স্মৃতিশক্তি, হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে শিলিখাই

শিলিখা

এতিয়া শিলিখাৰ বতৰ। শিলিখাৰ ভালেমান ঔষধি গুণ আছে। আয়ুৰ্বেদত ভালেমান ৰোগ উপশমৰ কাৰণে শিলিখা ব্যৱহাৰ কৰা হয়।

বর্তমান আমি গছৰ পৰা সৰা কেঁচা শিলিখা খাব পাৰে। কিন্তু শিলিখা শুকুৱাই থৈ বা গুড়ি কৰি সমগ্ৰ বছৰটো আমি খাব পাৰে।

শিলিখাত ভিটামিন চি, ভিটামিন কে, এমিনো এচিড মেগনেচিয়াম, ফ্লেভেনয়ড আৰু এন্টিঅক্সিডেণ্টৰ দৰে দ্ৰব্য প্ৰচুৰ পৰিমাণে পোৱা যায়।

শিলিখা ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ পৰা আৰম্ভ কৰি হজম শক্তি বৃদ্ধি কৰালৈকে বিভিন্ন কাৰণত আমাৰ শৰীৰৰ বাবে উপকাৰী।

নিয়মীয়াকৈ শিলিখা খালে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। ইয়াৰ উপৰি পেটত হোৱা ঘা, গেছ, ভোক নলগা, পেট ফুলি থকাৰ দৰে সমস্যাৰ পৰা সকাহ দিয়াত শিলিখাই সহায় কৰে । শিলিখা বহুমূত্ৰ ৰোগীৰ বাবেও উপকাৰী।

শিলিখাৰ হাইপ’গ্লাইছেমিক গুণ আছে, যি হঠাতে ইনছুলিন বৃদ্ধি পোৱাতো আৰু তেজত থকা শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে।

নিয়ম অনুসৰি নিয়মীয়াকৈ শিলিখা খালে বাৰে বাৰে পিয়াহ লগাৰ সমস্যাৰ লগতে ঘনাই মূত্রত্যাগ দৰে সমস্যা সমাধানত সহায় কৰে বুলি বিশেষজ্ঞসকলে প্রকাশ কৰিছে।

আনহাতে অস্ত্ৰত জমা হৈ থকা অদৰকাৰী তথা অনিষ্টকাৰী দ্ৰব্য বাহিৰ কৰাত ই সহায় কৰে। ইয়াৰ লগতে শৰীৰত হৈ থকা জৈৱিক পৰিৱৰ্তন শক্তিশালী কৰাত সহায় কৰে।

আনহাতে শিলিখাই শৰীৰত জমা হোৱা চর্বি নোহোৱা কৰাতো সহায় কৰে। আনহাতে পুৱা শুই উঠাৰ সময়ত শৰীৰ জঠৰ হৈ থকা তথা বিষ অনুভৱ কৰাৰ দৰে বিকাৰ নোহোৱা কৰাতো ই সহায় কৰে।

ই প্রৌঢ়তা প্ৰতিৰোধতো সহায় কৰে। আনহাতে শিলিখাই কফ বাহিৰ কৰাত সহায় কৰে আৰু শ্বসন প্রণালী শক্তিশালী কৰাত সহায় কৰে আৰু কাহ, ব্ৰংকাইটিছকে ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিয়ন্ত্ৰণত সহায় কৰে।

শিলিখাই শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰণালীক শক্তিশালী কৰাত সহায় কৰে।

0Shares

Leave a Comment

Exit mobile version