তোমাক এবাৰ চুই চাবৰ মন Assamese poem

মিতু গোস্বামী

ৰৈ আছোঁ জুৰিটিৰ পাৰত,
তোমাৰ চকুত চকু থৈ
তোমাক এবাৰ চুই চাবৰ মন।

হিয়াৰ দাপোণত তোমাৰ ছবি
মিচিকিয়া লাজৰ হাঁহি মাৰি
তল মূৰ কৰি আহিবা তুমি
মোৰ প্ৰেমৰ সাগৰখনত
আহি সাঁতুৰিবা বুলি।

তোমাক এবাৰ চুই চাবৰ মন
তোমাৰ সেওঁতাত সেন্দূৰৰ
ৰঙা ৰং বুলাই দিবলৈ,
জুৰিৰ দাপোণত তোমাৰ মুখত
জোনাকৰ হাঁহি বিৰিঙাই
জিলমিল ৰ’দত আঁকোৱালি লবলৈ।

0Shares

Leave a Comment

Exit mobile version