ৰাছিয়াই আৰম্ভ কৰিব তৃতীয় বিশ্বযুদ্ধ

জার্মানিয়ে আশংকা কৰে যে ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধ আৰম্ভ কৰিব পাৰে। জার্মানিৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গোপনীয় নথি-পত্ৰত হাত দিবলৈ কিবা প্ৰকাৰে সক্ষম হোৱা ‘বিল্ড’ নামৰ বাতৰিকাকতখনে সেই নথি-পত্ৰবোৰৰৰ ভিত্তিত এই বাতৰি প্ৰকাশ কৰিছে।

বাতৰিকাকতখনে দাবী কৰে যে ৰাছিয়াই অহা বছৰ নাটোৰ মিত্ৰ দেশসমূহক আক্ৰমণ কৰি ইউক্রেইনৰ যুদ্ধৰ প্ৰসাৰ ঘটাব পাৰে আৰু তাৰ ফলত তৃতীয় বিশ্ব যুদ্ধ আৰম্ভ হোৱাৰ আশংকা আছে।

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ দুবছৰ হোৱাৰ সময়তে কাকতখনে এই বাতৰি প্ৰকাশ কৰিছে। কিন্তু ৰাছিয়াৰ বিষয়াসকলে ‘বিল্ড’ৰ বাতৰিটো সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে আৰু বাতৰিটো ‘ভুৱা’ বুলি কয়।

বাতৰিটোত লগতে অভিযোগ কৰা হৈছে যে ইউৰোপৰ সশস্ত্র বাহিনীসমূহ ৰাছিয়াৰ সম্ভাব্য আক্ৰমণৰ বাবে সাজু হৈছে। নাটোৰ মিত্ৰ দেশসমূহত ৰাছিয়াই চাইবাৰ আক্ৰমণকে ধৰি বিভিন্ন আক্রমণ চলাব পাৰে বুলি সন্দেহ কৰা হৈছে।

জার্মান প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ উদ্ধৃতি দি কাকতখনে কয় যে জার্মানিয়ে হাজাৰ হাজাৰ সৈন্য সাজু কৰিছে।

কাৰণ কেইসপ্তাহমানৰ পাছতে উত্তেজনা বৃদ্ধি পাব আৰু তেতিয়া সৈন্যসকলক যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হ’ব।

0Shares

Leave a Comment

Exit mobile version