শীতৰ কেৰল | অসমীয়া কবিতা

ডাঃ বিজুজ জাহান মঙলদৈয়া

ডিচেম্বৰ বৰ প্ৰিয় মোৰ
কিয় জানা
শীত, শীতৰ দিনবোৰ, শীতত ঠেঠুৱা লগা
সময়বোৰ ভয়ানক প্রিয় মোৰ

শীতৰ আভিজাত্যৰ উমত নিজকে চেঁচা কৰি
অনুভৱৰ নৈত সাতুৰি সাতুৰি ডুবো মই
শীতক পালন কৰোঁ বুকুৰ ভিতৰে বাহিৰে

ৰেল ষ্টেচনবোৰ বৰ প্ৰিয় ঠাই মোৰ
কিয় জানা
ৰঞ্জিথা, লখনহঁতক লগ পাওঁ ঘনাই
শীতৰ শেতেলী যেতিয়া ষ্টেচনৰ কৰিডৰ হয়
ফটা কেথা য’ত বিলাসী কম্বল হয়
ভায়েকৰ জ্বৰত নিজৰ একমাত্ৰ ফটা কেবাখনো
ভায়েকৰ গাত হেঁচা মাৰি দিয়ে
ভোকত পেটত বিষে হেঁচা মাৰি ধৰিলেও নিজৰ
এচকল কটি ভনীয়েকৰ হাতত তুলি দি যেতিয়া সুখী
হয়

মোৰ ডিচেম্বৰৰ
মোৰ শীতৰ বিলাসিতাই মোক মাথোঁ কোঙা কৰি
পেলায়

কেইখনমান কম্বল সিহঁতক দিবলৈ মোৰ অলপ সাহস
হোৱাহেঁতেন
আমাৰ দৰে গৰমৰ কাপোৰ কিছুমান সিহঁতক দিবলৈ
মোৰ অলপ বিলাসীতা হোৱাহেঁতেন।

More Poem

0Shares

Leave a Comment

Exit mobile version