উইজডেনৰ বৰ্ষশ্রেষ্ঠ এদিনীয়া দলত ভাৰতৰ ৭জন

2023 বৰ্ষৰ এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ দলটো ঘোষণা কৰিছে ক্ৰিকেটৰ বাইবেলখ্যাত উইজডেনে।

দলটোৰ সাতজন সদস্যই হৈছে ভাৰতৰ। বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ আছে দুজন।

নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ আছে এজনকৈ ক্রিকেটাৰ। বৰ্ষশ্রেষ্ঠ এদিনীয়া দলটোৰ অধিনায়ক হিচাপে নিৰ্বাচন কৰা হৈছে ৰোহিত শর্মাক।

উল্লেখ্য, ২০২৩ বৰ্ষত ভাৰতত অনুষ্ঠিত ৫০ অভাৰৰ বিশ্বকাপ ক্রিকেটত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলেটোৱে ক্রমাগত দহখন খেলত জয়ী হৈ ফাইনেলত উপনীত হৈছিল যদিও অস্তিম যুঁজত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়াৰ হাতত।

তথাপি দলটোৰ সাতজন ক্রিকেটাৰে স্থান পালে বর্ষশ্রেষ্ঠ এদিনীয়া দলটোত। বৰ্ষশ্রেষ্ঠ দলটো হৈছে : ৰোহিত শর্মা (অধিনায়ক), ট্রেভিছ হেড, বিৰাট কোহলি, ডেৰিল মিচেল, হেনরিচ ক্লাছেন, প্লেন মোরেল, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামি, যশপ্রীত বুমৰা, কুলদীপ যাদৱ আৰু মহম্মদ ছিৰাজ।

0Shares

Leave a Comment

Exit mobile version