টোপনিত সুগন্ধই মগজুক অধিক সক্রিয় কৰে

মগজুৰ সক্ৰিয়তা হ্রাস পোৱাটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়টোক বিজ্ঞানীসকলে দীর্ঘদিন গৱেষণা তথা অধ্যয়ন কৰি আহিছে।

সেইটো প্ৰতিৰোধ কৰিব পাৰিলে স্মৃতিশক্তি লোপ পোৱা তথা ডিমেনছিয়াৰ দৰে ৰোগৰ সমাধান পোৱা যাব।

মগজুক সক্রিয় কৰি ৰখাৰ বাবে ঔষধ ব্যৱহাৰৰ কথাও প্ৰায়ে কোৱা হয়, কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে এই দিশত আশাৰ বতৰা কঢ়িয়াই আনিছে। এই অধ্যয়নটো কৰিছিল কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে।

তেওঁলোকে জানিব পৰা মতে শোৱাৰ সময়ত বতাহত থকা কিছুমান সুগন্ধই মগজুক ক্ষিপ্ৰ কৰাত সহায় কৰে। ফ্রণ্টিয়াৰ্ছ ইন নিউৰ’ছায়েন্সত এই বিষয়ে এটা অধ্যয়ন প্রকাশ পাইছে।

অধ্যয়নটোত তেওঁলোকে শোৱাৰ সময়ত বতাহত থকা সুগন্ধই মগজুক অধিক সক্রিয় তথা ক্ষিপ্ৰ কৰি তোলাত সহায় কৰাৰ স্পষ্ট প্রমাণ পোৱা বুলি কয়।

তেওঁলোকে লাভ কৰা তথ্য অনুসৰি মানুহ শুই থকাৰ সময়ত বতাহত বিয়পা সুগন্ধই মগজুৱে জ্ঞান সম্পর্কীয় কাম-কাজ উন্নতভাৱে কৰিবলৈ লয়।

ইয়াৰ ফলত মগজুৰ স্মৃতিশক্তি আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা থকা অংশটোৰ সৈতে স্নায়ৱিক সমন্বয় অধিক বৃদ্ধি পায়। তেওঁলোকে এই অধ্যয়নটো কৰিছিল ৬৯-৮৫ বছৰ বয়সৰ ৪৩জন পুৰুষ আৰু মহিলাক লৈ।

0Shares

Leave a Comment

Exit mobile version