সেই মানুহবোৰ | অসমীয়া কবিতা

বিকাশ শর্মা

চোতালত বেলিয়ে ভৰি পাৰি দিয়াৰ পৰত
সেই মানুহবোৰে বিচাৰি যায় জীৱনৰ অৰ্থ
সেই মানুহবোৰে পুৰণি কুঁৱা এটাত মুখ চাই
দিনটোক চিকুণ কৰে
সেই মানুহবোৰে পথাৰখনক দি গৈছে পকা ধানৰ জীৱন
সেই মানুহবোৰে বিচাৰি থাকে অতীত, বৰ্তমান আৰু ভবিষ্যত

সেই মানুহবোৰে ভ্ৰমণ কৰে এটা জলমগ্ন পুৱাত
সেই মানুহবোৰে জীয়াই থাকে আনৰ সুখত অথবা দুখত
সেই মানুহবোৰে কটায় এটা দুর্ভিক্ষ দিন
সেই মানুহবোৰে ভোকৰ বাবে চাউলক চিৰা বুলি খায়

সেই মানুহবোৰে এন্ধাৰৰ শব্দ এটাত জোখে
চৰাইবোৰৰ টোপনি
সেই মানুহবোৰে সপোনত আশীষ লয় ভগৱানৰ
সেই মানুহবোৰে সুৰাৰ পিয়লা হাতত লৈ
ঘর্মাক্ত দিনৰ হুমুনিয়াহ কাঢ়ে

সেই মানুহবোৰৰ বাবে এটা দিন আহক
যিটো দিনত মানুহবোৰে চিকুণ কৰিব এটা স্বপ্নৰ ৰাতি
আৰু বিচাৰি আনক সুখী দিনৰ কেইটোপালমান মধুৰ সময়।

0Shares

Leave a Comment

Exit mobile version