পাকিস্তানত আইছিছৰ ভাবুকি

সন্ত্ৰাসবাদী সংগঠন আই এছআই এছে পাকিস্তানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে।

পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে এই তথ্য চিনেট (ৰাজ্যসভা)ক দিয়ে। মন্ত্ৰালয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আফগানিস্তান এৰি যোৱাৰ পিছত, তাত থকা শক্তিয়ে সন্ত্রাসবাদী সংগঠন তেহ ৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ৰ ওপৰত লাগাম পেলোৱাত ব্যৰ্থ হৈছে।

তেহ ৰিক তালিবান পাকিস্তান টিটিপিয়ে ইয়াৰ শক্তি বৃদ্ধি কৰিবলৈ আন সন্ত্ৰাসবাদী সংগঠনৰ পৰা সহায় লৈছে। যোৱা কেইবাদিনো ধৰি পাকিস্তানৰ খাই বাৰ পাখতুনখোৱাত টিটিপি সন্ত্ৰাসবাদীৰ কার্যকলাপ যথেষ্ট বৃদ্ধি পাইছে। বেলুচিস্তানতো টিটিপিৰ উপস্থিতি আছে।

সন্ত্রাসবাদী সংগঠনটোৱে সমগ্র দেশতে ইয়াৰ নেটৱৰ্ক বিয় পাই । ফলস্বৰূপে ইয়াৰ ফলত পাকিস্তানত ইছলামিক ষ্টেটৰ উপস্থিতিৰ আশংকা বৃদ্ধি পাই ছে।

আই এছ আই এছে সাম্প্রদায়িক সংঘর্ষ সৃষ্টি কৰিবলৈ চিয়া আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত সন্ত্ৰাসবাদী আক্রমণ চলাই থকা বুলিও সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ ।

0Shares

Leave a Comment

Exit mobile version