স্মৃতি | অসমীয়া কবিতা 2024

দীপ্তিমণি গোস্বামী

আহে আৰু যায়
নতুন পুৰণি হয়
সৰাপাতৰ দৰেই নিশ্চিহ্ন হয়
হেৰাই যায় সময়ৰ বলুকাত।
যদি অক্লান্ত সাধনাৰে
মানস কৰা হয়,
পাহৰণিও সোঁৱৰণি হৈ ৰ’ব।
সৰাপাতে বাঢ়ি অহা বৃক্ষত সাৰ যোগোৱাৰ
দৰে
পাহৰণিবোৰো সোঁৱৰণিৰ বুকুত পলস হৈ
ৰ’ব।
অতীত হ’বলৈ গৈ থকা
বালিচৰত আলফুলে বোটলা সোণৰ
চেঁকুৰাবোৰ
বৰ্তমানৰ সেউজী আকাশত
মন পথাৰৰ ঝাওঁকনৰ মাজত
সোণৰ স্মৃতিসৌধ হৈ জিলিকি ৰ’ব ।
সকলোলৈকে ইংৰাজী নতুন বছৰৰ
আন্তৰিক শুভকামনাৰে,
সকলোৰে কৰণী ভৰপূৰ হওক
সুখ, সমৃদ্ধি, শান্তিৰ জোৱাৰে।

0Shares

Leave a Comment

Exit mobile version