শ্রেষ্ঠ চুটি ছবি ‘পাহি’ শ্রেষ্ঠ তথ্যচিত্র ‘গামোচা’

আন্তঃৰাষ্ট্ৰীয় ডিজিটেল ফিল্ম মেকিং প্রতিযোগিতাত উজলিল গুৱাহাটীৰ শিল্পী

আন্তঃৰাষ্ট্ৰীয় ডিজিটেল ফিল্ম মেকিং প্রতিযোগিতাত গুৱাহাটীৰ চুটি ছবি ‘পাহি’য়ে লাভ কৰিলে সোণৰ পদক

পাহি’য়ে শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰা ২০ সংখ্যক ‘24FPS ইণ্টাৰনেচনেল এনিমেচন এৱাৰ্ডছ‘ প্রতিযোগিতাত ফিলিপিন্‌ছ, থাইলেণ্ড, অষ্ট্ৰেলিয়া, ব্ৰিটেইনকে ধৰি বিভিন্ন ঠাইৰ ১৭০টা প্রতিষ্ঠানে অংশগ্রহণ কৰিছিল।

‘ডিজিটেল ফিল্ম মেকিং’ শাখাত সোণৰ পদক লাভ কৰা ‘পাহি‘ নামৰ চুটি ছবিখন নির্মাণ কৰিছে গুৱাহাটীৰ ‘মায়া একাডেমী অৱ এডভান্সড্ চিনেমেটিক’ (মেক)ৰ চানমাৰি শাখাই।

এই প্রতিযোগিতাত ‘মেক’ৰ পাণবজাৰৰ শাখাই নিৰ্মাণ কৰা ‘গামোচা’ই শ্রেষ্ঠ তথ্যচিত্ৰৰ সোণৰ পদক অর্জন কৰে।

উল্লেখ্য, শিশু শ্রমিকৰ সপোনক লৈ নিৰ্মাণ কৰা চুটি ছবিখন ‘পাহি’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কণমানি শিল্পী স্পৃহা নেওগে

স্পৃহা নেওগ গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী তথা অভিনেত্রী, আকাশবাণী গুৱাহাটীৰ নাটক বিভাগৰ শিল্পী জুমু ভূঞাৰ জীয়ৰী

২২ ডিচেম্বৰৰ নিশা মুম্বাইত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়।

২০০৩ চনৰ পৰা অনুষ্ঠিত এই প্রতিযোগিতা এনিমেচন আৰু ভিজুৱেল ইফেক্টৰ ক্ষেত্ৰখনত বিশেষভাৱে সন্মানীয়।

এইবাৰ ‘ডিজিটেল ফিল্ম মেকিং‘ শিতানত শ্ৰেষ্ঠত্বৰ দৌৰত আছিল সাতখন ছবি।

মুম্বাইৰ আন্ধেৰী ৱেষ্টৰ ‘A Perfect Birthday‘, মুম্বাইৰ থানে বেষ্টৰ বাত কৰতে হ্যোঁ, গুৱাহাটীৰ চানমাৰিৰ ‘পাহি’, গুৱাহাটীৰ চানমাৰিৰ ‘ৰিয়েলিটী’, গুৱাহাটীৰ পাণবজাৰৰ গামোচা, কলকাতাৰ চৌৰাংগীৰ ‘শর্টকাট’ আৰু দিল্লীৰ ছাউথ ষ্টেচনৰ ‘লাড্ডু’।

0Shares

Leave a Comment

Exit mobile version