হোচেইন খান

নৱ নৱ সুৰ
নৱ নৱ গান
বিশালতাৰ আকাশত উৰিব বিশ্বাসৰ পতাকা, প্ৰগতিৰ পতাকা
দূৰ হ’ব আইৰ শংকা
প্রতিষ্ঠা হ’ব নিৰাপদ জীৱনৰ কবিতা
মর্যাদা তাৰে নাম ৷

পথাৰে পথাৰে কৰ্ম
চুক্তি হৃদয়ৰ
তাৰে নাম হওক জীৱন
জীবন যে সুন্দৰৰ তান ।

নৱ নৱ সুৰ
নব নব গান
চুক্তি হওক হৃদয়ৰ ভাষা
তেতিয়াই যুগমীয়া হ’ব আইৰ হাঁহি
অজুহাত নেথাকিব
কর্মই যে ধৰ্ম ।

চুক্তিত থাকক কবিতাৰ কথা,
জীৱনৰ কথা,
সুন্দৰৰ কথা,
সমন্বয়ৰ কথা,
কৰ্মৰ কথা ।

হেনৱবৰ্ষ, চুক্তি হোৱা
প্ৰগতি হোৱা
হৃদয়ৰ ভাষা হোৱা
হৈ থাকা চিকমিক সোনালী
আইৰ হাঁহি
সমন্বয়ৰ মালতী
তুমি যে নৱবৰ্ষ
হৃদয়ে হৃদয়ে বোৱাই দিয়া
মানৱীয় চেতনা ।

0Shares

Leave a Comment

Exit mobile version